মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰক প্ৰত্যাহ্বান উপমন্যু হাজৰিকাৰ
বি.
চি ডেস্ক, ৭ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয়
ঘাইপথ নিৰ্মাণৰ এক ভূমি সংশ্লিষ্ট অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি
ভূঞা শৰ্মাই গুৱাহাটীৰ চি জি এম ক'ৰ্টত জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ লগতে ছয়জনৰ বিৰুদ্ধে দাখিল কৰা
মানহানি গোচৰক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে।
মুখ্যমন্ত্ৰীৰ
পত্নীয়ে ভাৰতীয় ন্যায় সংহিতা ৩৫৬,
৩(৫), ৩(৬)ৰ অধীনত এই মানহানি গোচৰ দাখিল
কৰিছে। আদালতে ইতিমধ্যে গোচৰটো পঞ্জীয়ন কৰিছে, আৰু অহা ১০
ফেব্ৰুৱাৰীত শুনানীৰ দিন নিৰ্ধাৰণ কৰিছে। দিল্লীত বৃহস্পতিবাৰে জ্যেষ্ঠ অধিবক্তা
উপমন্যু হাজৰিকাই সংবাদমেল সম্বোধন কৰি এই মানহানি গোচৰক প্ৰত্যাহ্বান জনাই।
জ্যেষ্ঠ
অধিবক্তা উপমন্যু হাজৰিকাই সংবাদমেলত কয়,
"বহু লোকে মোক অৱগত কৰিছে যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা
শৰ্মাই মোৰ লগতে আন ৬ জনৰ ওপৰত মানহানিৰ গোচৰ দাখিল কৰিছে। যদিও আদালতৰ পৰা কোনো
আনুষ্ঠানিক নোটিচ পোৱা নাই, তথাপিও জানিব পৰা গৈছে যে
গোচৰটোৰ বিষয়টো হৈছে ২৩ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত আমি দিয়া
মন্তব্য। সংবাদমেলত কোৱা হৈছিল যে কলিয়াবৰ তিনিআলিৰ পৰা ৰাষ্ট্ৰীয়
ঘাইপথ বিকল্প পথেৰে গৈ জখলাবন্ধাক এলাগী কৰি ৰিণিকি ভূঞা শৰ্মাৰ মাটিৰ কাষেৰে যোৱা
প্ৰস্তাৱক লৈছে ।"
তেওঁ
লগতে কয়, "মোৰ হাতত কোনো গোচৰৰ জাননী আহি পৰা নাই, যিহেতু এই
বিষয়সমূহ সংবাদ মাধ্যম আৰু ৰাইজৰ মাজত চৰ্চিত হৈ পৰিছে। আইনগতভাৱে এই বিষয়
গ্ৰহণযোগ্য নহয়, কাৰণ অভিযোগসমূহত সত্যৰ ভিত্তি আছে। বিকল্প
পথৰ প্ৰস্তাৱ ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে উত্থাপন কৰিছে, যাৰ মন্ত্ৰী হৈছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই বিষয়সমূহ ইতিমধ্যেই গুৱাহাটী উচ্চ
ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে।"
হাজৰিকাই
লগতে কৈছে, "এনে পৰিস্থিতিত মানহানি গোচৰ ভিত্তিহীন। ইয়াৰ উপৰিও যি ব্যক্তিৰ এটা
ৰাজহুৱা পৰিচয় থাকে, তেওঁলোকৰ দ্বাৰা মানহানি গোচৰ দাখিল
কৰাটো গ্ৰহণযোগ্য নহয়, বিশেষকৈ যদি তেনে গোচৰ ৰাজহুৱা
স্বাৰ্থৰ লগত জড়িত হয়। যদি কুঁৱৰীতল, হাটবৰ আৰু জখলাবন্ধা
অঞ্চলসমূহক এলাগী কৰি সেই অঞ্চলৰ ৰাইজক বঞ্চিত কৰি বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ
নিৰ্মাণ কৰা হয়, সেই বিষয়টো ৰাজহুৱা স্বাৰ্থৰ লগত জড়িত নহ'ব কিয়?"
হাজৰিকাই
কয়, "ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ অধিবক্তাই যদিও গোচৰৰ গ্ৰহণযোগ্যতাৰ বিষয়ত
অৱগত, তথাপিও ৰাইজক ভয়-ভাবুকি দেখুৱাই মুখ আৰু প্ৰতিবাদ
বন্ধ কৰিবলৈ এইটো এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিছে। এই গোচৰৰ
মাধ্যমেৰে ৰিণিকি ভূঞা শৰ্মা আৰু মুখ্যমন্ত্ৰীক জেৰা কৰাৰ সুযোগ লাভ কৰা যাব,
য'ত তেওঁলোক দুয়ো নিজৰ বিৰুদ্ধে থকা বিভিন্ন
দুৰ্নীতিৰ অভিযোগৰ উত্তৰ দিবলৈ বাধ্য হ'ব।"
ইয়াৰোপৰি, গুৱাহাটী উচ্চ
ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়, "আজিলৈকে
তেওঁলোকে নিজৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে। যেনে,
ভূমিহীনৰ নামত দামী মাটি প্রথমে আবণ্টন দি পিছলৈ তেওঁলোকৰ নিজৰ
কোম্পানীলৈ হস্তান্তৰ কৰা, কাঞ্চনজুৰিত এলিফেণ্ট কৰিড'ৰ বন্ধ কৰি বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰা, নিজৰ সংবাদ
চেনেল আৰু বাতৰি কাকতক কোটি কোটি টকাৰ চৰকাৰী বিজ্ঞাপন দিয়া, চৰকাৰী নিৰ্মাণ কাৰ্যত তেওঁলোকৰ ঘনিষ্ঠ ব্যক্তিয়ে ঠিকা লোৱা ইত্যাদি। যদি
এই অভিযোগসমূহ সত্য হয়, তেন্তে Prevention of
Corruption Act, Wildlife Act, আৰু অন্যান্য আইন অনুসৰি তেওঁলোক
দোষী সাব্যস্ত হ'ব।"
মানহানি
গোচৰৰ সন্দৰ্ভত হাজৰিকাই কয়,
"মানহানি গোচৰ দাখিল কৰা হয় যদি কোনো ব্যক্তিৰ সন্মানত হানি
হয়, কিন্তু তেওঁলোকে প্ৰমাণ কৰিব লাগিব যে তেওঁলোক সমাজত
সন্মানীয় ব্যক্তি। অথচ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতি কৰি অপাৰ সম্পত্তি গঢ়াৰ বহুতো অভিযোগ আছে।
বিজেপি দলে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ কৰিছিল, যেতিয়া তেওঁ
কংগ্ৰেছ দলৰ মন্ত্ৰী আছিল, আৰু বৰ্তমান সময়ত ৰাহুল
গান্ধীয়ে তেওঁক ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিযোগ কৰিছে।"
এই
গোচৰ প্ৰত্যাহ্বান জনাই উপমন্যু হাজৰিকাই কয়, "যেতিয়া সংবাদ আৰু সামাজিক
মাধ্যমত এই অভিযোগসমূহ বহুলভাৱে চৰ্চিত, তেন্তে তেওঁলোকে
সাক্ষী দি প্ৰমাণ কৰিব লাগিব যে তেওঁলোক সমাজত সন্মানীয় ব্যক্তি আৰু তেওঁলোকৰ
বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ ভিত্তিহীন। লগতে, তেওঁলোক
জেৰাৰ সন্মুখীন হ'ব লাগিব।"
0 coment rios: