Thursday, January 23, 2025

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কিয় মণিপুৰৰ বিজেপি মিত্ৰজোঁট এৰিলে ?

 

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কিয়  মণিপুৰৰ বিজেপি মিত্ৰজোঁট এৰিলে ?


নেচনেল ডেস্ক,২৩ জানুৱাৰীঃ মণিপুৰৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জনতা দল-ইউনাইটেড (জেডিইউ) ওলাই আহিছে । কিন্তু বিহাৰত বিজেপি আৰু জেডিইউয়ে একেলগে চৰকাৰ চলায় আছে, মণিপুৰত জেডিইউয়ে বিজেপিৰ সংগ এৰিলে। ইয়াৰ ফলত মণিপুৰত বিজেপি চৰকাৰ চলোৱাত কোনো অসুবিধাৰ সৃষ্টি নহব। কাৰণ ৬০ জনীয়া মণিপুৰ বিধানসভাত বিজেপি নেতৃত্বাধীন এন ডি এৰ সদস্য আছিল ৪৬ জন। মিত্ৰজোঁটত জেডিইউৰ মাত্ৰ এজন সদস্য। জেডিইউয়ে মিত্ৰতাৰ পৰা আঁতৰি অহাৰ লগে লগে এতিয়া বিধানসভাত ৪৫ জন সদস্য আছে।

২০২২ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে মণিপুৰ বিধানসভা নিৰ্বাচনত জেডিইউয়ে মুঠ ৬খন আসন লাভ কৰিছিল। কিন্তু সেই বছৰৰ ছেপ্টেম্বৰ মাহত জেডিইউৰ ছয়জন বিধায়কৰ ভিতৰত পাঁচজন বিধায়কে দল এৰি বিজেপিত যোগদান কৰে। ফলত ৬০ জনীয়া বিধানসভাত জেডিইউৰ সদস্যৰ সংখ্যা এজনলৈ হ্ৰাস পাইছিলজেডিইউয়ে মিত্ৰতাৰ পৰা আঁতৰি আহহিলেও বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহব।

মণিপুৰত নীতিশ কুমাৰে কিয় বিজেপিৰ হাত এৰিলে সেয়া এতিয়া স্পষ্ট হোৱা নাই৷ মণিপুৰত বীৰেণ সিঙৰ বিৰুদ্ধে উত্থাপিত অপ্ৰশাসনৰ অভিযোগৰ বাবেই জেডিইউয়ে মিত্ৰতা এৰি যোৱা বুলি ধাৰণা কৰা হৈছে। ডেৰ বছৰতকৈও অধিক সময় ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰত ২৫০ জনৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ হাজাৰৰো অধিক লোকে ঘৰ-দুৱাৰ হেৰুৱাইছে।

কিন্তু পৰ্যবেক্ষকৰ মতে মিত্ৰতা এৰি যোৱাৰ প্ৰকৃত কাৰণ বেলেগ। ২০২৫ চনৰ শেষৰ ফালে বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব। এই নির্বাচনত বিজেপিয়ে অকলে ক্ষমতালৈ আহিবলৈ সকলো শক্তি প্রয়োগ কৰিব বুলি বিশ্বাস কৰা হৈছে৷

নিৰ্বাচনত মিত্ৰজোঁটৰ লগত থাকি যুঁজিলেও এইবাৰ বিজেপিয়ে নীতিশ কুমাৰক মুখ্যমন্ত্ৰী কৰিবলৈ ইচ্ছুক নহয়। কাৰণ বিজেপিয়ে এককসংখ্যাগৰিষ্ঠতা নপোৱাৰ বাবে তেওঁ প্ৰতিবাৰেই কম সংখ্যক আসন পোৱাৰ পিছতো মুখ্যমন্ত্ৰী হৈ আহিছে২০২৫ চনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা কৰিছে। ফলত বিজেপিয়ে মিত্ৰজোঁটৰ অংশীদাৰ হলেও নীতিশ কুমাৰৰ দলটোক অধিক আসন নিদিয়ে। প্ৰায়বোৰ আসনত বিজেপিয়ে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চেষ্টা কৰিব। নীতিশ কুমাৰে এই কথাটো বুজিবলৈ সক্ষম হৈছে।

এনে পৰিস্থিতিত নীতিশ কুমাৰে সাধাৰণতে বিজেপিৰ হাত এৰি নিজৰ প্ৰধান প্ৰতিদ্বন্দ্বী তথা ভাৰতীয় মিত্ৰজোঁটৰ অন্যতম সদস্য ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু প্ৰসাদ যাদৱৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হব অথবা নিৰ্বাচনৰ পিছৰ পৰ্যায়তআপোচৰ জৰিয়তে মুখ্যমন্ত্ৰী হবলৈ পাৰিব তেওঁ আগতেও এই কাম কৰি আহিছে। কম সংখ্যক আসন পোৱাৰ পিছতো নীতিশে মুখ্যমন্ত্ৰী হৈছিল। কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত পুনৰ লালু প্ৰসাদৰ হাত এৰি বিজেপিত যোগদান কৰি মুখ্যমন্ত্ৰী হয়। বিগত ডেৰ দশক ধৰি নীতিশ কুমাৰে বিহাৰত এনেদৰে ৰাজনীতি কৰি আহিছে।

যোৱা দেওবাৰে নীতিশে পুনৰ লালু প্ৰসাদ যাদৱৰ সৈতে সাক্ষাৎ কৰে। এই বৈঠকৰ অন্তত পৰ্যবেক্ষকে কয় যে নিৰ্বাচনৰ পূৰ্বে তেওঁ পুনৰ বিজেপি ত্যাগ কৰি লালু প্ৰসাদ যাদৱৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কম সংখ্যক বিধায়ক লৈ চৰকাৰ গঠন কৰি মুখ্যমন্ত্রী হব৷ লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱক পুনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হব। ফলত ভৱিষ্যতৰ বিজেপিয়ে সিদ্ধান্ত লব লাগিব যে তেওঁলোকে অকলে নিৰ্বাচনী ৰণত নামিব, নে নীতিশ কুমাৰক লগত লৈ নিৰ্বাচনত যুঁজিব


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: