ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিবাহ বিচ্ছেদ
বি.
চি ডেস্ক, ১ ফেব্ৰুৱাৰীঃ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লপ
কুমাৰ দেৱ আৰু তেওঁৰ পত্নী নীতি দেৱৰ বিবাহ বিচ্ছেদৰ খবৰ বিয়পি পৰিছে। তেওঁৰ পত্নী
নীতি দেৱে নিজেই এই বিষয়ক লৈ ছ’চিয়েল মিডিয়াত পোষ্ট কৰে।
নীতি
দেৱে কয় যে তেওঁলোকৰ ২৪ বছৰীয়া বিবাহ বিচ্ছেদ ঘটিছে। তেওঁ কয় যে, ‘মই
বিচৰা নাছিলো। পৰিয়ালটোক বচাবলৈ চেষ্টা কৰিলোঁ। মই নোৱাৰিলোঁ তেওঁ (বিপ্লৱ)
প্ৰলোভনৰ জালত ভৰি দিছে । এসময়ত তেওঁ দিল্লীত আছিল। জিম ট্ৰেইনাৰৰ কাম কৰিছিল।
নীতিয়ে তেওঁক তাতেই লগ পাইছিল। তাৰ পিছত প্ৰেম আৰু বিবাহ। তেওঁলোকৰ এজন পুত্ৰ আৰু
এগৰাকী কন্যা সন্তান আছে।
২০১৬ চনত বিজেপিয়ে বিপ্লৱ দেৱক
ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি কৰিছিল। ২০১৮ চনত তেওঁৰ নেতৃত্বত বিজেপিয়ে ত্ৰিপুৰা
ৰাজ্যৰ পৰা বাওঁপন্থী শাসনৰ অন্ত পেলাই বিপ্লৱ দেৱক ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আসনত
বহুৱাই তদানীন্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে বিদায় লয়। বিপ্লৱ দেৱী নতুন
মুখ্যমন্ত্ৰী হয়। কিন্তু পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে ২০২২ চনত
বিপ্লবে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব লগীয়া হৈছিল।
বিগত বৰ্ষৰ
লোকসভা নিৰ্বাচনত পশ্চিম ত্ৰিপুৰা সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে মনোনীত হোৱাৰ
পিছত সংসদ সদস্য হয় বিপ্লৱ দেৱ। এতিয়া তেওঁ আগন্তুক দিল্লীত বিধানসভা নিৰ্বাচনত
বিজেপি নেতা হিচাপে প্ৰচাৰ চলায় আছে।

0 coment rios: