বাক স্বাধীনতাৰ বাবে শান্তিৰ নোবেল বঁটাৰ মনোনয়ন লাভ কৰে মাস্কে
উৱেভ ডেস্ক, ২ফেব্ৰুৱাৰীঃ বাক স্বাধীনতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কোটিপতি ইলন মাস্কক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে। ২০২৫ চনৰ শান্তি নোবেল বঁটাৰ বাবে মনোনীত হৈছে ইলন । ইউৰোপীয় সংঘৰ সংসদৰ সদস্য ব্ৰাংকো গ্ৰাইমছে কয় যে টেছলা আৰু স্পেচএক্সৰ মালিক মাস্কক শান্তি নোবেল বঁটাৰ বাবে মনোনীত কৰিবলৈ নৰৱেৰ নোবেল কমিটীৰ সৈতে যোগাযোগ কৰা হৈছে। তেওঁ কয় যে বাক স্বাধীনতা আৰু শান্তিৰ মৌলিক মানৱ অধিকাৰৰ প্ৰতি মাস্কৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই মনোনয়ন দিয়া হৈছে। অনলাইন এনডিটিভিৰ প্ৰতিবেদনত এই খবৰ প্ৰকাশ। এনডিটিভিৰ প্ৰতিবেদনত কোৱা হৈছে যে ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলা আৰু মহাকাশচাৰী আৰু মহাকাশ অভিযানৰ বাবে সঁজুলি নিৰ্মাতা স্পেচএক্সৰ মালিক ইলন মাস্ক এসময়ত টুইটাৰ নামেৰে জনাজাত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ মালিকো। ২০২৩ চনত তেওঁ টুইটাৰৰ মালিকীস্বত্ব ক্ৰয় কৰিছিল।
যোৱা ডিচেম্বৰ মাহত ব্ৰাছেলছত
অনুষ্ঠিত এক অনুষ্ঠানত গ্ৰাইমছে কৈছিল যে মাস্কে “বাক স্বাধীনতা”ৰ প্ৰচাৰ আৰু সুৰক্ষাৰ বাবে শান্তিৰ নোবেল বঁটাৰ যোগ্য। তেওঁ ক’লে, মই নোবেল কমিটীলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিম যাতে
অহা বছৰ মাস্কে শান্তিৰ নোবেল বঁটা লাভ কৰে। গ্ৰাইমছৰ মন্তব্যৰ এমাহৰ ভিতৰতে নৰৱেৰ
নোবেল কমিটীয়ে মাস্কক মনোনীত কৰে। প্ৰসংগক্ৰমে এই ৫টা ক্ষেত্ৰত - পদাৰ্থ বিজ্ঞান,
ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু শান্তিৰ অসাধাৰণ অৱদানৰ বাবে প্ৰতি বছৰে বিশ্বৰ আটাইতকৈ
সন্মানীয় বঁটা নোবেল বঁটা প্ৰদান কৰা হয়। নৰৱেৰ নোবেল কমিটীয়ে শান্তিৰ নোবেল
বঁটা প্ৰদান কৰে আৰু বাকী ৫টা নোবেল বঁটা ছুইডেনৰ ছুইডেনৰ ৰয়েল একাডেমীয়ে প্ৰদান
কৰে।
0 coment rios: