Tuesday, January 28, 2025

দিল্লী নিৰ্বাচনঃ কেজৰিৱালৰ ইস্তাহাৰত ১৫ গেৰাণ্টী,উপ-মুখ্যমন্ত্ৰী হ’ব মনীষ চিছ’দিয়া।

 

দিল্লী নিৰ্বাচনঃ কেজৰিৱালৰ ইস্তাহাৰত ১৫ গেৰাণ্টী,উপ-মুখ্যমন্ত্ৰী হব মনীষ চিছদিয়া।

নেচনেল ডেস্ক,২৭ জানুৱাৰীঃ এসপ্তাহ পিছত দিল্লীত বিধানসভা নিৰ্বাচন। সকলো ৰাজনৈতিক দলে শেষ মুহূৰ্তত প্ৰচাৰ চলাই আছে। ৰাজনৈতিক দলসমূহে মানুহক আকৰ্ষণ কৰাৰ প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দিছে। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ আম আদমী পাৰ্টিৰ ইস্তাহাৰ। সোমবাৰে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰে দলটোৰ নিৰ্বাচনী ইস্তাহাৰ। দিল্লীৰ জনসাধাৰণৰ বাবে ১৫টা নিশ্চয়তাৰ প্ৰতিশ্ৰুতি দিছে কেজৰিৱালে। ইয়াৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ সময়ত আপ নেতাসকলে বিভিন্ন কল্যাণমূলক আঁচনি ঘোষণা কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উপৰিও আম আদমী পাৰ্টিৰ ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী, সৌৰভ ভৰদ্বাজ, মনীষ চিছদিয়াকে ধৰি বহু দলৰ নেতাই অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ২৫ জানুৱাৰীত বিজেপিয়ে দলীয় ইস্তাহাৰ প্ৰকাশ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰে 'সংকল্প পাত্ৰ পাৰ্ট-৩'

কেজৰিৱালে কয়, কেজৰিৱালৰ নিশ্চয়তা মানে নিশ্চিত। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল, মই সকলোকে ১৫ লাখ টকা দিম, অমিত শ্বাহক ডেৰ বছৰৰ মূৰত এটা সাক্ষাৎকাৰত কৈছিল যে পি এম মোদীয়ে সকলোকে ১৫ লাখ টকা দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া নিৰ্বাচনী শ্লোগান আছিল। বিজেপি, কংগ্ৰেছৰ দৰে আন দলসমূহে নিৰ্বাচনৰ সময়ত ঘোষণা কৰা আৰু কেজৰিৱালৰ এই গেৰান্টি মাথোঁ নিৰ্বাচনী শ্লোগান নহয়।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, এয়া অস্থায়ী নিশ্চয়তা নহয়, আজি আমি ১৫টা নিশ্চয়তা দিছো। এয়া কেজৰিৱালৰ নিশ্চয়তা, যিটো আগন্তুক ৫ বছৰৰ ভিতৰত পূৰণ হব। প্ৰথম নিশ্চয়তা হল নিয়োগৰ নিশ্চয়তা। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি দিল্লীত নিবনুৱাৰ হাৰ সৰ্বনিম্ন। ৰাষ্ট্ৰীয় পৰ্যায়ত নিবনুৱাৰ হাৰ প্ৰায় ৬%, কিন্তু দিল্লীত নিবনুৱাৰ হাৰ মাত্ৰ দুশতাংশ। কিন্তু এজন নিবনুৱা হলেও নিবনুৱা হল নিবনুৱাই। আমি বিচাৰো দিল্লীত কোনো লোক নিবনুৱা হৈ থাকিব নালাগে

আপৰ মুৰব্বী কেজৰিৱালে দলৰ ইস্তাহাৰত যুৱ কৰ্মসংস্থাপন, মহিলা সন্মান যোজনা আৰু বৃদ্ধসকলক বিনামূলীয়া চিকিৎসাৰ আশ্বাস দিছে। কেজৰিৱালে ক্ষমতালৈ আহিলে ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ যাত্ৰা আৰু মেট্ৰভাড়াত ৫০ শতাংশ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ লগতে বিনামূলীয়া শিক্ষা, স্বাস্থ্যসেৱা, মহিলাৰ বাছ যাত্ৰা, পানী আৰু বিদ্যুৎকে ধৰি ৬টা সুবিধা অব্যাহত থাকিব। দিল্লীত যদি দলটো ক্ষমতালৈ আহে তেন্তে আগন্তুক ৫ বছৰত বিশুদ্ধ খোৱাপানী যোগান, পৰিষ্কাৰ যমুনা আৰু উন্নত মানৰ পথ নিৰ্মাণ হব। মহিলাসকলক মাহিলী ২১০০ টকা সাহায্য প্ৰদান কৰা হব।

আপৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে নিয়োগ নিশ্চয়তা, মহিলা সন্মান আঁচনি, সঞ্জীৱনী আঁচনি, অন্যায় পানীৰ বিল ৰেহাই, ডাঃ আম্বেদকাৰ বৃত্তি আঁচনি, ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা, দিল্লী মেট্ৰত ৫০% ৰেহাই, পূজাৰী সমৃদ্ধি যোজনা (প্ৰতিজন পুৰোহিতক ১৮,০০০ টকা প্ৰতি মাহ )। কেজৰিৱালে কয় যে ভাড়াতীয়াসকলে বিনামূলীয়াকৈ বিদ্যুৎ আৰু পানী লাভ কৰিব। দিল্লীৰ সকলো পুৰণি নলাৰ লাইন সলনি কৰা হব। অটো টেক্সি আৰু ই-ৰিক্সা চালকক ১০ লাখ টকাৰ বীমা আৰু ৫ লাখ টকাৰ স্বাস্থ্য বীমা দিয়া হব। 

আনহাতে আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছদিয়াক লৈ এক ডাঙৰ ঘোষণা কৰে। দিল্লীৰ জাংপুৰাত এখন ৰাজহুৱা সভাত ভাষণ দি কেজৰিৱালে কয় যে নতুন চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী হব মনীষ চিছদিয়া। জাংপুৰা বিধানসভা আসনৰ প্ৰাৰ্থী মনীষ ছিছদিয়া। ইয়াৰ পূৰ্বে পাটপাৰগঞ্জ বিধানসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এইবাৰ আপে এই আসনৰ পৰা অৱধ ওঝাক মনোনীত কৰিছে। অৱধ ওঝাই প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। শেহতীয়াকৈ তেওঁ আম আদমী পাৰ্টিত যোগদান কৰিছে। 


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: