ঝুমুৰ নৃত্যৰে ইতিহাস ৰচিবলৈ সাজু হৈছে আঠ সহস্ৰাধিক শিল্পী
বি. চি ডেস্ক, ২৩ফেব্ৰুৱাৰীঃ
ঝুমুৰ নৃত্যই এক নতুন
ইতিহাস ৰচিবলৈ সাজু হৈছে।
একেলগে, একেস্থানত
আঠ সহস্ৰাধিক নাচনীয়ে একে সময়তে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। সকলো প্ৰস্তুতি
সম্পূৰ্ণ হৈছে, অপেক্ষা
কেৱল সেই ঐতিহাসিক ক্ষণৰ। যিটো ক্ষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত
উদ্ভাসিত হ'ব
ঝুমুৰ নৃত্য। সাজু হৈ আছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম।
সোমবাৰে
সন্ধিয়া, প্ৰধানমন্ত্ৰীসহ
কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, দেশ-বিদেশৰ
বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সৰুসজাইত একেলগে আঠ সহস্ৰাধিক ঝুমুৰ শিল্পীয়ে অসম
চৰকাৰৰ উদ্যোগত আয়োজন কৰা এই মেগা ঝুমুৰ নৃত্যই ইতিহাস সৃষ্টি কৰিব। মহিলা
নৃত্যশিল্পী, পুৰুষ
নৃত্যশিল্পী, বাদ্যযন্ত্ৰীৰ
সৈতে মুঠ ৯ হাজাৰৰো অধিক শিল্পীয়ে এই অনুষ্ঠানত ভাগ ল’ব।
অপেক্ষা মাথোঁ সোমবাৰ বিয়লিলৈ । সোমবাৰে সন্ধিয়া ৬
বজাত ঝুমুৰ বিনন্দিনীৰে মুখৰিত হৈ পৰিব সৰুসজাই ষ্টেডিয়াম । ৰাজ্যৰ বিভিন্ন জিলাৰ
পৰা অহা ঝুমুৰ নৃত্যৰ শিল্পীসকলে ইতিমধ্যে সৰুসজাইত চলাই আছে অনুশীলন । আজি সন্ধিয়া
চূড়ান্ত অনুশীলন অনুষ্ঠিত হ'ব । য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹
হিমন্ত বিশ্ব শৰ্মা ।
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ঝুমুৰ বিনন্দিনীত অংশ লোৱা প্ৰতিগৰাকী শিল্পীলৈ ২৫ হাজাৰকৈ টকা আগবঢ়োৱা হ’ব। লগতে ৰাজ্যৰ ৮০০ খন চাহ বাগিচালৈও ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব। ইফালে, ঝুমুৰ নৃত্যৰ মেগা অনুষ্ঠান আৰু "এডভাণ্টেজ অসম"ৰ দ্বিতীয় সংস্কৰণৰ বাবে দেশী-বিদেশী অতিথিসকলে অসমলৈ আহিব। কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ৬০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আহিব।
সমগ্ৰ ৰাজ্যজুৰি এক উৎসৱৰ পৰিৱেশ। সোমবাৰে সন্ধিয়া ৬ বজাত "ঝুমুৰ বিনন্দিনী"ৰে মুখৰিত হৈ পৰিব সৰুসজাই ষ্টেডিয়াম। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা অহা ঝুমুৰ নৃত্যৰ শিল্পীসকলে এতিয়া শেষ মুহূৰ্তৰ অনুশীলনত ব্যস্ত। আজি সন্ধিয়া চূড়ান্ত অনুশীলন অনুষ্ঠিত হ’ব, য’ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।
অসমৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ এক অবিচ্ছেদ্য অংগ হ'ল ঝুমুৰ লোকনৃত্য। এই নৃত্যৰ আছে এক নিজা বৈশিষ্ট্য। চাহ বাগিচাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা চাহ জনগোষ্ঠীটোৰ সংস্কৃতি বৰ্ণময়। বিহুৰ পাছত অসম চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলৰ চহকী সংস্কৃতি, ঝুমুৰ নৃত্যকো বিশ্বদৰবাৰত উপস্থাপন কৰিবলৈ এই বিশাল আয়োজন কৰিছে।
এই জনগোষ্ঠীটোৰ দুখ-বেদনাৰো আন এক ইতিহাস আছে। বছৰ ধৰি শোষণ-বঞ্চনাৰ সন্মুখীন হৈ অহা এই জনগোষ্ঠীটো এতিয়াও নানান সমস্যাৰে ভাৰাক্ৰান্ত। অৱশ্যে, অসম চৰকাৰে আয়োজন কৰা ঝুমুৰৰ এই বিশাল অনুষ্ঠানেও জনগোষ্ঠীটোক বিশেষভাৱে উৎসাহিত কৰিছে।
ঝুমুৰ নৃত্যৰ নিজা বৈশিষ্ট্য আছে। চাহ বাগিচাত বসবাস কৰা চাহ জনগোষ্ঠীটোৱে নিজৰ সুকীয়া কলা-সংস্কৃতিৰে এই নৃত্যক মহিমামণ্ডিত কৰি তুলিছে। চাহ জনগোষ্ঠীয় লোকসকল অসমতহে চাহ জনগোষ্ঠী হিচাপে পৰিচিত।
১৮ শতিকাত অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিশ্যা, ঝাৰখণ্ড, ছত্তিশগড়, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদি অঞ্চলৰ আদিবাসী জনগোষ্ঠীক অসমত চাহখেতিৰ কামত নিযুক্ত কৰাৰ বাবে ব্রিটিছসকলে আনি স্থাপন কৰিছিল। কালক্ৰমত বিভিন্ন জাতি, উপজাতিৰ সংমিশ্ৰণত অসমত সৃষ্টি হয় চাহ জনগোষ্ঠী। তেওঁলোকৰ নিজস্ব বিভিন্ন পৰ্ব-পূজা আছে যেনে কৰম পূজা, টুচু পৰব, সৰহাই পৰব, ফাগুণ পৰব, দুৰ্বা পূজা, মনসা পূজা আদি।
ঝুমুৰ, ঘেৰা, দমকচ, সহৰাই, টুচু, নিচুকনি, ওমলা গীত আদিৰ জৰিয়তে চাহ জনগোষ্ঠীয় লোকসকলৰ বৈচিত্ৰময় জীৱন প্ৰতিফলিত হৈ আহিছে। ব্রিটিছৰ দিনত দেশৰ ভিন্ন অঞ্চলৰ পৰা আনি, চাহ বাগিচাত নিযুক্ত কৰা এই লোকসকলে এতিয়াও বাগিচাৰ ভিতৰতে বাস কৰি আহিছে। অৱশ্যে, সময়ৰ লগে লগে বহুতে বাগিচাৰ বাহিৰেও নিজৰ জীৱিকা গঢ়ি তুলিছে।
ঝুমুৰ নৃত্য, যি চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংশ, সেই নৃত্য এতিয়া বিশ্বদৰবাৰলৈ আগবাঢ়িছে। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপিত কৰম পূজাৰ সময়ত এই নৃত্য প্ৰদৰ্শন কৰা হয়। এই নৃত্যত নাচনীয়ে হাতত ধৰাধৰি কৰি দীঘলীয়া শাৰী গঠন কৰে। সাধাৰণতে যুৱক-যুৱতীয়ে অংশ লোৱা এই নৃত্যত ল’ৰাসকলে ঢোল, মাদল, তাল, বাঁহী আদি বাদ্যযন্ত্ৰ বজোৱাৰ লগতে গীত গায়।কৰম পূজাৰ দিনা সন্ধিয়া আৰম্ভ হোৱা ঝুমুৰ নৃত্য ৰাতি ভৰ চলি থাকে। স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত ঝুমুৰ নৃত্য এতিয়া কেৱল চাহ বাগিচাত সীমাবদ্ধ নহয়, ই এতিয়া বিশাল পৰিসৰ লাভ কৰিছে।
অসমৰ চাহ জনগোষ্ঠী, যি এক কঠোৰ পৰিশ্ৰমী সমাজ, তেওঁলোকৰ আনন্দ আৰু মিলনৰ এক অন্যতম মাধ্যম হিচাপে ঝুমুৰ নৃত্যৰ জন্ম হৈছিল। এক সময়ত শ্ৰমিকসকলৰ মনোৰঞ্জনৰ উপায় হিচাপে এই নৃত্য অনুষ্ঠিত কৰা হৈছিল, কিন্তু এতিয়া ই এই জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয়ৰ এক মুখ্য অংগ হিচাপে বিবেচিত হৈছে। ঝুমুৰ নৃত্য পৰিৱেশনৰ সময়ত নৃত্যশিল্পীসকলে পৰম্পৰাগত অলংকাৰ যেনে সীতাপতি, হাছুলি, ঝুমকা, পায়েৰী আদি পৰিধান কৰে। এই নৃত্যত মাদল, ধমছা, বাঁহী আদি বাদ্যযন্ত্ৰৰ সুৰ ধ্বনিত মুখৰিত হয়।
এই নৃত্যৰ আয়োজনৰ মূল উদ্দেশ্য হৈছে অসমৰ চাহ জনগোষ্ঠীক স্বীকৃতি প্রদান কৰা। দীৰ্ঘদিন ধৰি এই জনগোষ্ঠী দৰিদ্ৰতা, শোষণ, আৰু অৱহেলাৰ সন্মুখীন হৈছিল। তেওঁলোকৰ সংস্কৃতিও উপেক্ষিত হৈ আহিছিল। কিন্তু, এতিয়া এই জনগোষ্ঠীৰ চহকী সংস্কৃতিক বিশ্বদৰবাৰত স্থাপন কৰিবলৈ এই বিশেষ আয়োজন কৰা হৈছে।
0 coment rios: