Saturday, February 1, 2025

১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত দিব নালাগে আয়কৰ

 ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত দিব নালাগে আয়কৰ

নেচনেল ডেস্ক, ১ফেব্ৰুৱাৰীঃ বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে ডাঙৰ উপহাৰ। ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ দিব নালাগে। বাজেট দাখিল কৰি এই কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তেওঁ কয়, চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত নিৰ্ভৰশীল। আৰু সেয়ে এই সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে নিৰ্মলাই মানক কৰ্তনৰ পৰিমাণ ৭৫ হাজাৰ টকাত ৰাখিছে। বাজেটত থকা জ্যেষ্ঠ নাগৰিকসকলকো এটা ডাঙৰ উপহাৰ দিয়ে নিৰ্মলাই। কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ৬০ বছৰীয়া ব্যক্তিৰ ক্ষেত্ৰত মানক কৰ্তনৰ পৰিমাণ ১ লাখ টকা কৰা হৈছে।



যোৱা বছৰৰ সম্পূৰ্ণ বাজেটত নতুন কৰ গাঁথনিত মানক কৰ্তন ৫০ হাজাৰ টকাৰ পৰা ৭৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে চৰকাৰী আৰু ব্যক্তিগত সংস্থাৰ বাৰ্ষিক আয়ৰ ওপৰত ১২ লাখ ৭৫ হাজাৰ টকা পৰ্যন্ত কৰ পৰিমাণ শূন্য কৰি ৰখা হৈছে। লগতে অহা সপ্তাহত নতুন আয়কৰ বিল আহিব বুলিও বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়। তাত কৰ নিয়ম সৰল কৰা হব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

নতুন কৰ গাঁথনি অনুসৰি ০ৰ পৰা ৪ লাখ টকাৰ ভিতৰত আয় - কোনো কৰ নাই, বাৰ্ষিক আয় ৪-৮ লাখ টকা - ৫ শতাংশ আয়কৰ, বাৰ্ষিক আয় ৮-১২ লাখ টকা - ১০ শতাংশ আয়কৰ, বাৰ্ষিক আয় ১২-১৬ লাখ টকা - ১৫ শতাংশ আয়কৰ, বাৰ্ষিক আয় ১৬-২০ লাখ টকা ২০% আয়কৰ, বাৰ্ষিক আয় ২০-২৪ লাখ টকা ২৫% আয়কৰ, ২৪ লাখ টকাৰ ওপৰৰ বাৰ্ষিক আয় ৩০% আয়কৰ। অৱশ্যে ১২ লাখ টকা পৰ্যন্ত আয়ত বিভিন্ন ৰেহাই দিব চৰকাৰে।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: