Sunday, February 2, 2025

পেন্টাগনৰ পৰা দ্যা নিউয়ৰ্ক টাইমছকে ধৰি চাৰিটা সংবাদ মাধ্যমক আঁতৰাই দিয়ে ট্ৰাম্পে

পেন্টাগনৰ পৰা দ্যা নিউয়ৰ্ক টাইমছকে ধৰি চাৰিটা সংবাদ মাধ্যমক আঁতৰাই দিয়ে ট্ৰাম্পে

উৱেভ ডেস্ক, ২ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনে আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় পেন্টাগনৰ পৰা দা নিউয়ৰ্ক টাইমছকে ধৰি চাৰিটা সংবাদ মাধ্যমৰ কাৰ্যালয় আঁতৰাই দিছে। আন কিছুমানক প্ৰতিষ্ঠানৰ বাবে এই স্থানসমূহত আবণ্টিত  দিয়া হব বুলি জানিব পৰা গৈছে। ট্ৰাম্পৰ প্ৰশাসনে এই সিদ্ধান্ত শুকুৰবাৰে ঘোষণা কৰে।

নিউ এনুৱেল মিডিয়া ৰোটেচন প্ৰগ্ৰেমৰ ওপৰত প্ৰকাশিত এক তথ্য অনুসৰি দা নিউয়ৰ্ক টাইমছৰ উপৰিও ট্ৰাম্প প্ৰশাসনে পেন্টাগনৰ পৰা আঁতৰাই পেলোৱা মিডিয়া  তিনিটা ক্ৰমে  নেশ্যনেল পাব্লিক ৰেডিঅ’ (এনপিআৰ), কমকাষ্ট কৰ্পৰেশ্যনৰ মালিকানাধীন এনবিচি নিউজ আৰু পলিটিকো। ১৪ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিষ্ঠানসমূহে নিজৰ চৌহদ খালী কৰিব লাগিব।



এই সংবাদ মাধ্যমৰ পৰিৱৰ্তে নিউয়ৰ্ক পোষ্ট, ৱান আমেৰিকা নিউজ নেটৱৰ্ক, ব্ৰেইটবাৰ্ট নিউজ নেটৱৰ্ক আৰু হাফপোষ্ট নিউজে পেন্টাগনত কাৰ্যালয় মুকলি কৰিব।

ট্ৰাম্প প্ৰশাসনৰ এই ঘোষণাৰ প্ৰত্যুত্তৰত এনবিচি নিউজৰ এগৰাকী মুখপাত্ৰই ইমেইলযোগে কয় যে আমি দশক দশক ধৰি পেন্টাগনৰ পৰা সম্প্ৰচাৰ কৰি আহিছো। এতিয়া সেই সম্প্ৰচাৰ বুথত আমাৰ প্ৰৱেশ বাতিল কৰাৰ এই সিদ্ধান্তত আমি হতাশ হৈছো।

মুখপাত্ৰগৰাকীয়ে লগতে কয় যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় জনস্বাৰ্থৰ বাতৰি সংগ্ৰহ আৰু সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমাৰ ক্ষমতাত এক বৃহৎ বাধাৰ সৃষ্টি কৰিব। ইয়াৰ পিছতো আমি সদায় যি সততা আৰু দৃঢ়তাৰে প্ৰতিবেদন দি আহিছো, আগন্তুক দিনতো দি যাম।

ট্ৰাম্প প্ৰশাসনৰ এনে কাৰ্য্যৰ পিছতো দা নিউয়ৰ্ক টাইমছে কয় যে আমি সম্পূৰ্ণ নিৰপেক্ষভাৱে বাতৰি সংগ্ৰহ আৰু প্ৰচাৰৰ প্ৰতিশ্ৰুতি বজাই ৰাখিব।



নিউয়ৰ্ক টাইমছেও এক বিবৃতিত কয় যে, “প্ৰৱেশ বন্ধ কৰাৰ এই পদক্ষেপ স্পষ্টভাৱে জনস্বাৰ্থ বিৰোধী।

ইফালে এনপিআৰে প্ৰতিৰক্ষা বিভাগক পেন্টাগনত সংবাদ মাধ্যমৰ স্থান বৃদ্ধি কৰিবলৈ আহ্বান জনায় যাতে সকলোৱে সমানে সুবিধা লাভ কৰে তাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।

ইয়াৰ উপৰিও পলিটিকোৰ জ্যেষ্ঠ পৰিচালন সম্পাদক অনিতা কুমাৰে কৰ্মচাৰীসকললৈ লিখা এখন টোকাত এই সিদ্ধান্তক লৈ কোম্পানীটোৰ অস্বস্তি প্ৰকাশ কৰে।

 আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয়ৰ পৰা বাতৰি সংগ্ৰহ কৰা সাংবাদিকৰ সংস্থা পেন্টাগন প্ৰেছ এছচিয়েশ্যনে কয় যে এই ধৰণে উচ্চতম পেছাদাৰী সংবাদ মাধ্যমক বাহিৰ কৰি দিয়া সিদ্ধান্তত তেওঁলোক অতি অস্বস্তিত পৰিছে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: