মিছা কথা ক'বলৈ জাপানলৈ গৈছে মুখ্যমন্ত্ৰী: গৌৰৱ গগৈ
বি. চি ডেস্ক, ২৩ জানুৱাৰীঃ "অসমত মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'বলৈ থল নপোৱা হ'ল, সেয়েহে জাপানলৈ গৈছে, মিছা কথা ক'বলৈ । স্থানীয় উদ্যোগসমূহেই চলাব নোৱাৰি বন্ধ কৰিছে, এইবাৰ আকৌ বিদেশলৈ গৈছে বিনিয়োগ বিচাৰি । অৱস্থা একেই হ'ব ।"৷মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিদেশ ভ্ৰমণৰ বিষয়টোকো তীব্ৰ ভাষাৰে কটাক্ষ কৰি এই দৰে কয় সাংসদ গৌৰৱ গগৈয়ে।
দেৰগাঁৱৰ ইকৰানী
গাঁৱত প্ৰীতিভোজত অংশগ্ৰহণ কৰি এই বক্তব্য সাংসদ গৌৰৱ গগৈ কয়, "স্থানীয় উদ্যোগসমূহ তেওঁলোকে চলাব পৰা নাই । কাগজ কল, চেনী কল থলুৱা
উদ্যোগ, চিমেণ্ট উদ্যোগকেই তেওঁলোকে চলাব পৰা নাই । যি সময়ত
আমাৰ থলুৱা উদ্যোগসমূহ চলাব নোৱাৰাৰ ফলত
কৰ্মসংস্থানৰ অভাৱত দিনক দিনে বাঢ়ি গৈছে শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা ।
যিয়ে নিজৰ থকা খিনিয়ে চলোৱাত ব্যৰ্থ তেনে ক্ষেত্ৰত বাহিৰৰ পৰা অহা উদ্যোগসমূহৰো
অৱস্থা একে নহ'ব নেকি বুলি সাংসদ গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে?"
উল্লেখ্য় যে দেৰগাঁৱৰ ইকৰানী পথাৰত বুধবাৰে অনুষ্ঠিত হয়
কংগ্ৰেছ দলৰ এক বৃহৎ প্ৰীতিভোজ । গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ সহযোগত আয়োজিত এই
প্ৰীতিভোজত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে । নেতাগৰাকীৰ সৈতে একেলগে মুকলি পথাৰত
এসাঁজ খাবলৈ পাই উৎফুল্লিত হৈ পৰে দলীয় কৰ্মীসকল । প্ৰীতিভোজতেই সাংবাদিকৰে হোৱা
বাৰ্তালাপত এই মন্তব্য কৰে সাংসদ গগৈয়ে ৷ তেওঁ লগতে কয়, "আজি সৰু সৰু ব্যৱসায়ীসকলৰ অৱস্থা নাই । বাহিৰৰ পৰা উদ্যোগ অহাটো দূৰৰ কথা,
অসমতে থলুৱা উদ্যোগ সৃষ্টি কৰিব পৰা নাই, ।"
অসমত একমাত্ৰ কয়লা, শিল, বালিৰ,
উদ্যোগ ভালদৰে চলি আছে বুলি কটাক্ষ কৰে সাংসদগৰাকীয়ে ।
তেওঁ আৰু কয় যে, "এই উদ্যোগসমূহ ছিণ্ডিকেটে চলাই আছে । এই কথা মুখ্যমন্ত্ৰীয়ে জাপান আৰু
কোৰিয়াত গৈ কৈছেনে ? কাৰ্বি আংলং জিলাত কিমান পাহাৰ কাটি
শেষ কৰি দিছে এই কথাও তেওঁ তাত কোৱা নাই ৷ বৰ্তমান আমাৰ ৰাইজে এই কথা বুজি পাইছে
যে এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ উন্নতিৰ বাহিৰে অসমৰ জনসাধাৰণৰ উন্নতি হোৱা নাই যাৰ
বাবে অসমৰ জনসাধাৰণে এটা বিকল্প বিচাৰিছে আৰু সেই বিকল্প একমাত্ৰ কংগ্ৰেছ দল
।"
লগতে সাংসদগৰাকীয়ে পঞ্চায়ত
নিৰ্বাচন সম্পৰ্কে কয়,
"গাঁৱৰ ঘৰে ঘৰে এটাই কথা ওলাইছে যে এইখন চৰকাৰ নিজকে ধনী কৰাত
ব্যস্ত, যাৰ বাবে পঞ্চায়তৰ বহু কাম এতিয়ালৈ হৈ নুঠিল । তেওঁলোকৰ সকলো শ্লোগান ফাঁকি ৷ তেওঁলোকে কয় ঘৰে ঘৰে পানী, কিন্তু
এতিয়া বহু ঠাইত পাইপ আছে কিন্তু পানী নাই । বৰ্তমান খোৱাপানীৰ বহু সমস্যা ৷
মানুহে উপাই নাপাই পুখুৰীৰ পানী খাইছে । সীমান্ত অঞ্চলত বসবাস কৰা লোকৰ মাটি
নাইকিয়া হৈছে । পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে চুবুৰীয়া ৰাজ্যৰ লগত আলোচনা কৰি
সীমাসমূহ ঠিক কৰিছিল, কিন্তু এতিয়া একো নাই । নাগালেণ্ডত
বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পাছতো একো কৰিব পৰা নাই । আটাইতকৈ গুৰুত্বপূৰ্ণ কথা
হ'ল মাটি । আজি এইখন চৰকাৰ জাতি-মাটি-ভেটিৰ
নামত আহিছে যদিও খিলঞ্জীয়া লোকে মাটি পোৱা নাই ৷ সকলো মাটি দিছপুৰৰ এটা বিশেষ
ৰাজনৈতিক পৰিয়ালৰ এগৰাকী বিশেষ মহিলাৰ হাতলৈ গৈছে ।"
0 coment rios: