Thursday, January 16, 2025

দেশত কাঠফুলাৰ দৰে গজি উঠিছে ভুৱা বিশ্ববিদ্যালয় :ইউ জি চিয়ে শিক্ষাৰ্থীসকলক সতৰ্ক হবলৈ দিছে পৰামৰ্শ

 

দেশত কাঠফুলাৰ দৰে গজি উঠিছে ভুৱা বিশ্ববিদ্যালয় :ইউ জি চিয়ে শিক্ষাৰ্থীসকলক সতৰ্ক হবলৈ দিছে পৰামৰ্শ


নিউজ ডেস্ক, ১৫জানুৱাৰী : সমগ্ৰ ভাৰতত চলি আছে ২১ খন ভুৱা বিশ্ববিদ্যালয় । বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ জি চি) ইয়াৰ শেহতীয়া তালিকা প্ৰকাশ কৰিছে । ডিগ্ৰী প্ৰদানৰ বাবে প্ৰয়োজনীয় আইনী অনুমোদন নথকা এই প্ৰতিষ্ঠানবোৰে শিক্ষাৰ্থীসকলৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে ।

উল্লেখ্য যে এই ভুৱা বিশ্ববিদ্যালয়সমূহ একাধিক ৰাজ্যত মেললি দিছে ভুৱা শিক্ষাৰ দোকানইয়াৰে ভিতৰত আঠখন ভুৱা প্ৰতিষ্ঠানেৰে শীৰ্ষস্থানত আছে দেশৰ ৰাজধানী  দিল্লী । ইয়াৰ পিছত চাৰিখন ভুৱা বিশ্ববিদ্যালয়েৰে উত্তৰ প্ৰদেশ আছে  দ্বিতীয় স্থানত । আনহাতে অন্ধ্ৰ প্ৰদেশ, কেৰালা আৰু পশ্চিমবংগত দুখনকৈ এনে শিক্ষা প্ৰতিষ্ঠানে গঢ় লৈছেকৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু পুডুচেৰীৰ দৰে ৰাজ্যত এখনকৈ এনে প্ৰতিষ্ঠান আছে বুলি ইউ জি চিয়ে প্ৰকাশ কৰিছে

এই বিশ্ববিদ্যালয়বোৰৰ পৰা গ্ৰহণ কৰা ডিগ্ৰী বা উচ্চ শিক্ষা নিযুক্তিৰ বাবে স্বীকৃত নহয় । যাৰ ফলত শিক্ষাৰ্থীসকল ভৱিষ্যতৰ শৈক্ষিক কাৰ্যসূচী বা চাকৰিৰ বাবে অযোগ্য হৈ পৰে । ইয়াৰ উপৰি বহুতো শিক্ষাৰ্থীয়ে মোটা অংকৰ টিউচন মাচুলৰ বাবে আৰ্থিক লোকচানৰো সন্মুখীন হব লগাত পৰে ।

ইউ জি চিয়ে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক সতৰ্ক কৰিবলৈ নিয়মীয়াকৈ এই ভুৱা বিশ্ববিদ্যালয় সমুহৰ শেহতীয়া তালিকা প্ৰকাশ কৰে । লগতে নামভৰ্তিৰ পূৰ্বে ইউ জি চি বা চৰকাৰী ৱেবছাইটৰ জৰিয়তে প্ৰতিষ্ঠানসমূহৰ বৈধতা পৰীক্ষা কৰাৰ বাবে সম্ভাৱ্য শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাৰ ওপৰতো বিষয়াসকলে গুৰুত্ব আৰোপ কৰা বুলি জানিব পৰা গৈছে

ইউ জি চিৰ অধ্যক্ষই এক বিবৃতিত মন্তব্য কৰে, "আমি শিক্ষাৰ্থী আৰু অভিভাৱকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ । এই ভুৱা বিশ্ববিদ্যালয়সমূহে যুৱ শিক্ষা শিক্ষাৰ্থী সকলক মিছা প্ৰতিশ্ৰুতিৰে বিপথে পৰিচালিত কৰি শোষণ কৰে । সেয়ে নামভৰ্তি কৰাৰ পূৰ্বে সদায় শিক্ষানুষ্ঠানসমূহ প্ৰমাণিত কৰিব লাগে"

                                            

ইউ জি চিয়ে লগতে কয় যে, ইউ জি চি আইন, ১৯৫৬ৰ ধাৰা ২২ৰ অধীনত স্বীকৃত বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত নোহোৱা যিকোনো প্ৰতিষ্ঠানৰ ডিগ্ৰী প্ৰদানৰ বাবে অনুমোদন নাই । ভুৱা বিশ্ববিদ্যালয়বোৰে প্ৰায়ে বিভ্ৰান্তিকৰ নামেৰে কাম কৰে, যাৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি হয় । সেয়েহে

শিক্ষাৰ্থীসকলে ইউজিচিৰ অফিচিয়েল ৱেবছাইটত বিশ্ববিদ্যালয়ৰ প্ৰমাণ-পত্ৰ ভালদৰে পৰীক্ষা কৰি লব লাগে লগতে অতিৰঞ্জিত ধন দাবী কৰা বা 'অতি উত্তম আৰু সঁচা' ডিগ্ৰী কাৰ্যসূচী আগবঢ়োৱা প্ৰতিষ্ঠানবোৰ পৰিহাৰ কৰিব লাগে  

ইউ জি চিয়ে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু দেশক এক স্বচ্ছ শিক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ বাবে শিক্ষাৰ্থীসকল সতৰ্ক থাকিব লাগিব আৰু তেওঁলোকৰ শৈক্ষিক যাত্ৰাৰ বাবে প্ৰমাণিত প্ৰতিষ্ঠানসমূহক অগ্ৰাধিকাৰ দিব লাগিব ।

ৰাজ্য ভিত্তিক দেশৰ ভুৱা বিশ্ববিদ্যালয়সমূহ-

 অন্ধ্ৰপ্ৰদেশ                                  

১. খ্ৰীষ্ট নিউ টেষ্টামেণ্ট ডিম্ড ইউনিভাৰ্ছিটী, #32-32-2003, সপ্তম লেন, কাকুমানুভাৰিথোটো, গুন্টুৰ, অন্ধ্ৰপ্ৰদেশ-522002 আৰু ফিট নং 301, গ্ৰেছ ভিলা এপ্টছ, 7/5, শ্ৰীনগৰ, গুন্টুৰ, অন্ধ্ৰপ্ৰদেশ-522002

২. বাইবেল অপেন ইউনিভাৰ্ছিটী অব ইণ্ডিয়া, ঘৰ নং 49-35-26, এন জি অ' কল'নী, বিশাখাপট্টনম, অন্ধ্ৰপ্ৰদেশ-530016

দিল্লী

৩. All India Institute of Public & Physical Health Sciences (AIIPHS) State Government University, কাৰ্যালয় নং 608-609, প্ৰথম মহলা, সন্ত কৃপাল সিং ৰাজহুৱা ন্যাস ভৱন, বিডিঅ' কাৰ্যালয়ৰ ওচৰত, আলিপুৰ, দিল্লী-110036

৪. কমাৰ্চিয়েল ইউনিভাৰ্ছিটী লিমিটেড, দৰিয়াগঞ্জ, দিল্লী

৫. ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয়, দিল্লী

৬. বৃত্তিমূলক বিশ্ববিদ্যালয়, দিল্লী

৭. ADR-Centric Juridical University, এ ডি আৰ হাউছ, 8 জে, গোপাল টাৱাৰ, 25 ৰাজেন্দ্ৰ প্লেচ, নতুন দিল্লী-110008

৮. ভাৰতীয় বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান, নতুন দিল্লী

৯. Viswakarma Open University for Self-Employment, ৰোজগাৰ সেৱাসদন, 672, সঞ্জয় এনক্লেভ, জি টি কে ডিপোৰ বিপৰীতে, দিল্লী-110033

১০. অধ্যাত্মিক বিশ্ববিদ্যালয়, 351-352, ফেজ-I, ব্লক-এ, বিজয় বিহাৰ, ৰিথালা, ৰোহিণী, দিল্লী-110085

কৰ্ণাটক

১১. Badaganvi Sarkar World Open University Education Society, গোকাক, বেলগাম, কৰ্ণাটক

১২. ছেইণ্ট জনছ বিশ্ববিদ্যালয়, কিষাণত্তম, কেৰালা

১৩. ইণ্টাৰনেচনেল ইছলামিক ইউনিভাৰ্ছিটী অব প্ৰফেটিক মেডিচিন (আই আই ইউ পি এম), কুন্নামঙ্গলাম, কোজিকোড, কেৰালা-673571

মহাৰাষ্ট্ৰ

১৪. ৰাজা আৰবী বিশ্ববিদ্যালয়, নাগপুৰ, মহাৰাষ্ট্ৰ

পুডুচেৰী

১৫. শ্ৰী বোধি একাডেমী অব হায়াৰ এডুকেচন, নং 186, থিলাস্পেট, ভাজুথাভুৰ ৰোড, পুডুচেৰী-605009

উত্তৰ প্ৰদেশ

১৬. গান্ধী হিন্দী বিদ্যাপীঠ, প্ৰয়াগ, এলাহাবাদ, উত্তৰ প্ৰদেশ

১৭. নেতাজী সুভাষ চন্দ্ৰ বসু বিশ্ববিদ্যালয় (মুক্ত বিশ্ববিদ্যালয়), আচলতাল, আলিগড়, উত্তৰ প্ৰদেশ

১৮. ভাৰতীয় শিক্ষা পৰিষদ, ভাৰত ভৱন, মাটিয়াৰী চিনহাট, ফৈজাবাদ ৰোড, লক্ষ্ণৌ, উত্তৰ প্ৰদেশ-227105

১৯. মহামায়া কাৰিকৰী বিশ্ববিদ্যালয়, মহৰ্ষি নগৰ, জিলা- জিবি নগৰ, ছেক্টৰ 110ৰ বিপৰীতে, ছেক্টৰ 110, নয়ডা-201304

পশ্চিমবংগ

২০. ইণ্ডিয়ান ইনষ্টিটিউট অব অলটাৰ্নেটিভ মেডিচিন, কলকাতা

২১. ইনষ্টিটিউট অব অলটাৰ্নেটিভ মেডিচিন এণ্ড ৰিচাৰ্ছ, 8-এ, ডায়মণ্ড হাৰ্বাৰ ৰোড, বিল্টেচ ইন, দ্বিতীয় মহলা, ঠাকুৰপুৰকুৰ, কলকাতা-700063


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: