চৰকাৰৰ পৃষ্ঠপোষকতাত মহানগৰীৰ মাজেৰে গুজৰাটৰ জামনগৰলৈ সৰবৰাহ কৰা হ’ল ২৮টাকৈ হাতী ! ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া
বি. চি ডেস্ক, ১৯ জানুৱাৰীঃ আৰক্ষীৰ বিশাল কনভয়ৰ মাজত গুৱাহাটীৰ মাজমজিয়াৰে দেওবাৰে বিছখনৰো অধিক এনিমেল এম্বুলেন্সেৰে নিয়া হৈছে হাতী । যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । ক'ৰ পৰা ক'লৈ কি কাৰণত এনেদৰে হাতী বোৰ মহানগৰীৰ মাজেৰে এনিমেল এম্বুলেন্সত নিয়া হ'ল তাৰ কোনো নিশ্চিত তথ্য এই পৰ্যন্ত লাভ কৰিব পৰা নাই যদিও এই সমস্ত ঘটনাই সমগ্ৰ ৰাজ্য খনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উত্থাপিত অভিযোগ অনুসৰি আম্বানীৰ চিৰিয়াখানালৈ অসমৰ পৰা সৰবৰাহ কৰা হৈছে এই হাতী সমুহ।
এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ মাজেৰে গুজৰাটলৈ লৈ যোৱা হৈছে হাতীকেইটা । ২০ খনৰো অধিক এনিমেল এম্বুলেন্সেৰে নিয়া হৈছে হাতী । অৰুণাচলৰ নামচাইৰ পৰা অসমত প্ৰৱেশ কৰিছিল এনিমেল এম্বুলেন্স কেইখনেৰে হাতীকেইটা । তাৰ পাছত গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্স কেইখনেৰে হাতী লৈ যোৱা হয় । এক পক্ষই এই হাতীসমূহ অৰুণাচলৰ পৰা অনা বুলি কব বিচৰাৰ বিপৰীতে আন এটা পক্ষই অসমৰ হাতীক অৰুণাচলৰ বুলি কৈ নিয়াৰ অভিযোগ কৰিছে । অৱশ্যে সমগ্ৰ বিষয়টো স্পষ্ট নহয় ।
অৱশেষত অসম চৰকাৰৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত গুজৰাটৰ জামনগৰলৈ লৈ যোৱা হ’ল অসম আৰু অৰুণাচলৰ ২৮টা হাতী। অৰুণাচলৰ নামচাইৰ পৰা গুজৰাটী বণিয়াই কটকটীয়া নিৰাপত্তা আৱেষ্টনীত হাতীকেইটা অসমৰ মাজেৰে পাৰ কৰি নিয়ে। কিন্তু এনেদৰে বহিঃৰাজ্যলৈ হাতী সৰবৰাহ কৰা প্রক্রিয়াটো কিমান বৈধ তাক লৈ প্রশ্ন উত্থাপন হৈছে। কাৰণ গৰাকীৰ নামত কেতবোৰ ভুৱা নথি-পত্র প্রস্তুত কৰি অনা-অসমীয়া বণিয়াই অসম-অৰুণাচলৰ পৰা হাতী সৰবৰাহ কৰি থকাৰ বহু তথ্য ইতিমধ্যে পোহৰলৈ আহিছে।
ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয় যে, "আচৰিত কথা যে গুজৰাটৰ ৰিলায়েন্স কোম্পানীৰ চিৰিয়াখানাৰ বাবে কিয় আমাৰ হাতীবিলাক নি থাকিব । আমাৰ হাতী বহুত বঢ়া নাই । জংঘল কমাৰ বাবেহে হাতী বঢ়া যেন লাগিছে । বাঢ়িলেও আমি হাতী দিব নোৱাৰো । অসমৰ মানুহৰ অনুমতি নোলোৱাকৈ কেনেকৈ অসমৰ মুখ্যমন্ত্রীয়ে বাহিৰৰ কোম্পানীৰ বাবে এনেদৰে হাতী দিব পাৰে । এইটো কেতিয়াও হ'ব নোৱাৰে । অসমৰ হাতী দিয়াটো বন্ধ কৰক । অন্যথা অসমৰ মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব । জাতীয় সংগঠনসমূহে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে ।"
আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সোণোৱালে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আম্বানী পৰিয়ালৰ চিৰিয়াখানাৰ বাবে অৰুণাচল আৰু অসমৰ পৰা হাতী সৰবৰাহৰ কৰাৰ ঘটনা অতি নিন্দনীয় আৰু অতি ভয়ংকৰ । এই ঘটনা অতি শীঘ্ৰে বন্ধ কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছো । এই ঘটনাৰ আঁৰত এটা ডাঙৰ নেক্সাছ আছে আৰু এই নেক্সাছত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বন বিভাগৰ শীৰ্ষ বিষয়া জড়িত হৈ আছে ।"
তেওঁ লগতে কয়, "আমি কালি দেখিছো যে তিনিচুকীয়া জিলাৰ ডিৰাক গেটৰ পৰা এম্বুলেন্সত হাতী বোৰলৈ
গৈছে । হিমন্ত বিশ্ব শৰ্মাই ক'ত সাহস পালে এনেদৰে পুলিচৰ দাদাগিৰি দেখুৱাই ৰাজপথেৰে হাতী নিব পাৰিছে ।
হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছো যে অতি শীঘ্ৰে এই কাৰ্য বন্ধ কৰিব লাগিব ।
সহজ সৰল লোকক আভুৱাভাৰি এই কাৰ্য সংঘটিত কৰা হৈছে । আমি প্ৰশ্ন কৰিব বিচাৰিছো যে প্ৰধানমন্ত্রী
নৰেন্দ্ৰ মোদী দেশৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধ নে আম্বানী পৰিয়ালৰ প্ৰতি দায়বদ্ধ ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক অসমৰ দায়িত্ব দিয়া হৈছে নে আম্বানী পৰিয়ালৰ অৱসৰ
বিনোদনৰ দায়িত্ব দিয়া হৈছে ।"
আনহাতে আম্বানী পৰিয়ালৰ চিৰিয়াখানাৰ বাবে অৰুণাচল আৰু অসমৰ পৰা হাতী
সৰবৰাহৰ কৰাৰ ঘটনা দেখিও কুম্ভকৰ্নৰ নিদ্ৰাত মগ্ন হৈ থকা তথাকথিত প্ৰকৃতি প্ৰেমী সংগঠন
বুলি ঢোলপিতি ফুৰা সংগঠন সমুহৰ এই ক্ষেত্ৰত কৰণীয় একো নাই নেকি বুলি সচেতনমহলে
প্ৰশ্ন উত্থাপন কৰাৰ লগতে বন্যপ্ৰাণী সুৰক্ষা আইন খন আজিকালি আছেনে নাই বুলি প্ৰশ্ন
কৰে ।
0 coment rios: