Wednesday, January 29, 2025

‘যমুনাত ডুব যাব আপৰ দিঙৰা’, দিল্লীৰ ভোটত বিষ বিতৰ্কত এইবাৰ মোডী! লক্ষ্যত কেজৰিৱাল

 যমুনাত ডুব যাব আপৰ দিঙৰা’, দিল্লীৰ ভোটত বিষ বিতৰ্কত এইবাৰ মোডী! লক্ষ্যত কেজৰিৱাল

নেচনেল ডেস্ক,২৮ জানুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনত যমুনা বিতৰ্কত এইবাৰ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। লক্ষ্য কৰি লোৱা হৈছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক। মোদীয়ে দাবী কৰিছে যে দিল্লী বিধানসভা নিৰ্বাচনত আপেৰ দিঙৰা যমুনাত  সলিল সমাধিত হব।

সোমবাৰে কেজৰিৱালে হাৰিয়ানাৰ বিজেপি চৰকাৰে যমুনা পানীত বিষক্ৰিয়া কৰাৰ অভিযোগ উত্থাপন কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা আতিশী মাৰ্লেনাও মঙলবাৰে একে অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে হাৰিয়ানা চৰকাৰৰ এনে অন্তর্ঘাতৰ বাবে দিল্লীৰ খোৱাপানীৰ যোগান বন্ধ হৈ আছে।

এই পৰিবেশত বুধবাৰে দিল্লীৰ কৰতাৰ নগৰত অনুষ্ঠিত বিজেপিৰ বৈঠকত মোদীয়ে কয় যে, পৰাজয়ৰ ভয়ে আপ নেতাসকলক গ্ৰাস কৰিছে। সেইবাবেই তেওঁলোকে এনে ভিত্তিহীন, অসত্য অভিযোগ উত্থাপন কৰিছে। এই নিৰ্বাচনত তেওঁৰ (কেজৰি) দল সেই যমুনাৰ পানীত ডুব যাব।'' ৫ ফেব্ৰুৱাৰীত দিল্লীত বিধানসভাৰ ৭০খন আসনত এটা ৰাউণ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৮ ফেব্ৰুৱাৰীত গণনা কৰা হব। তাত থকা প্ৰতিখন আসনত আপ, বিজেপি নেতৃত্বাধীন এন ডি এ আৰু কংগ্ৰেছৰ মাজত মুখামুখি যুঁজ হব। অৱশ্যে নিৰ্বাচন ঘোষণাৰ প্ৰায় ডেৰ-দুসপ্তাহৰ পাছত এই সপ্তাহৰ পৰাই মোদীয়ে দিল্লী নিৰ্বাচনৰ বাবে আনুষ্ঠানিক প্ৰচাৰ আৰম্ভ কৰে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: