মণিপুৰৰ সংঘর্ষত নিজেই ইন্ধন যোগাইছিল নেকি মুখ্যমন্ত্ৰী বীৰেনে ? ফৰেনছিক ৰিপৰ্ট বিচাৰিছে উচ্চতম ন্যায়ালয়ে
নেচনেল ডেস্ক, ৩ফেব্ৰুৱাৰীঃ যোৱা বছৰ মণিপুৰৰ সাম্প্ৰদায়িক হিংসাত ইন্ধন যোগাইছিল নেকি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে? দীৰ্ঘদিন ধৰি বিভিন্ন মহলত এনে প্ৰশ্ন উত্থাপন হৈ আহিছে। এটা অডিঅ’ টেপে সমগ্ৰ বিষয়টোতে আলোড়নৰ সৃষ্টি কৰিছে । কুকি সকলোৰ দাবী যে টেপটোত বীৰেনৰ নিজৰ ‘স্বীকাৰোক্তি’ আছে। এইবাৰ উচ্চতম ন্যায়ালয়ে সেই অডিঅ’ টেপটোক লৈ পদক্ষেপ গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে টেপটো ভালদৰে পৰীক্ষা কৰি চৰকাৰী ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰক (চিএফএছএল) প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ পিভি
সঞ্জয় কুমাৰ আৰু মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে। শুনানিৰ আৰম্ভণিতে
ন্যায়াধীশ কুমাৰে কয়, "উচ্চতম ন্যায়ালয়লৈ অহাৰ পিচতে মুখ্যমন্ত্ৰী বীৰেনৰ
আমন্ত্ৰণত তেওঁৰ ঘৰত ৰাতিৰ আহাৰত অংশ লৈছিলো।" এতিয়া মই শুনানিৰ পৰা আঁতৰি
যাব লাগিব নেকি ?'' ন্যায়াধীশৰ
বিচাৰপীঠৰ সন্মুখত শুনানি অনুষ্ঠিত হোৱাত তেওঁৰ কোনো আপত্তি নাই বুলি কয় ফৈৰাদীৰ
অধিবক্তা প্ৰশান্ত ভূষনে! শুনানি আৰম্ভ হোৱাৰ লগে লগে প্ৰশান্তই দাবী কৰে যে
ব্যক্তিগত সংস্থা ‘ট্ৰুথ লেবছ’ৰ ফৰেনছিক পৰীক্ষিত অডিঅ’ টেপত থকা কণ্ঠ আৰু মুখ্যমন্ত্ৰী
বীৰেনৰ কণ্ঠৰ মাজত ৯৩ শতাংশ মিল পোৱা গৈছে। ইয়াৰ পিছতে দুজনীয়া বিচাৰপীঠে অডিঅ’ টেপটো চৰকাৰী লেবৰেটৰী চি এফ এছ এলক
গতাই দিবলৈ নিৰ্দেশ দিয়ে। অডিঅ’ৰ ফৰেনছিক পুনৰ পৰীক্ষা কৰি শীঘ্ৰে উচ্চতম ন্যায়ালয়ত
প্ৰতিবেদন দাখিল কৰিব লাগিব।
যোৱা বছৰৰ শেষৰ ফালে মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষত
মুখ্যমন্ত্ৰী বীৰেনে ইন্ধন যোগোৱাৰ অভিযোগ উত্থাপন হৈছিল। খোদ মুখ্যমন্ত্রীৰ কণ্ঠত
সেই ‘স্বীকাৰোক্তি’ৰ অডিঅ’ পোহৰলৈ আহে ৷ কুকি সকলোৰ এটা দলে
উচ্চতম ন্যায়ালয়ৰ কাষ চাপি এই বিষয়ৰ তদন্তৰ অনুৰোধ জনায়। ইয়াৰ পূৰ্বে
তদানীন্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ বিচাৰপীঠেও শুনানি গ্ৰহণ কৰিছিল।
তাত কুকিৰ হৈ অধিবক্তা প্ৰশান্তই দাবী কৰিছিল যে, সেই বীৰেনৰ টেলিফোনিক কথা-বতৰাৰ টেপটো
ৰেকৰ্ড কৰিছিল এজন ‘হুইছল ব্ল’ৱা’ৰে । মুখ্যমন্ত্রীয়ে ‘স্বীকাৰ’ কৰিছিল যে তেওঁ সংঘাতত ইন্ধন যোগাইছিল
আৰু অস্ত্ৰ-শস্ত্ৰ লুট কৰাসকলক আশ্ৰয় দিছিল! উচ্চতম ন্যায়ালয়ে কুকি
অৰ্গেনাইজেচনক এই দাবীৰ সমৰ্থনত অডিঅ’ টেপকে ধৰি উপযুক্ত প্ৰমাণ দাখিল কৰিবলৈ কয়।
২০২৩ চনৰ মে’ মাহৰ পৰা মেইটেই আৰু কুক সম্প্ৰদায়ৰ মাজত হিংসাত্মক
পৰিস্থিতিয়ে কঁপাই তুলিছে মণিপুৰ। কিছুদিন মাজে মাজে বিৰতিৰ পিছত যোৱা বছৰৰ
ছেপ্টেম্বৰ মাহত মেইটাই আৰু কুকি জনগোষ্ঠীৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত পৰিস্থিতি আকৌ
উত্তপ্ত হৈ পৰে। জ্বলাই দিয়া হয় একাধিক ঘৰ- বাৰী। ভাগে ভাগে চলা সংঘৰ্ষত মণিপুৰৰ
বৃহৎ অঞ্চলৰ বিস্তীর্ণ অঞ্চলত বিস্তৰ ক্ষতি হয় ।
মুখ্যমন্ত্রীকে ধৰি কেইবাগৰাকীও ৰাজ্যৰ বিধায়কৰ ঘৰত আক্রমণ কৰে ৰাইজে৷ ৰাজ্যৰ ৫
খন জিলাত জাৰি কৰা হয় কাৰ্ফিউ। ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছিল। যোৱা
ডিচেম্বৰতো মুখ্যমন্ত্রী বীৰেনৰ ঘৰৰ সমীপত এটা বোমা উদ্ধাৰ হৈছিল!

0 coment rios: