অসমৰ মাজেৰে ভাৰতৰ ভিন্ন ঠাইলৈ সৰবৰাহৰ হয় বাংলাদেশৰ যুৱতী-মহিলা
বি. চি ডেস্ক, ৩০জানুৱাৰীঃ অসম চৰকাৰে অবৈধ
বাংলাদেশীৰ অনুপ্ৰৱেশ নিয়ন্ত্ৰণৰ উদ্দেশ্যে ব্যাপক নীতি-নিয়ম গ্ৰহণ কৰিছে,
যাৰ অংশস্বৰূপে সীমান্ত প্ৰহৰী শক্তিবৃদ্ধি, উন্নত
প্ৰযুক্তিৰ ব্যৱহাৰ, আৰু কড়া অনুসন্ধান ব্যৱস্থা প্ৰচলিত
হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত দেখা দিয়া ৰাজনৈতিক অস্থিৰতাৰ প্ৰভাৱ অসমৰ
সীমান্ত অঞ্চলত সুস্পষ্টভাৱে অনুভূত হৈছে। বিগত কিছুবছৰত বহু অবৈধ অনুপ্ৰৱেশকাৰীক
আটক কৰি উভতাই পঠিওৱা হৈছে, তথাপি সীমান্ত পাৰ হৈ অহাৰ কৌশল
অধিক সুসংগঠিত আৰু পৰিকল্পিত হৈ পৰিছে। আধুনিক ফেন্সিং, সীমান্তত
বিশেষ বেটালিয়ন গঠন, আৰু ড্ৰোন নিৰীক্ষণৰ ব্যৱস্থা হাতত লোৱাৰ
পিছতো, ভাৰতত অনুপ্ৰৱেশ আৰু মানৱ সৰবৰাহৰ সমস্যা
সম্পূৰ্ণৰূপে নিৰসন হোৱা নাই।
অসম হৈ ভাৰতৰ
ভিতৰলৈ অনুপ্ৰৱেশৰ এক মুখ্য 'ট্ৰেনজিট পইণ্ট'
হিচাপে বিবেচিত হৈ পৰিছে। সীমান্তৰ সিপাৰৰ ৰাজনৈতিক আৰু সামাজিক
অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ পৰা হোৱা মানৱ সৰবৰাহৰ বিষয়টো যথেষ্ট
উদ্বেগজনক। মেঘালয়, ত্ৰিপুৰা, আৰু
পশ্চিমবংগৰ সীমান্ত হৈ এই ধৰণৰ অপৰাধ সংঘটিত হৈ আছে, য'ত মূল টাৰ্গেট হৈছে দৰিদ্ৰ, অসহায়, আৰু নিম্নবিত্ত পৰিয়ালৰ কিশোৰী-যুৱতী তথা মহিলাসকল। অসমৰ সংযোগমূলক
অৱস্থানৰ সুযোগ লৈ তেওঁলোকক বিভিন্ন চহৰলৈ প্ৰেৰণ কৰা হয়, য'ত তেওঁলোক অনৈতিক ব্যৱসায়ৰ বলি হয়।
বিশ্ব পৰিস্থিতিৰ
লগত সংগতি ৰাখি, ম্যানমাৰৰ পৰা পলায়ন কৰা ৰোহিংগীয়া
শ্ৰেণীটোৱে বাংলাদেশত শৰণাৰ্থী হৈ থকা অৱস্থাত মানৱ সৰবৰাহ নেটৱৰ্কৰ এটা
গুৰুত্বপূৰ্ণ অংগ হৈ উঠিছে। সাম্প্ৰতিক বাংলাদেশৰ ভিতৰত হোৱা ৰাজনৈতিক পৰিবৰ্তন
আৰু সাম্প্ৰদায়িক উত্তেজনাৰ ফলত দেশখনৰ সংখ্যাগুৰু সম্প্ৰদায়ৰ কিশোৰী-যুৱতীসকলৰ
সৰবৰাহৰ ঘটনাও বৃদ্ধি হৈছে। অসম আৰক্ষীৰ অনুসন্ধানত ইয়াৰ দৃঢ় প্ৰমাণ পোৱা গৈছে,
যাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে নতুন অনুসন্ধান নীতি আৰু অপৰাধ
নিয়ন্ত্রণ প্ৰকল্প ৰূপায়ণৰ প্ৰস্তুতি লৈছে বুলি এক সূত্ৰত প্ৰকাশ।
বিশেষকৈ, গোৱালপাৰাৰ অঞ্চলসমূহ মানৱ সৰবৰাহকাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান হৈ পৰিছে। মেঘালয়ৰ গাৰো পাহাৰ অঞ্চল হৈ বাংলাদেশৰ পৰা অনা লোকক গোৱালপাৰাৰ দুধনৈ আৰু কৃষ্ণাইলৈ অনা হয়, তাৰ পিছত তেওঁলোকক বঙাইগাঁও ৰেলৱে ষ্টেচন বা গুৱাহাটী ৰেলৱে ষ্টেচনত লৈ যোৱা হয়। তাৰ পিছত তেওঁলোকক মূলত দিল্লী, মুম্বাই, কলকাতা, আৰু অন্যান্য মহানগৰসমূহলৈ প্ৰেৰণ কৰা হয়। এই অপৰাধমূলক প্ৰক্ৰিয়াটো সুসংগঠিত দালাল চক্ৰৰ দ্বাৰা পৰিচালিত হয় বুলি সচেতন মহলে দাবী কৰে, যিয়ে চাকৰিৰ প্ৰলোভন, বিয়াৰ আশ্বাস, আৰু বিভিন্ন ধৰণৰ প্ৰলোভনেৰে লোকসকলক মোহাচ্ছন্ন কৰি ভাৰতলৈ সৰবৰাহ কৰে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।
ত্ৰিপুৰাৰ পৰা অসম
হৈ পশ্চিমবংগলৈ বিস্তৃত আন্তঃৰাজ্যিক সীমান্তত এক সক্ৰিয় ছিণ্ডিকেটে মানৱ সৰবৰাহত
লিপ্ত । বাংলাদেশৰ পৰা অহা লোকক ভাৰতীয় নাগৰিকৰ নকল নথিপত্ৰ যোগান ধৰি বিভিন্ন
স্থানলৈ প্ৰেৰণ কৰি অহা বুলি বিভিন্ন সময়ত পোহৰলৈ আহিছে । অসম আৰক্ষীৰ তদন্তত,
দিল্লীত সংঘটিত এক হত্যাকাণ্ডৰ সন্দৰ্ভত বাংলাদেশৰ পৰা অহা মানৱ
সৰবৰাহ চক্ৰৰ সম্পৰ্ক উন্মোচিত হৈছে। গোৱালপাৰাৰ এজন স্থানীয় ব্যক্তি এই চক্ৰৰ
সৈতে জড়িত বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এন আই এ’য়ে বিগত
বৰ্ষত ত্ৰিপুৰাত সক্ৰিয় চাৰিজন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। এই অপৰাধমূলক
নেটৱৰ্কৰ প্ৰসাৰ বৰ্ধিত হোৱাৰ ফলত ইয়াৰ কার্যকৰী নিয়ন্ত্রণ অতি জটিল হৈ পৰিছে।
২০১৮ চনৰ এক প্ৰতিবেদন
অনুসৰি,
বাংলাদেশৰ পৰা বছৰি প্ৰায় ৫০ হাজাৰ শিশু-মহিলা ভাৰতলৈ সৰবৰাহ হয়,
যাৰ অধিকাংশ দেহ ব্যৱসায়ত নিযুক্ত হয়। এই বৃহৎ নেটৱৰ্ক বহু দেশত
বিস্তৃত হৈ আছে, যি অপৰাধৰ লগত জড়িত। ইয়াৰ উপৰিও, বহু যুৱতীক গৃহসহায়িকা, কল-চেণ্টাৰ কৰ্মচাৰী,
বা অন্যান্য নিম্ন-আয়ৰ কৰ্মক্ষেত্ৰত নিযুক্ত কৰা হয়। এটা মহলে
দাবী কৰে যে, ইয়াৰে একাংশক বিদেশলৈও সৰবৰাহ কৰা হয়, বিশেষকৈ
মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ।
চৰকাৰে এতিয়া এই
নেটৱৰ্ক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ লক্ষ্য লৈ বহুমুখী অনুসন্ধান আৰু গোচৰ-বিচাৰ
প্ৰক্ৰিয়া হাতে লৈছে বুলি জানিব পৰা গৈছে । তথাপি, তথ্যসংগ্ৰহৰ
অভাৱ, অপৰাধমূলক নেটৱৰ্কৰ গভীৰতা, আৰু
আন্তঃৰাষ্ট্ৰীয় যোগসূত্ৰৰ প্ৰভাৱৰ ফলত, এই সমস্যাৰ সামগ্ৰিক
সমাধানৰ বাবে অধিক সময় আৰু সংগঠিত প্রচেষ্টাৰ প্ৰয়োজন।
0 coment rios: