চীনৰ তিব্বতত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধঃ চীনৰ কথাত ভাৰত আশ্বস্ত নেকি
উৱেভ ডেস্ক, ২৮ জানুৱাৰীঃ বিশ্বৰ সৰ্ববৃহৎ
জলবিদ্যুৎ বান্ধ নিৰ্মাণ প্ৰকল্পত অনুমোদন চীনেৰ ।তিব্বতৰ মালভূমিৰ পূব দিশত এক
অভিলাষী প্ৰকল্পৰ কাম আৰম্ভ কৰিছে বেইজিঙে, যিয়ে
চুবুৰীয়া দেশসমূহত ডাঙৰ প্ৰভাৱ পেলাব পাৰে বুলি বিশেজ্ঞ সকলে মত পোষণ কৰিছে।
কিন্তু চীনে এই সন্দৰ্ভত ভাৰতক আশ্বাস দিয়ে যে তেওঁলোকে চুবুৰীয়া দেশৰ ক্ষতি কৰি
নিজৰ উপকাৰৰ চেষ্টা নকৰে।
পৰিকল্পনা অনুসৰি
য়াৰলুং জাংপো নদীৰ তলৰ অংশত এই বান্ধ নিৰ্মাণ কৰা হ’ব। ২০২০ চনত চীনৰ শক্তি নিৰ্মাণ নিগমৰ হিচাপ অনুসৰি এই বান্ধটোৰ পৰা বছৰি
৩০ লাখ কৌটি কিলোৱাট-ঘণ্টা বিদ্যুৎ উৎপাদন হ’ব বুলি আশা কৰা
হৈছে।
য়ৰলুং জাংপো নদী খনে তিব্বত
সীমান্তৰ সীমা পাৰ হৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ নাম লৈ বাংলাদেশৰ
মাজেৰে বৈ গৈছে। এই বান্ধৰ ফলত ব্ৰহ্মপুত্ৰ নদীত প্ৰভাৱ পৰিব পাৰে বুলি উদ্বেগ
সৃষ্টি কৰিছে। নদীখনে লাখ লাখ মানুহৰ পানীৰ উৎস।
ভাৰতত থকা চীনৰ
দূতাবাসৰ চাৰ্জ ডি এফেয়াৰ্ছ ৱাং লেইয়ে যোৱা সপ্তাহত ইণ্ডিয়ান এক্সপ্ৰেছত এই
উদ্বেগসমূহৰ সমাধানৰ প্ৰয়াসত এটা লেখা লিখিছিল। প্ৰকল্পটোৰ সমালোচকসকলে ইয়াক ‘চীনা অস্ত্ৰ’ বুলি ভুলকৈ লেবেল লগাইছে বুলিও তেওঁৰ
লিখনিত প্ৰকাশ কৰিছে।
তেওঁ লগতে লিখিছে যে, ‘চীনে চুবুৰীয়া দেশৰ সৈতে বন্ধুত্ব আৰু অংশীদাৰিত্ব গঢ়ি তোলাৰ নীতিত অটল।
নিজৰ লাভৰ বাবে চুবুৰীয়া দেশৰ ক্ষতি কৰাটো বহু দূৰৰ কথা, চীনে
কেতিয়াও একপক্ষীয় স্বাৰ্থৰ পিছত লগা নাই। চীনে কেতিয়াও ‘জল
আধিপত্য’ বিচৰা নাই আৰু কেতিয়াও নিবিচাৰে।
তেওঁ লিখিছে, “চীনে চুবুৰীয়া দেশসমূহৰ সৈতে ৫০টাতকৈও অধিক জলসম্পদ ব্যৱস্থাপনা চুক্তিত
স্বাক্ষৰ কৰিছে আৰু সহযোগিতামূলক নদী উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ বাবে ১০টা আন্তঃসীমান্ত
প্ৰতিষ্ঠান সৃষ্টি কৰিছে।”
ৱাং আৰে লিখিছে, চীনে সীমা অতিক্ৰম কৰি নদী উন্নয়নৰ প্ৰতি দায়িত্বশীল মনোভাৱ মানি চলে
আৰু ইয়াৰ ব্যৱহাৰ আৰু সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষাৰ নীতি অনুসৰণ কৰে। তেওঁ লগতে
লিখিছে যে প্ৰকল্পটোৰ কাম আগবাঢ়ি যোৱাৰ লগে লগে চীনে সময়ত অধিক তথ্য প্ৰকাশ
কৰিব।
ইতিমধ্যে
চীনে তিব্বতৰ পশ্চিমৰ পৰা পূবলৈ বৈ যোৱা ইয়াৰলুং জাংপো নদীৰ ওপৰত জলবিদ্যুৎ শক্তি
উৎপাদন আৰম্ভ কৰিছে। ইয়াৰ উৰ্ধমুখী দিশত আৰু অধিক প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰা
হৈছে।
0 coment rios: