১৮ ফেব্ৰুৱাৰীত ৰাজীৱ কুমাৰৰ অৱসৰঃ কোন হ’ব উত্তৰাধিকাৰী ! অনুসন্ধানত মোডীৰ চৰকাৰ
নেচনেল ডেস্ক, ১ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে তিনিজনীয়া এখন
অনুসন্ধান সমিতি গঠন কৰি পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্তৰ নাম নিৰ্বাচন কৰে।
সংবাদ সংস্থা পিটিআইৰ মতে, কেন্দ্ৰীয় আইন
মন্ত্ৰী অৰ্জুনৰাম মেঘৱাল সেই সমিতিৰ অধ্যক্ষ ইয়াৰ বাহিৰেও বিত্ত আৰু কৰ্মচাৰী
আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ৰ সচিবসকল কমিটীত আছে।
অহা ১৮ ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচন আয়োগৰ পৰা অৱসৰ ল’ব ৰাজীৱ কুমাৰে। অনুসন্ধান সমিতিয়ে তেওঁৰ
উত্তৰাধিকাৰী হিচাপে পাঁচগৰাকী শীৰ্ষ পৰ্যায়ৰ আমোলাৰ নাম নিৰ্বাচন কৰিব। ইয়াৰ
পিছত পৰামৰ্শ নিযুক্তি সমিতিলৈ যাব। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত
নিযুক্তিৰ পুৰণি নিয়ম অনুসৰি বাকী দুজন নিৰ্বাচন আয়ুক্তৰ ভিতৰত ‘জ্যেষ্ঠ আয়ুক্ত’ক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে
নিযুক্তি দিয়াৰ কথা আছিল। সেই অনুসৰি জ্ঞানেশ কুমাৰ সেই পদত বহিব লাগে।
কিন্তু নতুন নিয়ম অনুসৰি ৰাজীৱৰ বিকল্প বাছনি কৰিবলৈ এখন
অনুসন্ধান সমিতি গঠন কৰা হৈছে। বৰ্তমানৰ দুই নিৰ্বাচন আয়ুক্ত জ্ঞানেশ আৰু সুখবীৰ
সিঙৰ উপৰি সম্ভাৱ্য মুখ্য নিৰ্বাচনী আয়ুক্তৰ তালিকাত কমিটীয়ে আন নাম ৰাখিব।
অভিযোগ অনুসৰি নতুন ব্যৱস্থাৰ ফলস্বৰূপে নিৰ্বাচন আয়োগৰ কাম-কাজৰ বিষয়ে অৱগত নোহোৱা
আমোলাসকলক পোনপটীয়াকৈ মুখ্য নিৰ্বাচন আয়ুক্ত পদত নিযুক্তি দিব পৰা যাব। ইয়াৰ
ফলত আয়োগৰ দৈনন্দিন কাম-কাজত কিছু অসুবিধাৰ সৃষ্টি হ’ব পাৰে।
প্ৰসংগক্ৰমে ২০২৩ চনৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ৰ এখন
কমিটীয়ে দেশত নিৰ্বাচন আয়ুক্ত নিযুক্তি দিব বুলি নিৰ্দেশ দিছিল। এই সমিতিৰ সদস্য
হ’ব উচ্চতম ন্যায়ালয়ৰ
মুখ্য ন্যায়াধীশ, প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলৰ নেতা।
উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপক বিৰোধী দলসমূহে “ঐতিহাসিক”
বুলি অভিহিত কৰে।
কিন্তু নৰেন্দ্ৰ মোডী
চৰকাৰে প্রস্তাৱিত কমিটীৰ পৰা উচচতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নাম বাদ দি ‘ প্রধানমন্ত্রীৰ প্রতিনিধি হিচাপে এজন কেন্দ্রীয়
মন্ত্রী’ৰ নাম সন্নিৱিষ্ট কৰিবলৈ চৰকাৰ খনে সেই বছৰ সংসদৰ
শীতকালীন অধিবেশনত ‘মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য
নিৰ্বাচন আয়ুক্ত’ (নিযুক্তি, সেৱাৰ
চৰ্ত আৰু কাৰ্যালয়ৰ চৰ্ত )প্রস্তাৱ কৰা কমিটীৰ পৰা উচচতম ন্যায়ালয়ৰ মুখ্য
ন্যায়াধীশৰ নাম বাদ দিলে৷ ' (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যালয়ৰ চৰ্ত) বিধেয়ক
২০২৩' গৃহীত কৰি লয়।
0 coment rios: