Tuesday, February 4, 2025

অন্ত পৰিল প্ৰচাৰৰ, একক পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া দিল্লী বিধানসভাৰ ৭০খন আসনত ভোটগ্ৰহণ বুধবাৰে, উত্তেজনা পাইছে বৃদ্ধি

 অন্ত পৰিল প্ৰচাৰৰ, একক পৰ্যায়ত অনুষ্ঠিত হব লগীয়া দিল্লী বিধানসভাৰ ৭০খন আসনত ভোটগ্ৰহণ বুধবাৰে, উত্তেজনা  পাইছে বৃদ্ধি

নেচনেল ডেস্ক, ৩ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সোমবাৰে সন্ধিয়া ৫ বজাত তিনিওটা যুদ্ধংদেহী দলৰ তীব্ৰ উত্তেজনাৰ মাজতে অন্ত পৰে । বুধবাৰে দিল্লীবাসীয়ে সিদ্ধান্ত লব আগন্তুক পাঁচ বছৰ কোনে দিল্লীত শাসন কৰিব - অৰবিন্দ কেজৰিৱাল-আতিশী মাৰ্লেনাৰ আম আদমী পাৰ্টি (আপ), বা নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ বিজেপি।



আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছতো বিভিন্ন অপিনিয়ন পলৰ ভৱিষ্যদ্বাণী কৰা হৈছে যে ৰাহুল গান্ধী-মল্লিকাৰ্জুন খৰ্গেৰ কংগ্ৰেছ ক্ষমতাৰ দৌৰত নাই। দিল্লীৰ ৭০খন বিধানসভা আসনৰ বাবে বুধবাৰে একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হব। অহা শনিবাৰে (৮ ফেব্ৰুৱাৰী) ভোট গণনা কৰা হব। কংগ্ৰেছৰ সমান্তৰালকৈ শাসকীয় আপ দলেও বিগত ১০ বছৰে ৭০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। আনহাতে, বিজেপিয়ে ৬৮খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। এন ডি এৰ দুখন মিত্ৰ দল জে ডি ইউ আৰু এল জে পি  (ৰাম ভিলাছে) এখনকৈ আসন ত্যাগ কৰিছে। মায়াৱতীৰ বিএছপিয়েও ৭০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

সোমবাৰে প্ৰচাৰৰ অন্তিম দিনা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে অভিযোগ কৰে যে আয়োগৰ এটা অংশৰ সমৰ্থনত বিজেপিয়ে মঙলবাৰে নিশা হোম ভোটিংৰ নামত নিৰ্বাচনত ৰিগিং কৰাত সক্ৰিয় হৈ আছে । কেজৰিৱালে দাবী কৰে যে মঙলবাৰে দিল্লীৰ বিভিন্ন বস্তিৰ (যিসকলৰ এক বৃহৎ অংশ আপ সমৰ্থক) দৰিদ্ৰ ভোটাৰৰ আগত ভুৱা ইভিএম লৈ আয়োগৰ নামত বিজেপি কৰ্মীয়ে হাজিৰ হব। ইয়াৰ পিছত সেই ভুৱা ইভিএমৰ বুটামটো টিপি আঙুলিত প্ৰকৃতচিয়াঁহী লগোৱা হব! ফলত পিছদিনা (বুধবাৰ) এই জালিয়াতিৰ কথা আৱিষ্কাৰ হলেও সেই ভোটাৰসকলে ভোটদানত অংশ লব নোৱাৰিব।



ইয়াৰ উপৰি কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ নিয়ন্ত্রণত থকা দিল্লী আৰক্ষীৰ সহায়ত বিজেপিয়ে গুণ্ডাগিৰি কৰা বুলি অভিযোগ উত্থাপন কৰিছে আপৰ মুৰব্বীগৰাকীয়ে৷ আনহাতে, কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই জাংপুৰা সমষ্টিত ঘৰে ঘৰে প্ৰচাৰ চলাওঁতে অভিযোগ উত্থাপন কৰে যে দিল্লী নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু আপ দুয়োটা দলেই ভয়ৰ পৰিৱেশসৃষ্টিৰ ক্ষেত্ৰত সক্ৰিয় হৈ আছে। আনহাতে, প্ৰচাৰৰ অন্তিম দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "কেজৰিৱালৰ কাৰ্যকালত দিল্লীত দুৰ্নীতিৰ বানপানী হৈছে।" আবকাৰী দুৰ্নীতিৰ অপৰাধত জেললৈ গৈছে এজনৰ পিছত এজনকৈ নেতা। পৰিবহণ খণ্ড আৰু পানী বৰ্ডতো অনিয়ম সংঘটিত হৈছে।



দিল্লী বিধানসভা নিৰ্বাচনৰ যুদ্ধ এইবাৰ কাগজে- কলমে ত্রিমুখী। শাসকীয় আম আদমী পাৰ্টিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপি আৰু কংগ্ৰেছৰ। যোৱা বিধানসভা নিৰ্বাচনত আপে ৬২ খন আসনত জয়লাভ কৰিছিল। বিজেপিয়ে মাত্ৰ ৮খন আসনহে লাভ কৰে। কংগ্ৰেছে নিজৰ খাটায়ে খুলিব নোৱাৰিলে। আপে ৫১ শতাংশ ভোট, বিজেপিয়ে ৩৯ শতাংশ আৰু কংগ্ৰেছে প্ৰায় চাৰে চাৰি শতাংশ ভোট লাভ কৰে। কিন্তু ১৯৯৮ চনৰ পৰা ২০০৮ চনলৈ একেৰাহে দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰি আহিছিল। ২০১৫ চনৰ পৰাই আপে জয়লাভ কৰি আহিছে। যদিও কংগ্ৰেছে মিত্ৰতা কৰি দিল্লীত লোকসভা নিৰ্বাচনত যুঁজিছিল, তথাপিও বিধানসভা নিৰ্বাচনত আপৰ সৈতে মিত্ৰতা কৰা নাই। বৰঞ্চ হাতশিবিৰে বিজেপি আৰু আপক একত্ৰিত কৰি আক্ৰমণ কৰিছে। দুৰ্নীতিৰ বিষয়ত কেজৰিৱালক লক্ষ্য কৰি লৈছে ৰাহুলে নিজেই।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: