লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে লাভ কৰিছিল ৮৭ শতাংশ অধিক অনুদান, কিন্তু কংগ্ৰেছ তাতকৈ আগত!
নেচনেল ডেস্ক,২৮ জানুৱাৰীঃ যোৱা বছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ পুঁজিত জমা হোৱা
অনুদানৰ পৰিমাণ ৮৭ শতাংশ বৃদ্ধি পাইছিল! কাকতলীয়াকৈ ক’বলৈ গ’লে তাৰ প্ৰায় এক
তৃতীয়াংশই ‘অসাংবিধানিক’ নিৰ্বাচনী
বণ্ডৰ জৰিয়তে আহিছিল ধনৰাশি। এই তথ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দলে নিৰ্বাচন
আয়োগক দাখিল কৰা আয় বিৱৰণীত প্ৰকাশ পাইছে।
ৰাজনৈতিক
দলসমূহৰ অনুদান পঞ্জীয়ন সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩-২৪
বিত্তীয় বৰ্ষত বিজেপিয়ে ৩,৯৬৭ কোটি টকা অনুদান লাভ কৰিছিল। ২০২২-২৩ বিত্তীয় বৰ্ষত লাভ কৰা অনুদানৰ
পৰিমাণ আছিল ২৩৬০ কোটি। অৱশ্যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে গেৰুৱা শিবিৰৰ আয় সামান্য
হ্ৰাস পায়। ২০২২-২৩ বিত্তীয় বৰ্ষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে লাভ কৰিছিল
২৩৬০ কোটি টকা। ২০২৩-২৪ বিত্তীয় বৰ্ষত ই ১২৯৪ কোটিলৈ হ্ৰাস পাইছে
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত তৃণমূলে মুঠ ৬৪৬ কোটি টকা লাভ কৰিছিল। ২০২২-২৩ বিত্তীয় বৰ্ষত সেই সংখ্যা আছিল ৩৩৩ কোটি। প্ৰসংগক্ৰমে যোৱা বিত্তীয় বৰ্ষত তৃণমূলৰ বৰঙণিৰ প্ৰায় ৯৫ শতাংশই নিৰ্বাচনী বণ্ডৰ জৰিয়তে আহিছিল। লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুদানৰ শতাংশ বৃদ্ধিৰ ক্ষেত্ৰত অৱশ্যে বিজেপিয়ে তৃণমূল কংগ্ৰেছক অতিক্ৰম কৰিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কংগ্ৰেছ দলে লাভ কৰে ২৬৮ কোটি টকাৰ অনুদান। ২০২৩-২৪ চনত ৩২০ শতাংশ বৃদ্ধি পাই ১১২৯ কোটি হয়! নিৰ্বাচনী বণ্ডত দান ১৭১ কোটিৰ পৰা ৮২৮ কোটিলৈ বৃদ্ধি হয় দলটোৰ আয়।
0 coment rios: