কেজৰিৱালৰ পৰাজয়ে নিদ্ৰা ভংগ কৰিলে আন্না হাজাৰেৰ
সম্পাদনা ডেস্ক, ৮ফেব্ৰুৱাৰীঃ যাৰ ছত্রচ্ছায়াত অৰবিন্দ কেজৰিৱালে পৰিচিতি লাভ কৰিছিল, সেই গৰাকী প্রবীণ গান্ধীবাদী নেতা আন্না হাজাৰেই শনিবাৰে কয় যে, “চিন্তাধাৰাৰ বিশুদ্ধতাৰ পৰিৱৰ্তে অৰবিন্দ কেজৰিৱালে ধন-সম্পত্তিৰ প্ৰতি আকৰ্ষিত হ’ল।” "মই কোৱা কথাখিনি তেওঁৰ মনত নাই।"
দিল্লীৰ
নিৰ্বাচনত আম আদমী পাৰ্টিৰ পৰাজয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আন্না হাজাৰেই আজি
সংবাদ মাধ্যমৰ আগত কয় যে, ৰাইজৰ আদালতত ভোট ভিক্ষাৰ
সময়ত এজন প্ৰাৰ্থীৰ চাল-চলন, আচাৰ- ব্যৱহাৰ আৰু চিন্তা-চৰ্চা বিশুদ্ধ হ’ব লাগে বুলি মই বাৰে বাৰে কৈ আহিছো। জীৱনটো নিৰ্মল হ’ব লাগে। জীৱনত যদি ত্যাগ থাকে তেন্তে ভোটাৰৰ আস্থা আৰু আত্মবিশ্বাস গঢ় লৈ
উঠে। কেজৰিৱালে এই কথাবোৰক গুৰুত্ব নিদিলে। তেওঁ ধন-সম্পত্তিৰ প্ৰতি আকৰ্ষিত হ’ল।
আন্না হাজাৰেৰ
দুৰ্নীতি বিৰোধী আন্দোলনেই কেজৰিৱালক বিখ্যাত কৰি তুলিছিল। ২০১১-১২ চনৰ দিল্লীৰ
আন্দোলনে কঁপাই তুলিছিল তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ মচনদ।
আন্দোলনৰ পিছত আন্নাই ৰাজনৈতিক দল গঠন কৰিব বিচৰা নাছিল। কেজৰিৱালৰ মতামত আছিল বেলেগ।
তেওঁ আন্দোলনত যোগদান কৰা আন লোকৰ সৈতে আম আদমী পাৰ্টি গঠন কৰে। তেওঁৰ যুক্তি আছিল
যে ব্যৱস্থাটোৰ ভিতৰৰ পৰাই ব্যৱস্থাটো সলনি কৰিব লাগিব। এনে কৰি তেওঁ নিজেই
ব্যৱস্থাটোৰ অংশ হৈ পৰিল। বিজেপিৰ আগত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল তেওঁ।
নির্বাচন আয়োগৰ
শেহতীয়া তথ্য অনুসৰি দিল্লী বিধানসভাৰ ৭০খন আসনৰ ভিতৰত ৪৭খন আসন লাভ কৰি ২৭ বছৰৰ
পাছত দিল্লীত ক্ষমতালৈ আহিছে বিজেপি৷ এই বিজয় নিশ্চিত হোৱাৰ লগে লগে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ উন্নয়নেই তেওঁৰ দলৰ চৰকাৰৰ
কেন্দ্ৰবিন্দু হ’ব। ২৩খন আসন লাভ কৰিবলৈ গৈ
আছে আপে। এইবাৰো কংগ্ৰেছ শূন্য।
দিল্লী বিধানসভাত
কংগ্ৰেছে পৰাজয়ৰ হেট্ৰিক কৰিব, সেই কথাক লৈ কাৰো মনত কোনো সন্দেহ নাছিল। কিন্তু
২০১৫ আৰু ২০২০ চনৰ দৰে এইবাৰো যে তেওঁলোকে এখনো আসন লাভ নকৰিব সেইটো কোনেও আশা কৰা
নাছিল। নিৰ্বাচনৰ আগত আৰু পিছত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ মনত ধাৰণা আছিল এইবাৰ অন্তত
কমেও দুখন তিনিখন আসন লাভ কৰিব । কিন্তু দেখা গ’ল
যে এইবাৰো তেওঁলোকৰ পকেট খালী। কংগ্ৰেছে অন্ধ্ৰপ্ৰদেশ আৰু ছিকিম বিধানসভাৰ খালী
আসনৰ হেট্ৰিক জয় কৰাৰ ইতিহাস আছে। এতিয়া দিল্লী তাৰ লগত যোগ হ’ল।
কংগ্ৰেছে ভাবিছিল
যে তেওঁলোকৰ ভোটৰ অংশ ১০ শতাংশতকৈও অধিক হ’ব। ২০২০ চনত তেওঁলোকে লাভ
কৰিছিল ৪.৬২ শতাংশ ভোট। কিন্তু নিৰ্বাচন আয়োগৰ হিচাপ অনুসৰি ৩:০০ বজালৈকে
তেওঁলোকৰ ভোটৰ অংশ আছিল প্ৰায় ৬.৫ শতাংশ। অৰ্থাৎ পাঁচ বছৰৰ আগৰ তুলনাত এইবাৰ
কংগ্ৰেছৰ ভোটৰ ভাগ ২ শতাংশ বৃদ্ধি পাইছে। সংখ্যাৰ ফালৰ পৰা নগণ্য হ’লেও কেইবাখনো আসনত আপৰ প্ৰাৰ্থীৰ পৰাজয়ৰ কাৰণ হিচাপে আত্মপ্ৰকাশ কৰিছে
কংগ্ৰেছ।
যেনে নতুন
দিল্লীৰ কেন্দ্ৰত অৰবিন্দ কেজৰিৱাল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ কৰে ২৫,৯২৫টা ভোট। ৩০,০২৪ টা ভোট লাভ কৰি বিজেপিৰ প্ৰবেশ
সিং ভাৰ্মাই পৰাস্ত কৰে। অৰ্থাৎ জয়ৰ ব্যৱধান ৪০৯৯ টা ভোট। এই সমষ্টিৰ কংগ্ৰেছ
প্ৰাৰ্থী আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিত। তেওঁ
লাভ কৰে ৪৫০৪টা ভোট। যদি কংগ্ৰেছ আৰু আপৰ মিত্ৰতা হ’লহেঁতেন
আৰু কেজৰিৱালে এই ভোটসমূহ লাভ কৰিলেহেঁতেন তেন্তে তেওঁ বিজেপিক পৰাস্ত কৰি ৪০৫টা
ভোটত জয়ী হ’ব পাৰিলেহেঁতেন। ৬০০ ভোটৰ ব্যৱধানত পৰাস্ত হয়
কেজৰিৱালৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া। তাতো
কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে অধিক ভোট লাভ কৰে। বদলী, নাংলয়
জাট, মাডিপুৰ, ৰোহিনী আৰু দ্বাৰকা
বিধান সভা সমষ্টিতো দেখা গ’ল একে ছবি। আপ আৰু কংগ্ৰেছে লাভ
কৰা ভোট বিজেপিৰ প্ৰাৰ্থীৰ জয়ৰ ব্যৱধানতকৈও অধিক।
বিজেপি বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সদস্য হোৱাৰ পিছতো দিল্লীত
কংগ্ৰেছ আৰু আপৰ মাজত হোৱা যুঁজৰ বাবে একাংশ মিত্ৰজোঁটৰ অংশীদাৰে কংগ্ৰেছক জগৰীয়া
কৰিছে। জম্মু-কাশ্মীৰৰ ওমৰ আব্দুল্লাই ছ’চিয়েল মিডিয়াত
লিখিছে, “নিজৰ মাজতে অধিক যুঁজ দিয়ক” সমাজবাদী
পাৰ্টিৰ নেতা ৰামগোপাল যাদৱে কয় যে কংগ্ৰেছে ভোট কৰ্তন কৰি বিজেপিৰ জয়ৰ পথ
প্ৰশস্ত কৰিছে। এই নিৰ্বাচনত সমাজবাদী পাৰ্টি আৰু তৃণমূল কংগ্ৰেছে আপৰ বাবে প্ৰচাৰ
চলাইছিল। ঝাৰখণ্ড মুক্তি মৰ্চাই পুনৰ কংগ্ৰেছৰ সপক্ষে প্ৰচাৰ চলায়। মুঠৰ ওপৰত
দিল্লীৰ ভোটে ভাৰতৰ মিত্ৰতা আৰু অধিক দুৰ্বল কৰি তুলিলে।
কিন্তু ইমান
হোৱাৰ পিচতো কংগ্ৰেছে নিজৰ ভূমিকাক লৈ একেবাৰেই লাজ্জিত নহয়। বৰং তেওঁলোকে কয় যে
আপে তেওঁলোকৰ কার্যৰ বাবেই পৰাস্ত হ’ল৷ কংগ্ৰেছৰ মুখপাত্ৰ
সুপ্ৰিয়া শ্ৰীনেতে কয় যে আপৰ জয়ৰ দায়িত্ব আৰু জবাবদিহিতা কংগ্ৰেছৰ দায়িত্ব
নহয়। দিল্লী এনে এখন ৰাজ্য য’ত কংগ্ৰেছে একেৰাহে ১৫ বছৰ
শাসন কৰি আহিছে। কংগ্ৰেছে নিশ্চিতভাৱে সেই ৰাজ্যৰ হেৰাই যোৱা ভূমি বিচাৰিব। তেওঁ
কয়, আপক জয়ী কৰাটো কংগ্ৰেছৰ কাম নহয়। সংগঠনটোক শক্তিশালী
কৰি হেৰুৱা সমৰ্থন পুনৰ লাভ কৰাটোৱেই কংগ্ৰেছৰ লক্ষ্য।
দিল্লীত আপৰ উত্থানে
কংগ্ৰেছক দুৰ্বল কৰিছে। এসময়ত দলিত, পিছপৰা শ্ৰেণী, অনুসূচিত জাতি, সংখ্যালঘু, বস্তিবাসীৰ
মাজত কংগ্ৰেছৰ সমৰ্থন থকা অঞ্চল বোৰতে আপে মূৰ তুলি উঠিছে।
সুপ্ৰিয়া শ্ৰীনেতে
কয় যে আজি কংগ্ৰেছে যি যুক্তিৰে দিল্লীত যুঁজিছিল, সেই
যুক্তিৰে পূৰ্বে গোৱা, হাৰিয়ানা, গুজৰাট
আৰু উত্তৰাখণ্ডতো আপ নেতৃত্বই যুঁজিছিল । আজি কংগ্ৰেছক দোষাৰোপ কৰা সকলে তেতিয়া কিন্ততু আপক
অপৰাধীৰ কাঠগড়াত তোলা নাছিল।
0 coment rios: