দিহিং পাটকাইৰ অবৈধ কয়লা খননৰ গোচৰক লৈ কঠোৰ উচ্চ ন্যায়ালয়
বি. চি ডেস্ক, ৭ফেব্ৰুৱাৰীঃ দিহিং
পাটকাইৰ প্রস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খননৰ এক ৰাজহুৱা
স্বাৰ্থজনিত গোচৰক কেন্দ্ৰ কৰি চৰকাৰৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰিছে গুৱাহাটী উচ্চ
ন্যায়ালয়। বৃহস্পতিবাৰে অধিবক্তা
মৃণ্ময় খাটনিয়াৰ আৰু পৰ্বতাৰোহী অমৰজ্যোতি ডেকাই দাখিল কৰা এখন জনস্বাৰ্থজনিত আৱেদন
(পি আই এল) ৰ শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এক কঠোৰ স্থিতি গ্ৰহণ
কৰা দেখা যায়।
অধিবক্তা
মৃণ্ময় খাটনিয়াৰ আৰু পৰ্বতাৰোহী অমৰজ্যোতি ডেকাই চালেকি সংৰক্ষিত বনাঞ্চলত ক'ল ইণ্ডিয়া লিমিটেডক
অবৈধভাৱে কয়লা খননৰ অনুমতি প্ৰদানৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল
দাখিল কৰিছিল। এই পি আই এলখনৰ শুনানি লৈ ২০২৩ চনতে উচ্চ ন্যায়ালয়ে গৃহ আৰু
ৰাজনৈতিক বিভাগৰ প্রধান সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক শপতনামা দাখিলৰ বাবে সময়
প্ৰদান কৰিছিল। উচ্চ ন্যায়ালয়ে চৰকাৰক কয়লা খননৰ গোচৰত তদন্ত আগবঢ়াবলৈ কয় আৰু
সংশ্লিষ্ট বিষয়ববীয়া সকলে কেনেদৰে অবৈধ খননৰ অনুমতি দিলে, তাৰ
ওপৰত এক বিশদ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে।
দিহিং
পাটকাইৰ প্রস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খননৰ এক ৰাজহুৱা স্বাৰ্থজনিত
গোচৰক কেন্দ্ৰ কৰি চৰকাৰৰ ভূমিকাকলৈ ক্ষুন্ন হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় । বৃহস্পতিবাৰে
অধিবক্তা মৃণ্ময় খাটনিয়াৰ আৰু পর্বতাৰোহী অমৰজ্যোতি ডেকাই দাখিল কৰা এখন পি আই
এলৰ শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা
যায় ।
দিহিং
পাটকাইৰ প্রস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ সৈতে জড়িত বেআইনী
কাৰ্যকলাপক লৈ বিভিন্ন সময়ত স্থানীয় বাসিন্দা আৰু পৰিৱেশ সংৰক্ষকসকলে উদ্বেগ
প্ৰকাশ কৰি আহিছে। বহু আন্দোলন আৰু প্ৰতিবাদৰ পিছতো চৰকাৰে এই বিষয়টোৰ প্ৰতি
গম্ভীৰ দৃষ্টিকোণ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। আদালতৰ এই কঠোৰ স্থিতিয়ে
চৰকাৰক কয়লা খননৰ ওপৰত যথাযথ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ ৰখাৰ বাবে বাধ্য কৰিব।
কিন্তু ২০২৪ চনৰ ২৯
অক্টোবৰ আৰু ২০ নৱেম্বৰত পি আই এলখনৰ শুনানি হয় যদিও প্রধান সচিব আৰু আৰক্ষী
সঞ্চালক প্ৰধানে কোনো শপতনামা দাখিল কৰিব নোৱাৰিলে। যাৰ বাবে দুবছৰে শপতনামা দাখিল
কৰিব নোৱাৰা বিষয়টোক লৈ শুনানিকালত ক্ষুব্ধ হৈ পৰে ন্যায়ালয়। উচ্চ ন্যায়ালয়ে
মন্তব্য কৰে যে, এনে গুৰুত্বপূৰ্ণ গোচৰত চৰকাৰৰ এনে
অনিহা গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে এক দুৰ্ভাগ্যজনক ঘটনা। ন্যায়ালয়ে চৰকাৰক তীব্ৰ
সমালোচনা কৰি কয় যে, শপতনামা দাখিলত বিলম্ব হোৱাটো এটা
সচেতন প্ৰচেষ্টা নে প্ৰশাসনিক অপৰিপক্কতা, সেয়া পৰীক্ষা
কৰিব লগা বিষয়।
উল্লেখযোগ্য
যে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতো এই গুৰুত্বপূৰ্ণ গোচৰত দুবছৰে চৰকাৰে
শপতনামা দাখিল কৰিব পৰা নাছিল। যাৰ বাবে বৃহস্পতিবাৰে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰি
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ ক্ষুব্ধ হৈ পৰে। উচ্চ ন্যায়ালয়ে সতর্ক
কৰি কয় যে, যদি অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত শপতনামা দাখিলত ব্যৰ্থ হয়, তেন্তে ১৪ ফেব্ৰুৱাৰৰ পুৱা ১০:৩০ বজাত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ
প্রধান সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক আদালতৰ মজিয়াত সোঁশৰীৰে হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰে।
এই
গোচৰটোৰ প্ৰতি এতিয়া জনসাধাৰণৰো ব্যাপক উৎসাহ আৰু দৃষ্টি আকর্ষণ বাঢ়িছে। দিহিং
পাটকাইৰ সংৰক্ষিত বনাঞ্চল সংৰক্ষণৰ দাবীত বিভিন্ন পৰিৱেশ সংগঠনে আন্দোলন অব্যাহত
ৰাখিছে। উচ্চ ন্যায়ালয়ৰ এনে ভূমিকা পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত এক দৃষ্টান্ত
স্থাপন কৰিব বুলি আশা কৰা হৈছে।
0 coment rios: