২০২৪ চনত বিশ্বৰ কাৰাগাৰত বন্দী হৈ আছে ৩৬১ জন সাংবাদিক
উৱেভ ডেস্ক, ১৯ জানুৱাৰীঃ ২০২৪ চনৰ ১ ডিচেম্বৰলৈকে বিশ্বজুৰি ৩৬১ জন সাংবাদিক
কাৰাগাৰত বন্দী হৈ আছে। ইয়াৰে অধিকাংশই চীনত বন্দী হৈ আছে। চীনতেই আটক হৈ আছে
৫০জন সাংবাদিক। যোৱা বছৰ বাংলাদেশত কাৰাবন্দী হৈছিল ৪ জন সাংবাদিক। চিপিজেৰ খবৰ।
এই তথ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলাভজনক প্রতিষ্ঠান কমিটি টু প্ৰটেক্ট জাৰ্নেলিষ্টছ (চিপিজে)ৰ
২০২৪ চনৰ কাৰাগাৰ লোকপিয়লৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। শুকুৰবাৰে চিপিজে নিজৰ
ৱেবছাইটত প্ৰকাশ কৰে এই প্ৰতিবেদন।
চিপিজেৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ১
ডিচেম্বৰলৈকে সমগ্ৰ বছৰটোত সাংবাদিকক কাৰাগাৰত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত চীন, ইজৰাইল
আৰু ম্যানমাৰ হৈছে বিশ্ব অভিলেখ সৃষ্টি কৰা তিনিখন দেশ
তথ্য অনুসৰি চীনত এবছৰত ৫০ জন সাংবাদিক কাৰাগাৰত বন্দী
হৈ আছে। ইয়াৰ পিছত ইজৰাইল। দেশ খনত আৱদ্ধ হৈ আছে ৪৩জন লোক। ইজৰাইলত আটক কৰা সকলো
পেলেষ্টাইনী সাংবাদিক।
৩৫ জন সাংবাদিক কাৰাগাৰত বন্দী কৰি এই তালিকাত তৃতীয়
স্থানত আছে ম্যানমাৰ। ৩১ জন লোকক আটক কৰি চতুৰ্থ স্থানত আছে বেলাৰুছ আৰু ভ্লাদিমিৰ
পুটিনৰ দেশ ৰাছিয়াই ৩০ জন সাংবাদিক বন্দী কৰি পঞ্চম স্থানত আছে।
ইজিপ্ত ১৭ জন কাৰাগাৰত বন্দী কৰি ষষ্ঠ, ইৰিত্ৰিয়া
১৬জন কাৰাগাৰত বন্দী কৰি সপ্তম, ইৰাণ ১৬জন কাৰাগাৰত বন্দী
কৰি অষ্টম, ১৬জন কাৰাগাৰত বন্দী কৰি ভিয়েটনাম নৱম আৰু আজাৰবাইজানে ১৩ জন কাৰাগাৰত
বন্দী কৰি এই তালিকাত দশম
স্থানত আছে। ১৪ নম্বৰ স্থানত আছে বাংলাদেশ। বাংলাদেশত যোৱা বছৰ কাৰাবন্দী
হৈছিল চাৰিজন সাংবাদিক। এই আটাইকেইজনেই পদচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ
হাছিনাৰ ঘনিষ্ঠ বুলি ধাৰণা কৰা হৈছে।
চিপিজেৰ তালিকাত তিনিজন সাংবাদিক জেলত কাৰাবন্দী কৰি এই
তালিকাৰ ১৫ নম্বৰ স্থানত আছে ভাৰত। দেশত কাৰাবন্দী হৈ থকা তিনিজনৰ ভিতৰত দুজনক
২০২৩ চনত কাশ্মীৰৰ পৰা গ্ৰেপ্তাৰ কৰা
হৈছিল। ইয়াৰ উপৰিও যোৱা বছৰ আফগানিস্তানত দুজন সাংবাদিক কাৰাগাৰত বন্দী হৈছিল।
২০২৪ চনত গ্ৰেপ্তাৰ হোৱা
সাংবাদিকসকলৰ ভিতৰত এজনক মৃত্যুদণ্ড আৰু ১০জনক যাৱজ্জীৱন কাৰাদণ্ড দিয়া বুলিও
চিপিজে প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও ৫৪
গৰাকী সাংবাদিকক ১০ বছৰতকৈ অধিক কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।
0 coment rios: