হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত চলি আছে কয়লা ছিণ্ডিকেট: সুপ্ৰিয়া শ্ৰীনেট
বি.
চি ডেস্ক, ৩০জানুৱাৰীঃ নিখিল ভাৰত কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ
ৰাষ্ট্ৰীয় অধ্যক্ষা তথা জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে আজি গুৱাহাটীত
অনুষ্ঠিত এক সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতেই এজন
ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰিছে। তেওঁ কয় যে
অসমত অবৈধ কয়লা ছিণ্ডিকেট মুখ্যমন্ত্ৰীৰ প্ৰশাসনৰ জৰিয়তে চলি আছে, আৰু
চৰকাৰৰ অগণতান্ত্ৰিক নীতিৰ ফলত সাধাৰণ জনসাধাৰণৰ ওপৰত বিভীষিকা নামি আহিছে।
শ্ৰীনেটে অভিযোগ উত্থাপন কৰি কয় যে, উচ্চতম
ন্যায়ালয় আৰু নেচনেল গ্ৰীণ ট্ৰিবিউনেলে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো অসমত ৰেট হোল
মাইনিঙৰ জৰিয়তে অবৈধ কয়লা খনন চলি আছে, যাক মুখ্যমন্ত্ৰীৰ
চৰকাৰ পৃষ্ঠপোষকতা কৰি আহিছে। তেওঁ লগতে অভিযোগ কৰে যে, মুখ্যমন্ত্ৰীয়ে
এক দুমুখীয়া নীতি গ্ৰহণ কৰি এবাৰ কয় যে অবৈধ মাইনিং নাই, আৰু
পুনৰ ২৪ ঘণ্টাৰ ভিতৰত সেই মাইনিং বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।
সংবাদমেলত শ্ৰীনেটে কয়, "অসমত সকলো
ঠিকঠাক নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বাহিৰত মিছা তথ্য প্ৰচাৰ কৰি কংগ্ৰেছৰ
বিৰুদ্ধে বিষোদগাৰ কৰি বিজেপিক জয়ী কৰাবলৈ চেষ্টা কৰে।" তেওঁ অভিযোগ কৰে যে,
উমৰাংছুত অবৈধ কয়লা খননৰ ফলত ১০ জন শ্ৰমিক নিহত হোৱাৰ পাছতো ৰাজ্য
চৰকাৰে এই বিষয়ে নিৰ্লিপ্ত অৱস্থান লৈছিল।তেওঁ এই ছিণ্ডিকেটৰ লগত জড়িত ব্যক্তি আৰু
চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনায়। শ্ৰীনেটে কয়,
"অসমত কয়লা খননৰ নামত জালিয়াতি চলিছে, আৰু
এই খনন ব্যৱস্থাই পৰিবেশৰ ওপৰত ডাঙৰ ক্ষতি আনিছে।"
শ্ৰীনেটে চৰকাৰৰ বাজেটকো লক্ষ্য কৰি কয় যে, "অসত্য তথ্য উপস্থাপন কৰি ৰাজ্য চৰকাৰ খনে বাজেট ঘোষণা কৰিছে। বিগত বৰ্ষত
নিৰ্ধাৰিত বাজেটৰ ধন সঠিকভাৱে ব্যয় কৰা হোৱা নাই। জনজাতি উন্নয়ন ক্ষেত্ৰত বাজেট
কৰ্তন কৰা হৈছে, বিদ্যুতৰ মাচুল বৃদ্ধি কৰি সাধাৰণ জনতাক
অৰ্থনৈতিকভাৱে সংকটত পেলোৱা হৈছে, স্মাৰ্ট মিটাৰৰ জৰিয়তে জনতাক
ওপৰত অহেতুক ভাৰ জাপি দিয়া হৈছে।"
তেওঁ লগতে কয় যে, "যেতিয়া সাধাৰণ ৰাইজে
এই অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, তেতিয়া চৰকাৰে দমনমূলক
নীতি অৱলম্বন কৰে। সংবাদমেলত তেওঁ অভিযোগ কৰে যে, অসম চৰকাৰে
জনসাধাৰণৰ অধিকাৰ হৰণ কৰি গণতান্ত্ৰিক প্ৰতিবাদক ভয়াৱহভাৱে দমন কৰিবলৈ লিপ্ত
হৈছে।"
শ্ৰীনেটে দাবী কৰে যে, ঝাৰখণ্ডত প্ৰচাৰ
চলাবলৈ যোৱা মুখ্যমন্ত্ৰীৰ মুখৰ ভাষা অসংযত হৈ পৰিছিল, যাৰ
ফলত বিজেপি পৰাজিত হৈছে। তেওঁ কয়, "আজি দেশৰ যিকোনো
প্ৰান্তত সৰু ল’ৰাইয়ো ক'ব যে, দেশৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ দিন চমুচাপি
আহিছে, আৰু ৰাইজে গণতান্ত্ৰিক শক্তিক পুনৰ ক্ষমতালৈ অনাৰ
বাবে প্ৰস্তুতি লৈছে।"
সংবাদমেলত শ্ৰীনেটে কংগ্ৰেছৰ সামাজিক মাধ্যমক
শক্তিশালীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছৰ
সামাজিক মাধ্যম কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি তেওঁ কয়, "আমি মহাত্মা গান্ধী, জৱহাৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শৰে চলা ১৪০ বছৰীয়া কংগ্ৰেছ দলৰ কৰ্মী। আমি
অসমৰ ৰাইজৰ সমস্যাসমূহ সামাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ ওচৰলৈ লৈ যাব লাগিব।"
শ্ৰীনেটে কয় যে, সামাজিক মাধ্যমৰ জৰিয়তে কংগ্ৰেছৰ সক্ৰিয় উপস্থিতি
বৃদ্ধি কৰিবলৈ দলটোৰ নতুন কৌশল গ্ৰহণ কৰা হৈছে।
ইপিনে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন
কুমাৰ বৰাই কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ কৰ্মীসকলক কংগ্ৰেছক শক্তিশালী কৰাৰ
বাবে পৰামৰ্শ আগবঢ়ায়। তেওঁ ঘোষণা কৰে যে, সামাজিক মাধ্যমত
সক্ৰিয়ভাৱে কাম কৰা কৰ্মীসকলক প্ৰতিমাহে ১ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব।
বিয়লিৰ ভাগত সুপ্ৰিয়া শ্ৰীনেটে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, বিষয়ববীয়া
আৰু মুখপাত্ৰসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সামাজিক
মাধ্যম বিভাগৰ সমন্বয়ক সায়ন্তনী ৰয়, ৰুচিৰা চতুৰ্বেদী,
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা, মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰ, বেদব্ৰত বৰা,
ৰাতুল কলিতা, নৃপেন ঠাকুৰীয়া, ৰূপা দেউৰী, বালিকা লাহন পেগু, শৈলেন সোণোৱাল, ৰাজেশ যোশী, বিপুল
গগৈসহ বহু জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে।
সংবাদমেলৰ অন্তত শ্ৰীনেটে কয়, "অসমত কংগ্ৰেছৰ শক্তি পুনৰ গঠিত হ’ব, আৰু বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে সঁহাৰি জনাব। আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত অসমবাসীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ জবাব দিব।" তেওঁ লগতে কয়, "অসমত গণতন্ত্ৰ পুনৰ প্রতিষ্ঠাৰ সময় আহি পৰিছে, আৰু আমি সকলোকে একত্ৰিত হৈ এই অপশাসনব্যৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আহ্বান জনাইছো।"
0 coment rios: