নেচনেল ডেস্ক, ১৯ জানুৱাৰীঃ বেংগালুৰুত
অনুষ্ঠিত হ’বলগীয়া ‘এৰো ইণ্ডিয়া শ্ব’ ২০২৫’
উপলক্ষে বেংগালুৰুৰ য়েলাংকা বিমানবন্দৰৰ পৰা ১৩ কিলোমিটাৰ দূৰত্বত
থকা সকলো মাংসৰ দোকান, নিৰামিষভোজী হোটেল আৰু ৰেষ্টুৰেণ্ট
বন্ধ কৰাৰ নিৰ্দেশ দিছে বৃহত্তৰ বেংগালুৰু পৌৰ নিগমে। এনডিটিভিৰ এক প্ৰতিবেদনত এই
তথ্য প্ৰকাশ ।
এই আদেশ ২৩ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ কাৰ্যকৰী হ’ব।
বিবিএমপিৰ এক বিবৃতিত কোৱা হৈছে যে এৰো ইণ্ডিয়া শ্ব’ৰ সময়ৰ
প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা, মাংস ব্যৱসায়ী, নিৰামিষভোজী হোটেল আৰু ৰেষ্টুৰেণ্টৰ মালিকসকলক এই নিৰ্দেশনাসমূহ মানি
চলিবলৈ অনুৰোধ জনোৱা হৈছে। উৰণৰ অনুশীলনৰ সময়ত নিৰ্দেশনা পালন নকৰিলে BBMP
Act 2020 আৰু Aircraft Rules 1937 অনুসৰি
ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
বিবিএমপিৰ মতে বিমানবন্দৰৰ আশে-পাশে থকা খোলা মাংসৰ
দোকান বা নিৰামিষভোজী হোটেলৰ পৰা অহা দুৰ্গন্ধ আৰু খাদ্যৰ টুকুৰাবোৰে চিলা, কাউৰী
আদি চৰাইক আকৰ্ষণ কৰিব পাৰে। ইয়াৰ ফলত বিমান সঞ্চালনৰ সময়ত দুৰ্ঘটনা সংঘটিত
হোৱাৰ আশংকাৰ সৃষ্টি হয়। সেইবাবেই নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে।
মন কৰিবলগীয়া যে ‘এৰো
ইণ্ডিয়া শ্ব’ মূলতঃ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত সামৰিক বিমান
আৰু অস্ত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰে। এৰো ইণ্ডিয়া শ্ব’ৰ পোন্ধৰতম খণ্ডৰ এই আয়োজন কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।
0 coment rios: