ট্ৰাম্পে যদি কৰিব পাৰে মোডীয়ে কিয় নোৱাৰেঃ উচ্চতম ন্যায়ালয়
নেচনেল ডেস্ক, ৮ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাত অবৈধভাৱে বাস কৰা ভাৰতীয় নাগৰিকক বিমানযোগে স্বদেশলৈ বিতাড়ন কৰিছে । তেনে হ’লে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতৰ বাবে অসুবিধা ক’ত ?
ন্যায়াধীশ এ এছ ওকা আৰু
উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কেন্দ্ৰ আৰু অসম চৰকাৰক অসমৰ ট্ৰেনজিট কেম্পত বন্দী হৈ
থকা ৬৩ জন বাংলাদেশী নাগৰিকক দুসপ্তাহৰ ভিতৰত বাংলাদেশলৈ ঘূৰাই পঠিয়াবলৈ
প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। বিচাৰপীঠে প্ৰশ্ন কৰে যে,
"যদি ট্ৰাম্পে অবৈধ অনুপ্ৰৱেশকাৰীৰ ওপৰত ইমান ক্ষীপ্ৰ
ব্যৱস্থা ল'ব পাৰে, তেন্তে মোডী চৰকাৰে কিয় নোৱাৰে?" ২০০৯
চনত কেন্দ্ৰীয় চৰকাৰে এখন অধিসূচনা জাৰি কৰিছিল। তাত ২ নং অনুচ্ছেদ ৫ নং দফাত
উল্লেখ আছে যে বিদেশী হোৱাৰ সন্দেহত কোনো ব্যক্তিক আটক কৰাৰ পিছত তেওঁৰ পৰিচয়
পৰীক্ষা কৰিব লাগিব আৰু সেই ভিত্তিত প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। এই
প্ৰক্ৰিয়া ৩০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। উচচতম ন্যায়ালয়ত এখন এজাহাৰ
দাখিল কৰিছিল যে এই অধিসূচনা জাৰি কৰাৰ পাছতো বিগত কেইবছৰমানৰ পৰা অসমত ৬৩জন
বাংলাদেশী নাগৰিকক ট্ৰেনজিট কেম্পত আবদ্ধ কৰি ৰখা হৈছে। উচ্চতম ন্যায়ালয়ে অসম
চৰকাৰক সোঁৱৰাই দিছে যে বিচাৰ অবিহনে অনিৰ্দিষ্টকাললৈ আটক কৰাটো ভাৰতীয় সংবিধানৰ
২১ নং অনুচ্ছেদৰ পৰিপন্থী।
যদিও অসমৰ ট্ৰেনজিট কেম্পত বন্দী হৈ থকা ৬৩ জন লোকক
বাংলাদেশী বুলি চিনাক্ত কৰিছে যদিও প্ৰমাণৰ অভাৱত চৰকাৰে তেওঁলোকৰ সঠিক জাতীয়তা
নিৰ্ণয় কৰিব পৰা নাই। বাংলাদেশী বুলি কোৱা লোকসকলক বাংলাদেশৰ নাগৰিক বুলি
স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছে ঢাকাই। আৰু বন্দীসকলৰ ঠিকনা জনাটো এতিয়াও সম্ভৱ
হোৱা নাই। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে কোনোবাই বিদেশী বুলি চিনাক্ত হ’লেও তেওঁলোকক শীঘ্ৰে নিজৰ দেশলৈ ঘূৰাই
পঠোৱাটো চৰকাৰৰ দায়িত্ব। ঠিকনা নজনাটো কোনো কাৰণ হ’ব নোৱাৰে। বন্দী হৈ থকা অবৈধ
অনুপ্ৰৱেশকাৰী যি দেশৰ নাগৰিক তেওঁলোক সেই দেশৰ ৰাজধানীলৈ ঘূৰাই পঠিয়াব লাগে।
আমেৰিকাত অবৈধভাৱে বাস কৰা মুঠ ১০৪ জন ভাৰতীয় নাগৰিকক বুধবাৰে নিজৰ দেশলৈ
বিতাড়িত কৰে। তেওঁলোকক হেণ্ডকাফ আৰু শিকলি পিন্ধাই বিমানত উঠাই অনাৰ অভিযোগ
উত্থাপন হৈছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিত
ট্ৰাম্প প্ৰশাসনৰ এই কার্যৰ কথা পোহৰলৈ আহে।
মন কৰিবলগীয়া যে ১২ তাৰিখ বুধবাৰে নৰেন্দ্ৰ মোদীয়ে
আমেৰিকালৈ উৰা মাৰিব। দুদিনীয়া ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতেও সাক্ষাৎ কৰিব মোদী
। ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক আৰু অবৈধ ভাৰতীয়ক শিকলিৰে বান্ধি হেণ্ডকাফ
লগাই বহিষ্কাৰ কৰাৰ বিষয়টো উত্থাপন কৰিব নে নাই তাকে লৈ ৰাজনৈতিক বিশেষজ্ঞসকলে
প্ৰশ্ন উত্থাপন কৰিছে।
0 coment rios: