দেশৰ প্ৰতি চাৰিজনৰ এজন দিন মজুৰি কৰা শ্ৰমিকে আত্মহত্যা কৰে
বি.চি. সম্পাদকীয় ডেস্ক,৩০জানুৱাৰীঃ ভাৰতত আত্মহত্যা কৰা প্ৰতি চাৰিজন লোকৰ ভিতৰত এজন দিন মজুৰি কৰা
শ্ৰমিক। যোৱা বছৰৰ শেষৰ ফালে সংসদত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে ২০১৯-২১
বৰ্ষৰ বাবে এই তথ্য দাখিল কৰিছিল। ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ তথ্য অনুসৰি
২০১৯ চনৰ তুলনাত ২০২১ চনত আত্মহত্যা কৰা শ্ৰমিকৰ সংখ্যা ১২ হাজাৰ বৃদ্ধি পাইছে।
২০২১ চনত প্ৰতিদিনে গড়ে ১১৫ জন দৈনিক মজুৰি শ্ৰমিকে আত্মহত্যা কৰিছিল। যি তথ্য
কেৱল ভাবিলেই কঁপি উঠে।
, অসুস্থতা, ড্ৰাগছ আৰু মদৰ আসক্তিক
আত্মহত্যাৰ কাৰণ হিচাপে দোষাৰোপ কৰে। কিন্তু সেয়া বাস্তৱ নহয়। যদিও যুক্তিৰ
খাতিৰত এইবোৰেই শ্ৰমিকৰ আত্মহত্যাৰ কাৰণ, সেই ভয়াবহ পৰিস্থিতিৰ বাবে কোন দায়ী বাৰু ?
’ল- উচিত মজুৰি বা আনকি এটা মান্য মজুৰি নোপোৱা, কম বা অনিয়মিত আয়, চাকৰিৰ অসুৰক্ষিততা, অত্যধিক কামৰ সময় আৰু
অমানৱীয় চাপ, চাকৰিৰ পৰা বৰ্খাস্ত কৰা, ঋণৰ বোজা, আকাশলংঘী মূল্যৰ বৃদ্ধি
পোৱা বাবে আৰ্থিক দুৰ্দশা। ইয়াৰ বাহিৰেও
অসংগঠিত খণ্ডৰ কৰ্ম পৰিৱেশ অত্যন্ত অমানৱীয়। সামাজিক সুৰক্ষা আইন কেৱল নামতহে আছে, কিন্তু শ্ৰমিকৰ সুৰক্ষা
বুলি কোনো কথা নাই। যিহেতু বেছিভাগ নিয়োগ ঠিকাভিত্তিক, সেয়েহে ট্ৰেড ইউনিয়ন গঠন
কৰিও তেওঁলোকৰ দাবী কৰ্তৃপক্ষৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। মোডী
চৰকাৰে নতুন শ্ৰম সংহিতা প্ৰৱৰ্তন কৰি চাকৰিৰ নিৰাপত্তা যি আছিল, সেইখিনি কাঢ়ি লৈ গৈছে।
’ভিড-১৯ মহামাৰীৰ বাবে বহু
ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে কাম-কাজ বন্ধ কৰিবলৈ বাধ্য হৈছে। সেই সংগঠনসমূহৰ
কৰ্মচাৰীকে ধৰি অসংখ্য লোকে উপাৰ্জন হেৰুৱাইছে। তাৰ পিছত তেওঁলোকে আৰু কেতিয়াও
ভাল দিন দেখা নাপালে। পৰিয়াল বচাবলৈ হতাশ হৈ পৰা এই কৰ্মচাৰী সকলে যিকোনো চাকৰি
কৰিবলৈ আগ্ৰহী। কিন্তু কাম ক'ত! চৰকাৰৰ কৰ্মসংস্থাপনৰ প্ৰসাৰৰ মূল চাবিকাঠি। বহুতে ঋণ ল’বলৈ বাধ্য হৈছে, কিন্তু ঋণ পৰিশোধ কৰিব পৰা
নাই। কোনো দিশ নেদেখাৰ বাবে বহুতে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে।
0 coment rios: