Friday, January 31, 2025

আদালতৰ নিষেধাজ্ঞা উলংঘা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ?

                               আদালতৰ নিষেধাজ্ঞা উলংঘা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ?

বি. চি ডেস্ক, ৩০জানুৱাৰীঃ যোৱা ১৫ জানুৱাৰীত শিৱসাগৰৰ ৰংঘৰত অনুষ্ঠিত মহ যুঁজৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মুখ্য অতিথি হিচাপে মহৰ যুঁজৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অভিযোগত নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লাহ বৰুৱাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে পৰিৱেশ সাংবাদিক দিলীপ নাথ । দিলীপ নাথৰ অভিযোগৰ ভিত্তিত আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হব লাগিব নেকি মুখ্যমন্ত্ৰীৰ বিশ্বস্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ? লগতে দিলীপ নাথে অভিযোগ কৰে যে, মন্ত্ৰীগৰাকীয়ে মহ যুঁজৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পশুৰ যুঁজৰ নিষেধাজ্ঞাক উলংঘা কৰিছে ।

উল্লেখ্য যে, হ যুঁজৰ দৰে পশু-পক্ষীৰ যুঁজ নিষিদ্ধ কৰি ২০১৪ চনত উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিষেধাজ্ঞাৰ জৰিয়তে ভাৰতীয় পশু কল্যাণ বৰ্ড আৰু চৰকাৰী সংস্থাসমূহক নিৰ্দেশ দিছিল যে, জীৱ-জন্তুৰ ওপৰত অপ্ৰয়োজনীয় যন্ত্ৰণা আৰু দুখ-কষ্টৰ সৃষ্টি কৰা যিকোনো কাম-কাজ ৰোধ কৰিব লাগে বুলি নিষেধাজ্ঞা জাৰি কৰিছিল।

একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মহ আৰু বুলবুলি চৰাইৰ যুঁজৰ ওপৰত ২০২৪ চনৰ ১৭ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ এছ অপি বাতিল কৰিছিল । কিন্তু ইয়াৰ পাছতো মহ যুঁজ অনুষ্ঠিত কৰাৰ লগতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আদালতৰ নিষেধাজ্ঞা উলংঘা কৰা বুলি অভিযোগ উত্থাপন হৈছে । উচ্চতম ন্যায়ালয়ক দিয়া অভিযোগ নামাত দিলীপ নাথে কয় যে, এই অনুষ্ঠানটো উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয় উভয়ৰে নিৰ্দেশক স্পষ্টভাৱে উলংঘা কৰি অনুষ্ঠিত কৰা হৈছে।

সেয়েহে অনুষ্ঠানটো আয়োজন কৰা ৰংপুৰ আয়োজক কমিটি আৰু মুখ্য অতিথি হিচাপে উপস্থিত থকা জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আদালতক আহ্বান জনাইছে সাংবাদিক দিলীপ নাথে । সাংবাদিক নাথে তেওঁৰ অভিযোগৰ লগত প্ৰমাণ হিচাপে অনুষ্ঠানটোৰ ভিডিঅফুটেজ আৰু মন্ত্ৰীগৰাকীৰ মিডিয়াত দিয়া বাইট উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে বুলি জানিব  পৰা গৈছে।

আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: