Sunday, January 26, 2025

নেহৰু-আম্বেদকাৰক লৈ মুখ্যমন্ত্ৰীৰ অপপ্ৰচাৰঃ বিৰোধী দলপতি দেবব্ৰত শইকীয়া

 

নেহৰু-আম্বেদকাৰক লৈ মুখ্যমন্ত্ৰীৰ অপপ্ৰচাৰঃ  বিৰোধী দলপতি দেবব্ৰত শইকীয়া

বি. চি ডেস্ক, ২৬ জানুৱাৰীঃ আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস । প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি ড° ভীমৰাও আম্বেদকাৰ  আৰু দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ওপৰত কেতবোৰ অসত্য তথ্যৰে বক্তব্য আগবঢ়াই বুলি সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়াই ।

তেওঁ কয় যে, ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধান প্ৰণেতা বাবাচাহেব ভীমৰাও  আম্বেদকাৰ আৰু দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুক লৈ ইতিহাসৰ বিকৃতি ঘটাই উদ্দেশ্যপ্ৰণোদিতভাৱে যি ভুল আৰু বিভ্ৰান্তিকৰ মন্তব্য আগবঢ়াইছে তাৰ তীব্ৰ বিৰোধিতা জনাইছো।

প্ৰথম কথা হ, যি সংবিধান সভা হৈছিল সেই সংবিধান সভালৈ প্ৰথম অৱস্থাত বাবাচাহেব আম্বেদকাৰ বেংগল এছেম্বলীৰ পৰা নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত দেশ বিভাজন হোৱাৰ ফলত যিটো সমষ্টিৰ পৰা আম্বেদকাৰ ডাঙৰীয়া নিৰ্বাচিত হৈছিল সেই সমষ্টি পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱা হেতুকে সংবিধান সভাত তেওঁ আসন হেৰুৱাবলগীয়া হয়। এই কথাখিনি অৱগত হৈ পণ্ডিত নেহৰু আৰু চৰ্দাৰ পেটেলে আম্বেদকাৰৰ বিষয়টো আলোচনা কৰিবলৈ মহাত্মা গান্ধীৰ কাষ চাপিছিল। মহাত্মা গান্ধীৰ পৰামৰ্শ মতে তেওঁক মুম্বাই প্ৰদেশৰ পৰা এক উপ-নিৰ্বাচনত জয়ী কৰোৱা হৈছিল।

সেই সময়ত পুণে আসনখনৰ পৰা এম আৰ জয়কাৰ নামৰ এগৰাকী কংগ্ৰেছ নেতা সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। তেখেতক পদত্যাগ কৰাই সংবিধানৰ খচৰা প্ৰণয়নৰ বাবে গঠন কৰা সংবিধান সভালৈ আম্বেদকাৰক নিৰ্বাচিত কৰি উক্ত সভাত সভাপতিত্ব কৰিবলৈ নেহৰুৱে আম্বেদকাৰৰ নামটো প্ৰস্তাৱ কৰিছিল। আম্বেদকাৰ কংগ্ৰেছ দলৰ সৈতে অতি পোনপটীয়াকৈ যদিও জড়িত নাছিল যদিও সংবিধান সভাৰ সভাপতিৰ বাবে পণ্ডিত নেহৰুৱে আম্বেদকাৰৰ নামটো প্ৰস্তাৱ কৰিছিল । তথ্যৰ বিকৃতি কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে নেহৰু আৰু বাবাচাহেবক লৈ যি কথা গণৰাজ্য দিৱসৰ বিশেষ দিনটোত কৈছে সেয়া অপলাপৰ বাদে আন একো নহয়। এই কথাবোৰ বিচাৰি উলিয়াবলৈ ইমান কষ্ট কৰিব নালাগে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ বিষয়ে অলপ অধ্যয়ন কৰিলেই এইবোৰ কথা সকলোৱে বিতংকৈ জানিব পাৰিব বুলি নেতা গৰাকীয়ে কয় ।

লগতে তেওঁ কয় যে, সম্প্ৰতি চুবুৰীয়া বাংলাদেশত যিদৰে গোড়া দল আৰু নেতাসকলে নিজৰ কাৰ্যক্ৰমণিকা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দেশখনক গঢ় দিয়া বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ চিনমোকাম নাইকিয়া কৰিবলৈ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ আৰু বিভ্ৰান্তিকৰ তথ্যৰ সাধাৰণ মানুহৰ মাজত বিয়পাই দি এতিয়া সেই দেশৰ সংবিধানখনকেই সলনি কৰিবলৈ উদ্যত হৈছে ঠিক তেনেকৈ আমাৰ দেশতো একাংশ দল আৰু সেই দলৰ নেতাসকলে বাৰম্বাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী, প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰু আৰু সংবিধান প্ৰণেতা  আম্বেদকাৰক নস্যাৎ কৰিবলৈ অপচেষ্টা চলাই গৈছে।

এই অপচেষ্টাৰ অংশ হিচাপেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা আম্বেদকাৰক লৈ সংসদত অপমানজনক মন্তব্য কৰিবলৈকো কুণ্ঠাবোধ কৰা নাছিল। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ জনতাক কিছুমান মনেসজা ইতিহাস প্ৰচাৰ আৰম্ভ কৰিছে। সুখৰ কথা এয়ে যে সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰে দেশৰ জনগণৰ সুৰক্ষাৰ স্বাৰ্থত ভাৰতীয় সংবিধানখন ইমান শক্তিশালী কৰি গঢ়ি থৈ গৈছে যে 'মনুস্মৃতিৰে দেশ শাসন কৰিব বিচৰা দল আৰু সেই দলৰ অনুগামীসকলে জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰাৰ পৰা আৰম্ভ কৰি যোৱা ১০ বছৰত অচ্ছে দিনৰ ভুৱা সপোন দেখুৱাই দিল্লীৰ মছনদত একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিও নিজৰ অভিষ্ট সিদ্ধি কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈ পৰে । কেৱল ব্যৰ্থ হৈ পৰাই নহয়, ২০২৪ত দেশৰ জনতাই বিজেপি দলৰ কুচক্ৰান্ত উপলব্ধি কৰি একক সংখ্যাগৰিষ্ঠতাও প্ৰদান নকৰিলে। সেয়ে এতিয়া পুনৰ অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা আদিৰ দৰে নেতাই নিজৰ ভাষণত বিষবাষ্প বিয়পাবলৈ আৰম্ভ কৰিছে। এইসকল নেতাৰ এনে বিষবাষ্পত এতিয়া আৰু জনতাই কোনোপধ্যে ভোল নাযায়। কাৰণ দেশৰ জনতাই এতিয়া সংবিধানৰ শক্তিৰ উমান আৰু প্ৰমাণ দুয়োটাই লাভ কৰিছে বুলি কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়াই কয় ।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: