আলফাক কিয় নিষিদ্ধ কৰিব নালাগে ? কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰৰ, ৩০ দিনত দিব লাগিব উত্তৰ
বি. চি ডেস্ক, ৪ফেব্ৰুৱাৰীঃ আলফাক কিয়
নিষিদ্ধ কৰা উচিত নহয়,
তাৰ যুক্তি দি উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰে আলফাক নিৰ্দেশ দিছে।
ইয়াৰ বাবে আলফাৰ সকলো শাখা আৰু উপ-সংগঠনকো এই জাননী প্ৰেৰণ কৰা হৈছে। সংগঠনটোৱে
যদি এই বিষয়ে কোনো আপত্তি থাকে, তেন্তে তেওঁলোকে লিখিত ৰূপত
UAPAৰ পঞ্জীয়কৰ ওচৰত ৩০ দিনৰ ভিতৰত নিজৰ যুক্তি আৰু প্ৰমাণ
জমা দিব লাগিব। এই প্ৰক্ৰিয়াটোৱে সংগঠনটোক নিজৰ দিশত থকা যুক্তিসমূহ প্ৰকাশ
কৰিবলৈ সুযোগ দিব।
আলফাই ইয়াৰ বাবে বৈধ প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰে বা
সংগঠনৰ আইন উপদেষ্টাৰ সহায় ল’ব পাৰে। এই প্ৰতিনিধিয়ে সংগঠনটোৰ যুক্তি
কঢ়িয়াই নিব আৰু তেওঁলোকে ৪ মাৰ্চৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ট্ৰিবুনেলত
উপস্থিত হ’ব লাগিব। এই শুনানিত সংগঠনটোৰ পক্ষৰ পৰা সকলো
যুক্তি আৰু প্ৰমাণ উপস্থাপন কৰা হ’ব যাতে তেওঁলোকে নিজৰ দিশ
বুজাব পাৰে।
জাননীত উল্লেখ থকা অনুসৰি, ১৯৭৯ চনত
গঠন হোৱা আলফাক ১৯৯০ চনত প্ৰথমবাৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছিল। তাৰ পাছত
বিভিন্ন সময়ত এই নিষেধাজ্ঞা বঢ়ায় অহা হৈছে। ২০২৪ চনৰ ২৭
নৱেম্বৰৰ পৰা ৫ বছৰৰ বাবে এই নিষেধাজ্ঞা কার্যকৰী কৰা হৈছে। এই নিষেধাজ্ঞাৰ
মূল কাৰণ হ’ল যে সংগঠনটো বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত বুলি চৰকাৰে অভিযোগ
উত্থাপন কৰিছে।
কেন্দ্ৰীয় চৰকাৰে কয় যে আলফাই অসমৰ ভাৰতৰ পৰা
বিচ্ছিন্ন কৰাৰ চেষ্টা চলাইছে আৰু এই উদ্দেশ্যত তেওঁলোকে বিভিন্ন অপৰাধমূলক
কাৰ্যকলাপত জড়িত হৈ আছে। ২০১৯-২০২৪ সময়ছোৱাত বিস্ফোৰণ, অবৈধ
কাৰ্যকলাপ আৰু আন অপৰাধমূলক কাৰ্যত জড়িত থকা অভিযোগ আছে। এই ঘটনাবিলাকৰ জড়িত থকাৰ
সন্দেহত বহুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত চলি আছে।
গৃহ মন্ত্ৰালয়ে লগতে কয় যে, ২০১৯ চনৰ ২৭
নৱেম্বৰৰ পৰা ১ জুলাই, ২০২৮ল লৈ ৩জন কেডাৰক আৰক্ষী বা
নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল। এই কেডাৰ কেইজনৰ বিৰুদ্ধে প্ৰায় ১৫ টাকৈ গোচৰ ৰুজু
হৈ আছিল। ইয়াৰোপৰি ৫৬ জন কেডাৰক গ্ৰেপ্তাৰ আৰু ৬৩ জনে আত্মসমৰ্পন কৰিছিল। এইসকলৰ
পৰা ২৭ বিধ অস্ত্ৰ-শস্ত্ৰ, ৫১৫টা ৰাউণ্ড গুলী, ৯টা গ্ৰেনেড আৰু দুটা ইম্প্ৰভাইজড বিস্ফোৰক উদ্ধাৰ কৰা হৈছিল।লগতে
অন্যান্য বিদ্ৰোহী সংগঠনৰ সৈতেও সম্পৰ্ক বজাই ৰাখিছে। ২০১৯ চনৰ ২৭ নৱেম্বৰৰ পৰা
২০২৪ চনৰ ১ জুলাইলৈকে অসমত হোৱা বিস্ফোৰণৰ লগতে প্ৰায় ১৬ টা গোচৰত আলফা জড়িত হৈ
আছে।
এই সকলো তথ্য আৰু পৰিস্থিতি বিবেচনা কৰি কেন্দ্ৰীয়
চৰকাৰে আলফা (স্বা)-ক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে। সংগঠনটোক ৩০ দিনৰ ভিতৰত
তেওঁলোকৰ যুক্তি,
প্ৰমাণ আৰু আপত্তিসমূহ উপস্থাপন কৰিবলৈ আহ্বান জনোৱা হৈছে। এই উত্তৰ
বিবেচনা কৰি চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব যাতে সঠিক ন্যায় সম্পাদন কৰা
হয়।
এই প্ৰক্ৰিয়া এক গুরুত্বপূর্ণ পদক্ষেপ হিচাপে ধৰা হৈছে
যাতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সুনিশ্চিত কৰা যায়। যদি সংগঠনটোৱে প্ৰমাণ
কৰিব পাৰে যে তেওঁলোকে কোনো অপৰাধমূলক কাৰ্যত জড়িত নহয়, তেন্তে
তেওঁলোকৰ ক্ষেত্ৰত ন্যায়বিচাৰ কৰা হ’ব। সেয়ে, এই প্ৰক্ৰিয়া সংগঠনটোৰ বাবে নিজৰ দিশত যুক্তি দিবলৈ এক সুযোগ লাভ কৰিব।
0 coment rios: