ৰহস্যজনক অসুস্থতাঃ জম্মু-কাশ্মীৰত ২৩০ জন লোকক ৰখা হৈছে পৃথকে ! ডাক্তৰৰ বাবে বাতিল ছুটী
নেচনেল ডেস্ক, ২৫জানুৱাৰীঃ জম্মু-কাশ্মীৰৰ
ৰাজৌৰীত সংঘটিত হোৱা ৰহস্যজনক অসুস্থতা আৰু মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যাৰ ফলত এতিয়ালৈকে ২৩০ জন লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে। ৰাজৌৰী চিকিৎসালয়ৰ
চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ বাবে বাতিল কৰা হৈছে ছুটী। পৰিস্থিতিক লৈও চিন্তিত
কেন্দ্ৰ। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে ৰাজৌৰিত ১৭ জন লোকৰ মৃত্যু
হৈছে বিষক্ৰিয়াৰ বাবে ই কোনো ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে নহয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই তথ্য প্ৰথমে লক্ষ্ণৌৰ এটা পৰীক্ষাগাৰত নমুনা
পৰীক্ষাৰ অন্তত লাভ কৰা হৈছিল।
ৰাজৌৰী চিকিৎসা
মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰজিৎ সিং ভাটিয়াই কয় যে সকলো চিকিৎসক আৰু
স্বাস্থ্যকৰ্মীৰ ছুটী বাতিল কৰা হৈছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শীতকালীন
ছুটী বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে জম্মু-কাশ্মীৰ চৰকাৰে অতিৰিক্ত ১০
গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক ৰাজৌৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰি জ্যেষ্ঠ
চিকিৎসক সকলোৰ কামত সহায় কৰিবলৈ প্ৰেৰণ কৰিছে। ৰাজৌৰীৰ বুধল গাঁৱত যোৱা ডেৰ মাহত
১৭ জন লোকৰ মৃত্যু হৈছে। প্ৰথমে জ্বৰ, তাৰ পিছত বমি। ইয়াৰ পিছত
অচেতন হৈ গাঁৱৰ ৰাইজৰ মৃত্যু হয়। কিছুদিন এই লক্ষণ দেখা পোৱাৰ পিছত ইহঁতৰ মৃত্যু
হৈছে।
বৰ্তমান
জম্মু চিকিৎসা মহাবিদ্যালয় আৰু চণ্ডীগড় চিকিৎসালয়ত ৰোগীসকলৰ শাৰীৰিক অৱস্থাৰ
ওপৰত চিকিৎসকে নিৰীক্ষণ কৰি আছে। বুধবাৰে তিনিজন লোকক ‘এয়াৰলিফ্ট’
(বিমানেৰে) জম্মু চিকিৎসালয়লৈ লৈ যোৱা হয়। ৰোগী বা মৃত বা পৰিয়ালৰ
লোকৰ সংস্পৰ্শলৈ অহা সকলকো কোৱাৰেণ্টাইনত ৰখা হৈছে। চৰকাৰী সূত্ৰৰ মতে, সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁলোকক আছুতীয়াকৈ ৰখাৰ সিদ্ধান্ত লোৱা
হৈছে। ৰাজৌৰীৰ নাৰ্চিং কলেজত কোৱাৰেণ্টাইনতৰ ব্যৱস্থা কৰিছে। সংবাদ সংস্থা
পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি নাৰ্চিং কলেজৰ বাহিৰত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা
হৈছে।
0 coment rios: