Saturday, January 25, 2025

ঔপনিৱেশিক ভাৰতৰ দখলকৃত সম্পদৰ আধাখিনি আছে ব্ৰিটেইনৰ ১০শতাংশ ধনী লোকসকলৰ দখলত!

 


ঔপনিৱেশিক ভাৰতৰ দখলকৃত সম্পদৰ আধাখিনি আছে ব্ৰিটেইনৰ ১০শতাংশ ধনী লোকসকলৰ দখলত!

বি.চি. সম্পাদকীয় ডেস্ক, ২৫জানুৱাৰীঃ ১৭৫৭ চনত ইংৰাজে প্ৰত্যক্ষভাৱে ভাৰতত শাসন কৰাৰ অধিকাৰ দখল কৰে। তাৰ পিছত ১৭৬৫ চনৰ পৰা ১৯০০ চনলৈকে ঔপনিৱেশিক কালত ব্ৰিটেইনে ভাৰতৰ পৰা ৬৪.৮২ ট্ৰিলিয়ন ডলাৰ অর্থমূল্যৰ সম্পদ শোষণ কৰি নিছিল। আৰু এই সম্পদৰ ভিতৰত ৩৩.৮ ট্ৰিলিয়ন ডলাৰ ব্ৰিটেইনৰ শীৰ্ষ ১০ শতাংশ ধনী লোকে ভোগ দখল কৰি আছে। এই ধনৰ পৰিমাণ ইমানেই বিশাল যে ৫০ পাউণ্ডৰ নোটেৰে লণ্ডন চহৰখন চাৰিবাৰকৈ মেৰিয়াই লোৱা সম্ভৱ। আন্তঃৰাষ্ট্ৰীয় অধিকাৰ সংস্থা অক্সফাম ইণ্টাৰনেশ্যনেলৰ শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। সংস্থাটোৱে প্ৰতি বছৰে দৰে অনুস্থিত কৰা বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠকৰ প্ৰথম দিনাই এই প্ৰতিবেদন প্ৰকাশ কৰে। এই প্ৰতিবেদনৰ শিৰোনাম আছিল টেকাৰ্চ, নট মেকাৰ্চ

প্ৰতিবেদনত প্ৰকাশ যে আধুনিক বহুজাতিক সংস্থা বোৰৰ ধাৰণাটো মূলতঃ ঔপনিৱেশিকতাৰ সৃষ্টি। ঔপনিৱেশিকতাবাদৰ সময়ত সৃষ্টি হোৱা বৈষম্য আৰু লুণ্ঠনৰ প্ৰৱণতাই আধুনিক জীৱনত এতিয়াও গভীৰ প্ৰভাৱ পেলাইছে। অক্সফামে কয়, "ঔপনিৱেশিকতাবাদৰ পৰাই আৰম্ভ হোৱা এই বৈষম্যই গভীৰভাৱে অ সম পৃথিৱীৰ সৃষ্টি কৰিছে। ই এক বিভক্ত পৃথিৱীৰ সৃষ্টি কৰিছে য'বর্ণবৈষম্য বিদ্যমান আৰু বিশ্ব দক্ষিণ গোলার্ধৰ সম্পদ সমুহ বিশ্ব উত্তৰ গোলার্ধৰ ধনীসকলে নিয়মিতভাৱে শোষণ কৰিছে।"

বিভিন্ন অধ্যয়নৰ ভিত্তিত অক্সফেমে দেখুৱাইছে যে ১৭৬৫ চনৰ পৰা ১৯০০ চনৰ ভিতৰত ব্ৰিটেইনৰ শীৰ্ষ ১০ শতাংশ ধনী লোকে ভাৰতৰ পৰা ৩৩.৮ ট্ৰিলিয়ন ডলাৰ শোষণ কৰিছিল। এই ধন যদি ৫০ পাউণ্ডৰ নোটলৈ ৰূপান্তৰিত কৰা হয় তেন্তে সমগ্ৰ লণ্ডন চহৰখন চাৰিবাৰকৈ সামৰি লোৱাটো সম্ভৱ হলহেঁতেন। ইয়াৰ উপৰিও কোৱা হৈছে যে আজিৰ ব্ৰিটেইনৰ বহু ধনী পৰিয়ালৰ ধনৰ উৎস বহুলাংশে দাস-প্রথা আৰু ঔপনিৱেশিকতাবাদৰ পৰাই অহৰণ কৰা ।

আধুনিক বহুজাতিক সংস্থাসমূহো ঔপনিৱেশিকতাবাদৰ ফচল। উদাহৰণস্বৰূপে, ভাৰতত কাম কৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজকে এটা সুকীয়া আইনী সত্তা কৰি লৈছিল আৰু বহু ঔপনিৱেশিক অপৰাধৰ বাবে দায়ী আছিল। আজি এই সংস্থাসমূহৰ দৰে বহুজাতিক প্রতিষ্ঠানসমূহে একচেটিয়া ভাবে দক্ষিণ গোলার্ধৰ শ্ৰমিক সকলোক শোষণ কৰে বিশেষকৈ মহিলা শ্ৰমিকসকলক । আৰু ইয়াৰ পৰা লাভবান হয় মূলতঃ উত্তৰ গোলাৰ্ধৰ ধনী অংশীদাৰসকল।

এছিয়াৰ বস্ত্ৰশিল্পৰ বিৰুদ্ধে কঠোৰ সুৰক্ষাবাদী নীতি ৰূপায়ণ কৰি ভাৰতৰ ঔদ্যোগিক উৎপাদন ধ্বংস কৰাৰ বাবে ঔপনিৱেশিকতাক জগৰীয়া কৰে গোটটোৱে। কোৱা হয়, "১৭৫০ চনত ভাৰতীয় উপমহাদেশে বিশ্বৰ ঔদ্যোগিক উৎপাদনৰ প্ৰায় ২৫ শতাংশ উৎপাদন কৰিছিল। কিন্তু ১৯০০ চনৰ ভিতৰত এই সংখ্যা হঠাতে মাত্ৰ ২ শতাংশলৈ হ্ৰাস পাইছিল।"

অক্সফামে কয় যে, "বেছিভাগ ঔপনিৱেশিকতাবাদ পৰিচালিত হৈ আহিছে  বেচৰকাৰী বহুজাতিক সংস্থাৰ জৰিয়তে । এই নিগমসমূহৰ বহুতেই একচেটিয়া ক্ষমতা লাভ কৰিছিল আৰু নিজৰ উপনিবেশ সম্প্ৰসাৰণত বিপুল সফলতা লাভ কৰিছিল।" ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীত ২ লাখ ৬০ হাজাৰ জোৱান আছিল বুলিও প্রতিবেদনত উল্লেখ আছে৷ এই সংখ্যা যি ব্ৰিটিছ সেনা বাহিনীতকৈ বেছি আছিল।

অক্সফামে দাবী কৰে যে ডাচ আৰু ব্ৰিটিছ ঔপনিৱেশিক ৰাষ্ট্ৰ বোৰ আছিল মাদক দ্রব্যৰ বাহক, যিয়ে উপনিবেশসমূহৰ ওপৰত নিজৰ শাসন সুদৃঢ় কৰিবলৈ আফিঙৰ ব্যৱসায় আৰম্ভ কৰিছিল। পূব ভাৰতৰ উৰ্বৰ ভূমিত আফিংৰ খেতি ব্যাপকভাৱে কৰা হৈছিল আৰু চীনলৈ ৰপ্তানি কৰা হৈছিল।

প্ৰতিবেদনত আৰু উল্লেখ কৰা হৈছে যে "১৮৭৫ চনত ভাৰতত সৰ্বাধিক উপাৰ্জনকাৰী আছিল প্ৰধানকৈ ব্ৰিটিছ সেনা আৰু প্ৰশাসনৰ ইউৰোপীয় বিষয়া সকল। কিন্তু ১৯৪০ চনত তেওঁলোকৰ ঠাই দখল কৰে ব্যৱসায়ী, বেংকাৰ আৰু উদ্যোগপতি সকলে। ঔপনিৱেশিক শক্তিৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছতো বিশ্বৰ বহু দেশৰ  গ্ল'বেল চাউথ।" অঞ্চলত ধন-সম্পত্তি ৰৈ আৰু ৰাজনৈতিক ক্ষমতা কেৱল ধনী লোকৰ হাতত কেন্দ্ৰীভূত হৈছিল। অক্সফামে কয়, "আজি এই দেশসমূহত দেখা পোৱা বৈষম্য বহুলাংশে ঔপনিৱেশিক যুগৰ ফল।"


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: