Friday, February 7, 2025

সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা, আটক ৭ বাংলাদেশী-সহ ৩ ভাৰতীয় দালাল

 সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা, আটক ৭ বাংলাদেশী-সহ ৩ ভাৰতীয় দালাল

নেচনেল ডেস্ক, ৭ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ সময়তে বি এছ এফ জোৱানে আটক কৰে ৭ জন বাংলাদেশী নাগৰিক আৰু ৩ জন ভাৰতীয় দালাল। পিছত জালাংগী আৰক্ষী থানাত চমজাই দিয়ে। বি এছ এফে বৃহস্পতিবাৰে নিশা তেওঁলোকক থানাত গতাই দিয়া বুলি জানিবলৈ দিয়ে।



সূত্ৰ অনুসৰি আটকাধীন লোক কেইজনে জালংগীৰ চৰকাৰপাৰা অঞ্চলৰ মাজেৰে অবৈধভাৱে বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল। সেই সময়ত সীমান্তত টহল দি থকা বি এছ এফৰ ১৪৬ নং বেটেলিয়নৰ জোৱানে তেওঁলোকক কৰায়ত্ত কৰে। পিছত জেৰাৰ অন্তত তেওঁলোকক প্ৰয়োজনীয় আইনী ব্যৱস্থাৰ বাবে আৰক্ষীৰ হাতত গতাই দিয়ে। বি এছ এফে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

ধৃত বাংলাদেশী নাগৰিক কেইজন হল স্বপন মণ্ডল, হামিদুল বিশ্বাস, মহম্মদ ৰনি আহমেদ, লিটন হোছেইন, মহম্মদ মাহবুল মণ্ডল, মহম্মদ ৰতন আৰু জালাল বিশ্বাস। আটাইকেইজন বাংলাদেশৰ কুষ্টিয়া জিলাৰ দৌলতপুৰ আৰক্ষী থানাৰ বাসিন্দা। ধৃত ভাৰতীয় কেইজন হজালাংগীৰ মধুবোনা গাঁৱৰ মিলন মণ্ডল আৰু নদিয়াৰ হোগালবাৰিয়া থানাৰ অন্তৰ্গত তাৰাপুৰ ভংগনপাৰাৰ জীৱন মণ্ডল।



বি এছ এফৰ সূত্ৰৰ মতে, ধৃত ভাৰতীয় দালাল তিনিজনে ধনৰ বিনিময়ত অবৈধভাৱে বাংলাদেশীক সীমান্ত পাৰ হোৱাত সহায় কৰিছিল। গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত বি এছ এফে চোৰাংচোৱাগিৰি চলাই চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

প্ৰাৰম্ভিক তদন্তত জানিব পৰা গৈছে যে ধৃত বাংলাদেশী কেইজনে কেইমাহমান পূৰ্বে একে সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু কামৰ সন্ধানত কেৰালালৈ গৈছিল। কাম শেষ কৰি পুনৰ তিনিওজন ভাৰতীয় দালালৰ সহায়ত ঘৰলৈ উভতি যাবলৈ চেষ্টা কৰি আছিল। কিন্তু বি এছ এফৰ আগতীয়া তথ্যৰ ভিত্তিত আৰু কঠোৰ নিৰীক্ষণত গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা লোককেইজনৰ বিৰুদ্ধে উপযুক্ত ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: