আদানী গ্ৰুপৰ সৈতে বিদ্যুতৰ চুক্তি বাতিল শ্ৰীলংকাৰ
নেচনেল ডেস্ক, ২৮জানুৱাৰীঃ দুৰ্নীতিৰ
অভিযোগৰ বাবে ভাৰতৰ আদানি গ্ৰুপৰ সৈতে বিদ্যুৎ ক্ৰয় চুক্তি বাতিল কৰিছে
শ্ৰীলংকাই। চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশনায়েকৰ কেবিনেটে এই
সিদ্ধান্ত গ্ৰহণ কৰিছিল।
যোৱা বছৰৰ শেষৰ ফালে
আদানি গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাত দুৰ্নীতিৰ অভিযোগ
উত্থাপন হৈছিল। ইয়াৰ পিছতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশনায়েকৰ প্ৰশাসনে
আদানীৰ স্থানীয় প্ৰকল্পৰ তদন্ত আৰম্ভ কৰে। শক্তি মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কয়
যে যদিও চুক্তি বাতিলৰ সিদ্ধান্ত লোৱা হৈছিল, তথাপিও সমগ্ৰ প্ৰকল্পটো বাতিল কৰা হোৱা নাছিল।
প্ৰকল্পটোৰ সামগ্ৰিক দিশটো পৰ্যালোচনা কৰিবলৈ এখন সমিতি গঠন কৰা হৈছে।
ৰাষ্ট্ৰপতি নিৰ্বাচনত
অনুৰা কুমাৰাই দিশানয়ক আদানীৰ প্ৰকল্প বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা
ছেপ্টেম্বৰ মাহত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে ব্যক্তিগত খণ্ডত বিদেশী
বিনিয়োগক আদৰণি জনোৱাৰ বিপৰীতে বিনিয়োগ এক ন্যায্য নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে হ’ব লাগে। পূৰ্বৰ চৰকাৰে যদি
ন্যায্য নিবিদা আহ্বান কৰিলেহেঁতেন তেন্তে আধা দামত বিদ্যুৎ উপলব্ধ হ’লহেঁতেন।
আদানী গ্ৰুপৰ এগৰাকী
মুখপাত্ৰই কয় যে এই চুক্তি বাতিল কৰাটো শ্ৰীলংকাৰ নতুন চৰকাৰৰ শক্তি নীতি
পৰ্যালোচনাৰ অংশ। শ্ৰীলংকাৰ সেউজ শক্তি খণ্ডত ১ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ
কৰাৰ প্ৰতিশ্ৰুতি দিছে আদানীয়ে।
উত্তৰ-পশ্চিম অঞ্চলৰ
মান্নাৰ আৰু পুনিয়নত ৪৪.২ মিলিয়ন ডলাৰৰ বতাহ শক্তি প্ৰকল্পটো বিতৰ্কিত। ২০২৩ চনৰ
ফেব্ৰুৱাৰী মাহত এই প্ৰকল্পৰ অনুমোদন লাভ কৰা হয়। ২০২৪ চনৰ মে’ মাহত আদানি গ্ৰীণ এনাৰ্জীৰ পৰা
প্ৰতি কিলোৱাটত ০.০৮২৬ ডলাৰত বিদ্যুৎ ক্ৰয় কৰাৰ প্ৰস্তাৱ অনুমোদন কৰা হয়।
পৰিৱেশবিদ, অৰ্থনীতিবিদ আৰু দুৰ্নীতি বিৰোধী কৰ্মীসকলে এই
সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰকল্প সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো
গোচৰ ৰুজু কৰা হয়। প্ৰকল্পটোৰ আইনী আৰু পৰিৱেশগত দিশসমূহ পৰ্যালোচনা কৰিবলৈ এখন
বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে। এই সন্দৰ্ভত অহা মাৰ্চ মাহত শুনানি অনুষ্ঠিত হ’ব।
0 coment rios: