Sunday, February 9, 2025

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগ! অমিত শ্বাহক সাক্ষাৎ কৰি ইম্ফললৈ উভতি আহি কৰে ঘোষণা

 মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগ! অমিত শ্বাহক সাক্ষাৎ কৰি ইম্ফললৈ উভতি আহি কৰে ঘোষণা

বি. চি ডেস্ক, ৯ফেব্ৰুৱাৰীঃ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগ! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈ ইম্ফললৈ উভতি অহাৰ পিচতে বীৰেনে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। দেওবাৰে ইম্ফলত ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰও দাখিল কৰে।

এক সূত্ৰৰ পৰা জানিব পৰা মতে বিগত কেইবাদিনো ধৰি দলৰ অভ্যন্তৰৰ পৰা আৰু বাহিৰৰ পৰা দুমুখীয়া হেঁচাত পৰি আছিল বীৰেণ। এনে পৰিবেশত দেওবাৰে পুৱা নতুন দিল্লীত বীৰেনে শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। তেওঁৰ সৈতে বিজেপি আৰু নগা পিপলছ ফ্ৰণ্টৰ ১৪ গৰাকী বিধায়ক উপস্থিত থাকে। মাত্ৰ ১৫ মিনিটৰ বৈঠকৰ অন্তত ইম্ফললৈ উভতি অহাৰ লগে লগে বীৰেনে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বীৰেনে পদত্যাগ পত্ৰত লিখিছে- "ইমান দিনে মণিপুৰৰ জনসাধাৰণৰ সেৱা কৰিবলৈ সক্ষম হোৱাটো মোৰ বাবে এক সন্মানৰ কথা।" "মণিপুৰৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।"

<

বিভিন্ন সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি কংগ্ৰেছে মণিপুৰ বিধানসভাত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ কথা চিন্তা কৰি আছিল। ইয়াৰ উপৰিও ৰাজ্যৰ বিজেপি বিধায়কসকলো বীৰেনৰ নেতৃত্বত অসন্তুষ্ট আছিল। ভোটদান হলে বীৰেণ চৰকাৰৰ পতন ঘটিব পাৰে বুলি আশংকা কৰা হৈছে। এনে পৰিস্থিতিত বীৰেনৰ পদত্যাগ কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। সূত্ৰ অনুসৰি দেওবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত শ্বাহে তেওঁক সেই কথাও জনাইছিল।ডেৰ বছৰতকৈও অধিক সময় ধৰি অস্থিৰ হৈ আছে মণিপুৰ।

২০২৩ চনৰ মেমাহত মেইটাই আৰু কুকি-জো জনগোষ্ঠীৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। কিছুদিন মাজে মাজে বিৰতিৰ পিছত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত পুনৰ আৰম্ভ হৈছিল মেইটাই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ। একাধিক ঘৰ জ্বলাই দিয়া হয়। ধাপে ধাপে মণিপুৰৰ বহু অঞ্চলত সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰসমান্তৰাল কৈ মুখ্যমন্ত্রীৰ লগতে ৰাজ্যৰ কেইবাজনো বিধায়কৰ ঘৰতো আক্রমণ চলায় ক্ষুব্ধ জনতাই৷ ৰাজ্যৰ ৫ খন জিলাত জাৰি কৰা হৈছিল কাৰ্ফিউ। ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছিল। বিভিন্ন চৰকাৰী-ব্যক্তিগত সূত্ৰৰ মতে মণিপুৰত এতিয়ালৈকে কেইবা শতাধিক লোকৰ মৃত্যু হৈছে। আৰু বহুতো হৈছে গৃহহীন। পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ বিগত সময়ত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। যোৱা বছৰৰ শেষৰ দিনটোত বীৰেনেও মণিপুৰৰ ৰাইজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজিছিল। ২০২৫ চনত ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলিও তেওঁ আশ্বাস দিয়ে; শাসনলৈ উভতিব তেওঁ। কিন্তু সেই আশ্বাসৰ এমাহ পিছতেই বীৰেনে পদত্যাগ কৰিলে!




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: