তিনি বছৰত যমুনা পৰিষ্কাৰ, ঠিকাদাৰৰ বাবে বিশেষ সুবিধা! দিল্লী নিৰ্বাচনত শ্বাহৰ ‘প্ৰতিশ্রুতি’
নেচনেল ডেস্ক, ২৫জানুৱাৰীঃ জয়ৰ তিনি বছৰৰ ভিতৰত যমুনা নদী পৰিষ্কাৰ হ’ব ! আকৌ এবাৰ দিল্লী বিধানসভা
নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন প্ৰতিশ্ৰুতি ঘোষণা কৰে। অকল সয়াই নহয় দিল্লীত ঠিকাভিত্তিক শ্ৰমিকৰ
বীমাৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰিও বিজেপিৰ নতুন ইস্তাহাৰত অবৈধ বস্তিৰ কথাও উল্লেখ আছে।
শনিবাৰে বিজেপিয়ে প্ৰকাশ কৰে তেওঁলোকৰ ‘সংকল্পপত্র’ । দিল্লী নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে
তৃতীয়খন ইস্তাহাৰ। শ্বাহে নতুন ইস্তাহাৰৰ বিষয়ে সাংবাদমেলত সাংবাদিকসকলক অৱগত কৰে। বিজেপিৰ
নতুন ‘সংকল্পপত্র’ত অবৈধ বস্তিৰ কথাও সন্নিবিষ্ট কৰা হৈছে। ‘বিজেপি ক্ষমতালৈ আহিলে ১৭০০টা
অবৈধ বস্তিক বৈধতা প্ৰদান
কৰিব বুলি উল্লেখ কৰি শ্বাহে কয় যে দিল্লীত চুক্তিভিত্তিক শ্ৰমিকৰ বাবে এখন কল্যাণ ব’ৰ্ড গঠন কৰা হ’ব। লগতে ১০ লাখ টকাৰ বীমাও
দিয়া হ’ব। তিনি বছৰৰ পাছত যমুনা
পৰিষ্কাৰ হৈ পৰিব। দিল্লীতো আৰম্ভ হ’ব কেন্দ্ৰৰ ‘আয়ুষ্মান ভাৰত’ আঁচনি।
দিল্লী
বিধানসভা নিৰ্বাচনত পশ্চিম বংগৰ ‘লক্ষ্মী
ভাণ্ডাৰ’ৰ যুঁজত আপ আৰু
কংগ্ৰেছৰ সৈতে যোগ দিলে বিজেপিয়ে। নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে জনায় যে দিল্লীত
ক্ষমতালৈ আহিলে ‘মহিলা
সমৃদ্ধি যোজনা’ আৰম্ভ কৰি মহিলাক
প্ৰতিমাহে ২৫০০ টকা দিব। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত দীপাৱলীত বিনামূলীয়া
চিলিণ্ডাৰৰ প্ৰতিশ্ৰুতিত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কথাও উল্লেখ আছে।
এইবাৰ
বিজেপিৰ প্ৰতিশ্ৰুতিৰ তালিকা আৰু দীঘলীয়া কৰিব লগাত পৰিছে। শুকুৰবাৰে নিৰ্বাচনী
ইস্তাহাৰ জাৰি কৰাৰ সময়ত শ্বাহে কেজৰিৱালক
লক্ষ্য কৰি লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁক ‘মিছলীয়া’ বুলি আক্ৰমণ কৰে।
তেওঁ কয়, ‘শাসনলৈ আহি প্ৰতিশ্ৰুতি
পূৰণ কৰাত আপ ব্যৰ্থ হৈছে। কেজৰিৱালৰ দৰে মিছলীয়াক আমি আমাৰ ৰাজনৈতিক জীৱনত
কেতিয়াও দেখা নাই।
0 coment rios: