বি. চি ডেস্ক, ৮ফেব্ৰুৱাৰীঃ যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনা ভক্তসকলৰ সমাগমে পবিত্ৰ পৰিৱেশ সৃষ্টি কৰিছে। চৌদিশ কেৱল হৰিনাম ধ্বনি আৰু ভক্তসকলে সমস্বৰে গোৱা গুৰু বন্দনাৰে ধ্বনিত হৈছে। এই পৱিত্ৰ পৰিবেশে উপস্থিত সকলোকে এক আধ্যাত্মিক আনন্দ আৰু শান্তিৰ অনুভূতি প্ৰদান কৰিছে।
ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এতিয়া যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। শনিবাৰৰ পুৱাৰে পৰা লাখ লাখ ভক্তৰ সমাগম ঘটিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত । ভক্তসকলে দীৰ্ঘ সময় ধৰি নাম-কীৰ্তন আৰু ভাগৱত পাঠত অংশগ্ৰহণ কৰিছে। অধিৱেশনৰ মূল বেদীত সংঘৰ পদাধিকাৰী ভৱেন্দ্ৰ নাথ ডেকাই ধৰ্মধ্বজা উত্তোলন কৰাৰ লগে লগে নাম-কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে সমগ্ৰ অঞ্চল মুখৰিত হৈ উঠে। ভক্তসকলে এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি এক অপূৰ্ব আধ্যাত্মিক অনুভূতি লাভ কৰে। বহু দূৰৰ পৰা অহা ভক্তসকলে এই মিলন ক্ষেত্ৰত অংশগ্ৰহণ কৰি এক অবিস্মৰণীয় অভিজ্ঞতা লাভ কৰিছে।
বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হোৱা বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰা আৰম্ভ হয় শোভাযাত্ৰা । এই শোভাযাত্ৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে । মূল ধৰ্মধ্বজাস্থলীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰেৰহনীয়া শোভাযাত্ৰা উলিওৱা হয় । উক্ত শোভাযাত্ৰাত ৰাজ্যৰ বিভিন্ন সাংস্কৃতিক দলৰ লগতে চুবুৰীয়া ৰাজ্যৰ পৰাও কেইবাটাও দলে অংশগ্ৰহণ কৰে । কেইবা কিলোমিটাৰ অতিক্ৰম কৰি উলিওৱা এই শোভাযাত্ৰাই অধিৱেশনখনিক প্ৰদান কৰিলে এক অনন্য় মাত্ৰা ।
শোভাযাত্ৰাৰ সময়ত শংকৰদেৱৰ জীৱন আদৰ্শ আৰু বৈষ্ণৱ সংস্কৃতিৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়।এই শোভাযাত্ৰাৰ জৰিয়তে অসমীয়া লোক-সংস্কৃতি বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰা হয়। স্থানীয় সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমেও এই শোভাযাত্ৰাক বিশেষ প্ৰস্তুতিৰে কভাৰ কৰিছে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই কয়, "এই অধিৱেশন সদায় লোকাৰে ভৰি পৰে। সংঘই সদায় সমাজৰ উন্নতিৰ বাবে একতা, শান্তি আৰু সম্প্ৰীতিৰ বাণী বিলাই আহিছে। শংকৰদেৱ সংঘৰ অধিৱেশন অসমৰ বাবে এক অনন্য অনুষ্ঠান।" তেওঁ লগতে কয়, "এইধৰণৰ অনুষ্ঠানৰ জৰিয়তে মহাপুৰুষজনাৰ আদৰ্শ বিশ্বত প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ কাম সংঘই কৰি আহিছে। এখন সুস্থ প্ৰকৃত মানৰ সমাজ গঢ়ি ঐক্য, শান্তিৰ বাণী বিলাবৰ বাবে সংঘই সদায় চেষ্টা চলাই থাকিব । এই প্ৰতিচ্ছবি সমগ্ৰ অসমতে বিৰল আৰু এই কাৰ্য সদায় শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰি আহিছে ।
এই অধিৱেশনৰ অংশ হিচাপে বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক আলোচনা সভা অনুষ্ঠিত হয়। বৈষ্ণৱ ধৰ্ম আৰু শংকৰদেৱৰ আদৰ্শ আধুনিক সমাজত কেনেদৰে প্ৰয়োগ কৰিব সেই বিষয়ে বিশেষজ্ঞসকলে মতামত ব্যক্ত কৰে। সভাত অংশ লোৱা বক্তাসকলে বৈষ্ণৱ ধৰ্মৰ গুৰুত্ব আৰু ইয়াৰ আধুনিক সময়ত প্ৰাসংগিকতা সন্দৰ্ভত মূল্যবান বক্তৃতা প্ৰদান কৰে। লগতে, কীৰ্ত্তন, ভাগৱত পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়, য'ত ভক্তসকলে অংশগ্ৰহণ কৰি আধ্যাত্মিক আনন্দ লাভ কৰে।
তেওঁ পুনৰ কয়, "এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে মহাপুৰুষজনাৰ আদৰ্শ, সৃষ্টিৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰা কামত শ্ৰীমন্ত শংকৰদেৱ সংঘই নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াৰ পৰাই হৰিনাম ধ্বনি বিশ্বৰ আকাশে-বতাহে মুখৰিত হৈছে । অসমৰ প্ৰতিগৰাকী মানুহক গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিব নোৱৰালৈকে শংকৰদেৱ সংঘৰ এই যাত্ৰা অব্যাহত থাকিব ।"
0 coment rios: