Monday, February 3, 2025

কাজিৰঙাত ব্যতিক্ৰমী পূজা, প্ৰতিমা নহয় জীৱন্ত গণেশক পূজা! বছৰি আগভাগ লৈ আহিছে মাউত কাছেম আলীয়ে।

 কাজিৰঙাত ব্যতিক্ৰমী পূজা, প্ৰতিমা নহয় জীৱন্ত গণেশক পূজা! বছৰি আগভাগ লৈ আহিছে মাউত কাছেম আলীয়ে।

বি.চি. ডেস্ক, ৩ফেব্ৰুৱাৰীঃ গণেশ পূজা উপলক্ষে সিদ্ধিদাতাৰ আশিস বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন্দিৰসমূহত ভক্তৰ ভিৰ দেখা গৈছে। ভক্তসকলে গণেশ পূজাত অংশগ্ৰহণ কৰিছে। কোনোৱে শৰাই আগবঢ়াইছে, কোনোৱে ধূপ-চাকি জ্বলাইছে, আন কোনোৱে পূজাৰ বন্তি জ্বলাই স্তুতি অৰ্পণ কৰিছে। অৱশ্যে সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কিয়নো ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাৰ পৰিৱৰ্তে জীৱন্ত গণেশ অৰ্থাৎ গজৰাজৰ পূজা কৰা হৈছে। গণেশ পূজা উপলক্ষে কাজিৰঙাৰ পিলখানাত অনুষ্ঠিত হয় এই বিশেষ পূজা, যি এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।



উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত প্ৰতি বছৰে দুবাৰকৈ গণেশ পূজা কৰা হয়। প্ৰতি বছৰৰ নৱেম্বৰৰ ১ তাৰিখে হাতী ছাফাৰী আৰম্ভ হোৱাৰ প্ৰাকক্ষণত এই পূজা কৰা হয়,  হাতী পূজাৰ লগতে গজৰাজৰ মংগল কামনাৰ অৰ্থে কৰা হয়। কাজিৰঙাৰ মিহিমুখত পৰম্পৰাগত হস্তী পূজাৰে প্ৰতি বছৰে আৰম্ভ কৰা হয় কাজিৰঙাৰ হাতী ছাফাৰী। আনহাতে কাজিৰঙা বন বিভাগৰ পোহনীয়া হাতী আৰু বনৰীয়া হাতীৰ মংগল কামনা কৰি গণেশ পূজাৰ দিনাও কৰা হয় হস্তী পূজা। পুৱাই গজৰাজক গা ধুৱাই, সজাই-পৰাই লোৱা হয় আৰু সুন্দৰ সাজ-সজাৰত সজ্জিত কৰা হয় হাতী বোৰক।

তাৰ পাছতেই কঁহৰাৰ পিলখানাৰ নামঘৰত সেৱা-প্ৰাৰ্থনা কৰা হয়। আয়তীসকলে নামঘৰত নাম-কীৰ্তন কৰে আৰু কাজিৰঙা বন বিভাগৰ হাতীসমূহক সেৱা কৰা হয়। তাৰ পাছতেই নামঘৰৰ চৌদিশে হাতীকেইটাক প্ৰদক্ষিণ কৰোৱা হয়, যি এক বিশেষ ধৰ্মীয় আয়োজনৰ ৰূপ ৰূপান্তৰিত হয় ।



আনহাতে এই প্ৰদক্ষিণৰ অন্তত হাতীক কল-কুঁহিয়াৰ আদি খাবলৈ দিয়া হয়। বিভাগীয় হাতীৰ মাউতসকলে এই জীৱন্ত গণেশৰ পূজাত আগভাগ লয়। লক্ষণীয় কথাটো হ'ল প্ৰতিবছৰে কাছেম আলী নামৰ হাতী মাউত এগৰাকীয়ে পূজাভাগত আগভাগ লোৱা দেখা যায়। তেওঁ যি বিশেষ ভাৱে এই পূজাত অংশগ্ৰহণ কৰে, সেইটো সমাজৰ প্ৰতি এক গুৰুত্বপূর্ণ বাৰ্তা প্ৰেৰণ কৰে। এই পূজাত কাজিৰঙা বন বিভাগৰ বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়, যাৰ ফলত এই পূজাভাগ আৰু বেছি জাঁকজমকপূর্ণ হৈ উঠে।

উল্লেখযোগ্য যে এই বিশেষ পূজাৰ দ্বাৰা হাতীৰ প্ৰতি স্নেহ, মৰম, আৰু সুৰক্ষাৰ বাৰ্তা সমাজত প্ৰচাৰ কৰা হয়। এই পূজাই জীৱ আৰু প্ৰকৃতিৰ মাজত এক সুমধুৰ সম্পৰ্ক গঢ়ি তোলে, যি কাজিৰঙাৰ সেউজ পৰিৱেশ আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন দৃষ্টান্ত স্থাপন কৰাত সহায়ক হব বুলি আয়োজক সকলে আশা ব্যক্ত কৰে।





আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: