Thursday, February 6, 2025

প্ৰশিক্ষণ অনুশীলনৰ সময়ত মধ্যপ্ৰদেশৰ এখন গাঁৱৰ খেতি পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ মিৰাজ ২০০০ বিমান!

 প্ৰশিক্ষণ অনুশীলনৰ সময়ত মধ্যপ্ৰদেশৰ এখন গাঁৱৰ খেতি পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ মিৰাজ ২০০০ বিমান!

নেচনেল ডেস্ক, ৬ফেব্ৰুৱাৰীঃপ্ৰশিক্ষণ অনুশীলনৰ সময়ত মধ্যপ্ৰদেশৰ শিৱপুৰীত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ এখন যুদ্ধ বিমান। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন আছিল দুজনীয়া মিৰাজ ২০০০। সুনাৰী চৌকী অঞ্চলৰ সমীপৰ পথাৰত  যান্ত্ৰিক বিজুতিৰ ফলত ভূপতিত হৈ বিমান খন জুইত জাহ যায়। অৱশ্যে পাইলটজন নিৰাপদ বুলি জানিব পৰা গৈছে।



দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হয় তাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। প্ৰথম অৱস্থাত যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই দুৰ্ঘটনাৰ সঠিক কাৰণৰ তদন্ত কৰা হব বুলি বায়ুসেনাৰ সূত্ৰই প্ৰকাশ কৰিছে। ভাৰতীয় বায়ুসেনাই এক্স-হেণ্ডলত জনাইছে যে মিৰাজ ২০০০ যুদ্ধ বিমানখনে গ্ৱালিয়ৰত অনুশীলন চলাই আছিল। শিৱপুৰীৰ সমীপতে ভাঙি পৰে। অৱশ্যে পাইলটজন নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।

প্ৰত্যক্ষদৰ্শীয়ে কয় যে তেওঁলোকে হঠাতে এটা প্ৰচণ্ড শব্দ শুনে আৰু দেখে যে পথাৰত বিমানখন এখন ভাঙি পৰিছে। দাউ দাউ কৈ জুই জ্বলিছে । এই ঘটনাৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে গাঁৱৰ ৰাইজৰ হুৱাদুৱা লাগে আৰু ঘটনাস্থলিত ৰাইৰ ভিৰ লাগে । তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। লগতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইৰ পৰা কিছু দূৰৈত উদ্ধাৰ কৰা হয় পাইলটজনক।



 




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: