Saturday, February 1, 2025

কংগোৰ সংঘর্ষত সাত দিনত ৭ শতাধিক লোকৰ প্ৰাণ নাশ

 কংগোৰ সংঘর্ষত সাত দিনত ৭ শতাধিক লোকৰ প্ৰাণ নাশ

উৱেভ ডেস্ক, ১ফেব্ৰুৱাৰীঃ মধ্য আফ্ৰিকাৰ দেশ ডেমক্ৰেটিক কংগোৰ সৰ্ববৃহৎ চহৰ গোমাত ৭ দিনৰ সংঘর্ষত কমেও ৭০০ লোকৰ মৃত্যু হৈছে। বিবিচিৰ বাতৰি অনুসৰি ৰুৱাণ্ডাৰ সমৰ্থিত বিদ্ৰোহী সংগঠন এম ২৩ য়ে দেশখনৰ দক্ষিণ কিভু প্ৰদেশৰ ৰাজধানী চহৰ গোমা দখল কৰি সংঘাত অব্যাহত ৰাখিছে।



শনিবাৰে ৰাষ্ট্ৰসংঘই এক বিবৃতিত কয় যে উত্তৰ কিভু প্ৰদেশৰ ৰাজধানী গোমা দখল কৰিবলৈ যোৱা দেওবাৰৰ পৰা টুট্সি জনগোষ্ঠীয় বিদ্ৰোহী সংগঠন এম ২৩য়ে এই সংঘর্ষ চলাই আহিছে। দেওবাৰৰ পৰা পূব গণতান্ত্ৰিক ৰিপাব্লিক অৱ কংগোৰ সৰ্ববৃহৎ চহৰ গোমাত তীব্ৰ সংঘর্ষত কমেও ৭০০ লোক নিহত হোৱা বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি সূত্ৰটোত প্ৰকাশ।

ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে কয় যে যোৱা দেওবাৰৰ পৰা ৰুৱাণ্ডা সমৰ্থিত এম ২৩ বিদ্ৰোহীৰ আক্ৰমণত ৭০০ লোক নিহত হৈছে আৰু ২৮০০ লোক আহত হৈছে। উত্তৰ কিভুৰ গোমা দখল কৰি দক্ষিণ দিশলৈ আগবাঢ়িছে বিদ্ৰোহী। বিদ্ৰোহীসকলে দক্ষিণ কিভু প্ৰদেশৰ ৰাজধানী বুকাভু অভিমুখে ৰাওনা হৈছে।

নব্বৈৰ দশকৰ পৰা আৰম্ভ হোৱা ডেমক্ৰেটিক কংগোৰ সংঘাত যোৱা কেইসপ্তাহমানৰ পৰা তীব্ৰতৰ হৈ পৰিছে। জনগোষ্ঠীয় টুট্চিৰে গঠিত এম ২৩ বিদ্ৰোহীয়ে কয় যে তেওঁলোকে সংখ্যালঘুৰ অধিকাৰৰ বাবে যুঁজি আছে।



আনহাতে কংগো চৰকাৰে দাবী কৰিছে যে ৰুৱাণ্ডা সমৰ্থিত বিদ্ৰোহীয়ে পূব অঞ্চলৰ বিশাল খনিজ সম্পদ নিয়ন্ত্ৰণ কৰিবলৈ সংঘাত আৰম্ভ কৰিছে। কংগোৰ বৈদেশিক মন্ত্ৰী থেৰেছা কাইকৱাম্বা ৱেগনাৰে কয় যে ৰুৱাণ্ডাই অবৈধভাৱে কংগো দখল কৰি শাসন ব্যৱস্থা সলনি কৰাৰ চেষ্টা চলাইছে।

এম ২৩ বিদ্ৰোহীক ৰোধ কৰিবলৈ কংগোৰ সেনাই গোমা আৰু বুকাভুৰ মাজৰ পথত বেৰিকেড স্থাপন কৰিছে। শ শ অসামৰিক স্বেচ্ছাসেৱকে বুকাভুক ৰক্ষাৰ বাবে সেনাবাহিনীত যোগদান কৰে বুলি এক সূত্ৰত প্ৰকাশ।

অৱশ্যে কংগোৰ ৰাজধানী কিনছাছাত উপস্থিত নোহোৱালৈকে বিদ্ৰোহীসকলে আক্ৰমণ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে। কংগোৱে অভিযোগ কৰিছে যে ৩ হাজাৰৰ পৰা ৪ হাজাৰ ৰুৱাণ্ডাৰ সৈন্যই এম ২৩ৰ সৈতে কাম কৰি আছে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: