মোডীৰ ডিগ্ৰী বিতৰ্কঃ দিল্লী বিশ্ববিদ্যালয়ে কয়,আৰ টি আইৰ উদ্দেশ্য কেৱল কাৰোবাৰ কৌতুহল পূৰণ কৰা নহয়!
নেচনেল ডেস্ক, ১৫জানুৱাৰীঃ নিজৰ
কৌতুহল পূৰণ কৰাটো তথ্যৰ অধিকাৰ আইনৰ লক্ষ্য নহয়। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
মোডীৰ ডিগ্ৰী বিতৰ্কৰ সময়ত এই কথা প্ৰকাশ কৰে দিল্লী বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনৰ
হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দিল্লী উচ্চ ন্যায়ালয়ত কয় যে আৰ টি আই আইনৰ
বিধান অনুসৰি এই আইনখনৰ উদ্দেশ্য হৈছে তথ্য প্ৰদান কৰা। অৱশ্যে ছলিচিটৰ জেনেৰেলে
কয় যে এই আইনখনৰ উদ্দেশ্য কাৰো ব্যক্তিগত স্বাৰ্থ ৰক্ষা কৰা নহয়।
মোডীৰ ডিগ্ৰী বিতৰ্কক লৈ আৰ টি আইৰ
পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তথ্য আয়োগে ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছে।
আৰ টি আইৰ কৰ্মচাৰীৰ আবেদনৰ ভিত্তিত আয়োগে নিজ নিজ শিক্ষাবৰ্ষত উত্তীৰ্ণ হোৱা
সকলো ছাত্ৰ-ছাত্ৰীৰ তথ্য প্ৰকাশ কৰিবলৈ কয়। এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। সোমবাৰে উচ্চ
ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তৰ আদালতত মেহতাই কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ তথ্য
বিশ্বাসযোগ্য স্থানৰ পৰা বিশ্ববিদ্যালয়ৰ ওচৰত ৰখা হয়। আইনৰ শাস্তিৰ অধীনত কোনো
অচিনাকি মানুহক এই তথ্য প্ৰকাশ কৰিব নোৱাৰি।
ছলিচিটৰ জেনেৰেলৰ মতে বিচৰা তথ্যৰ স্বচ্ছতা
বা জবাবদিহিতাৰ কোনো সম্পৰ্ক নাই। তথ্য প্ৰকাশৰ নিৰ্দেশ দি আৰ টি আই আইনৰ
অপব্যৱহাৰ কৰা হৈছে বুলিও তেওঁ অনুভৱ কৰে।
দৰাচলতে মোডীৰ ডিগ্ৰী বিতৰ্কৰ গোচৰটো দিল্লী
উচ্চ ন্যায়ালয়ত দীৰ্ঘদিন ধৰি চলি আহিছে। আইনী বাতৰি ৱেবছাইট লাইভ ল’ৰ এক প্ৰতিবেদন অনুসৰি আৰ টি আই কৰ্মী নীৰজ কুমাৰে প্ৰথমে দিল্লী
বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৮ চনৰ আটাইকেইজন স্নাতক ছাত্ৰ-ছাত্ৰীৰ নাম, ৰোল নম্বৰ, লাভ কৰা নম্বৰ বিচাৰিছিল। কোনে উত্তীৰ্ণ
হৈছে আৰু কোনে বিফল হৈছে সেই কথাও জানিব বিচাৰে। অৱশ্যে বিশ্ববিদ্যালয়খনে জনাইছে
যে তৃতীয় পক্ষৰ তথ্য এইদৰে দিব নোৱাৰিব। তাৰ পিছত আৰ টি আই কৰ্মীজনে কেন্দ্ৰীয়
তথ্য আয়োগক আবেদন জনায়। তাৰ ভিত্তিত ২০১৬ চনত আয়োগে সেই তথ্য ৰাজহুৱা কৰিবলৈ
নিৰ্দেশ দিছিল।
0 coment rios: