১৬০০০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে এটা বিৰল ধুমকেতু
১৬০০০০ বছৰৰ পাছত
প্ৰথমবাৰৰ বাবে পৃথিৱীৰ আকাশত উজ্জ্বল ধুমকেতু দেখা পোৱা গৈছে। নাছাৰ তথ্য অনুসৰি
ধুমকেতুৰ উজ্জ্বলতা আগতীয়াকৈ নিৰ্ণয় কৰাটো কঠিন। অৱশ্যে ধুমকেতু C/2024
G3 (Atlas) খালী চকুৰে দেখা পোৱাকৈ উজ্জ্বল হ’ব পাৰে।
সোমবাৰে
ধুমকেতুটোৱে সূৰ্য্যৰ আটাইতকৈ ওচৰৰ বিন্দু (পেৰিহেলিয়ন)ত উপনীত হয়। বিশেষজ্ঞসকলে
কয় যে সোমবাৰৰ নিশাৰ পৰা দেখা যাব পাৰে। ধুমকেতুটো শুক্ৰৰ দৰে উজ্জ্বল হ’ব
পাৰে। যদিও সম্ভাৱ্য দৃশ্যমানতাৰ সঠিক স্থান অজ্ঞাত, বিশেষজ্ঞসকলৰ
মতে ইয়াক দক্ষিণ গোলাৰ্ধৰ পৰাই সৰ্বোত্তমভাৱে দেখা যায়।
যোৱা
বছৰ নাছাৰ এষ্টেৰইড টেৰেষ্ট্ৰিয়েল-ইমপেক্ট লাষ্ট এলাৰ্ট চিষ্টেম (ATLAS) য়ে এই ধুমকেতুটো দেখা পাইছিল। কিংছ কলেজ লণ্ডনৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞান
আৰু ব্ৰহ্মাণ্ডবিজ্ঞান বিজ্ঞানৰ গৱেষক ড. শ্যাম বালাজীয়ে কৈছে, "বৰ্তমানৰ কক্ষপথৰ গণনা অনুসৰি এই ধুমকেতুটো সূৰ্য্যৰ পৰা প্ৰায় ৮৩ লাখ
মাইল দূৰত্বত পাৰ হ'ব সেয়েহে ইয়াক "সূৰ্য্যৰ
ওচৰত" ধুমকেতু বুলি কোৱা হয়। বিশ্ববিদ্যালয়খনে এই ধুমকেতুটোক ১ লাখ ৬০ হাজাৰ বছৰৰ ভিতৰত এবাৰ হোৱা ঘটনা
বুলি অভিহিত কৰে।
ডাঃ
ড. বালাজীয়ে কয়,
‘ধুমকেতুটো দেখাৰ সুযোগ হয়তো পেৰিহেলিয়নৰ আশে-পাশে থকা দিনবোৰত হ’ব পাৰে। কিন্তু ই স্থানীয় পৰিস্থিতি আৰু ধুমকেতুটোৰ আচৰণৰ ওপৰত নিৰ্ভৰ
কৰিব । “সকলো ধুমকেতুৰ দৰেই ইয়াক
দেখাৰ সম্ভাৱনা আৰু ইয়াৰ উজ্জ্বলতা অনিশ্চিত,”।
বালাজীয়ে
লগতে কয় যে দক্ষিণ গোলাৰ্ধত বাস কৰা লোকসকলে ধুমকেতুটো ভালকৈ দেখা পাব পাৰে। সূৰ্য্য উদয়ৰ আগতে পূব আকাশত আৰু পেৰিহেলিয়নৰ পিছত সূর্যাস্তৰ পিছত পশ্চিম আকাশত ধুমকেতুটো দেখা যায়।
কিন্তু
বালাজীয়ে লগতে ক’লে, ‘যদিও ধুমকেতুটো অতি উজ্জ্বল হোৱাৰ সম্ভাৱনা আছে,
তথাপিও ইয়াৰ উজ্জ্বলতাৰ আগজাননী দিয়াটো অতি অনিশ্চিত। কেতিয়াবা
এই বোৰ কাৰণতে ধুমকেতুটো দেখাৰ আশা ম্লান হৈ পৰে।’ ধুমকেতুটোৰ
সূৰ্য্যৰ অৱস্থানৰ সম্পৰ্কৰ বাবে ব্ৰিটেইনকে ধৰি উত্তৰ গোলাৰ্ধৰ পৰা ইয়াক দেখাটো
কঠিন হ’ব পাৰে।
বালাজীয়ে
ধুমকেতুটো চাব বিচৰাসকলক পোহৰ প্ৰদূষণৰ পৰা আঁতৰত স্থান বিচাৰি উলিয়াবলৈ আৰু এযোৰ
বাইনোকুলাৰ বা সৰু টেলিস্কোপ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে সূৰ্য্য উদয় আৰু
সূৰ্যাস্তৰ সময়ত সজাগ হৈ থাকিবলৈ সকীয়াই দিয়ে। আকাশত ক’ত
দেখা যাব পাৰে সেইটো নিৰ্ণয় কৰিবলৈ ধুমকেতুটোৰ অৱস্থান অনুসৰণ কৰিবলৈ কোৱা হৈছে।
ইতিমধ্যে
জ্যোতিৰ্বিজ্ঞানীসকলে ধুমকেতুটোৰ পথ অনুসৰণ কৰিছে। শনিবাৰে নাছাৰ মহাকাশচাৰী ডন
পেটিটে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ধুমকেতুটোৰ ফটো ছ’চিয়েল
মিডিয়াত শ্বেয়াৰ কৰে। তেওঁ লিখিছে, ‘কক্ষপথৰ পৰা ধুমকেতু
দেখাটো সঁচাকৈয়ে আচৰিত।
উৎস: বিবিচি
0 coment rios: