Monday, February 3, 2025

জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা আৰু ছয়জনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী পত্নীৰ মানহানি গোচৰ

জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা আৰু ছয়জনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী পত্নীৰ মানহানি গোচৰ

বি. চি ডেস্ক, ৩ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ এক ভূমি সংক্ৰান্তীয় অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই গুৱাহাটীৰ চি জি এম কোৰ্টত এক মানহানি গোচৰ তৰিছে। এই গোচৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা আৰু আন ছয়জনৰ বিৰুদ্ধে তৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা ৩৫৬, ৩(৫),  নিৰ্ধাৰণ কৰিছে। এই শুনানিত অভিযোগকাৰী আৰু অভিযুক্ত উভয়ে অংশগ্ৰহণ কৰিব আৰু আদালতত নিজৰ নিজৰ যুক্তি-তথ্য উপস্থাপন কৰিব লাগিব।



চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে কিছুদিন পূৰ্বে গুৱাহাটীত এখন সংবাদমেলত জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ভূমি সম্পৰ্কীয় গুৰুতৰ অভিযোগ উত্থাপন কৰে। সেই সংবাদমেলত সভাপতি মিনু শইকীয়া আৰু সম্পাদক প্ৰদীপ লস্কৰো উপস্থিত আছিল, যি সংবাদমেলত বিভিন্ন গুৰুত্বপূর্ণ তথ্য প্ৰকাশ কৰা হৈছিল। এই দুজনৰ বিৰুদ্ধেও মানহানি গোচৰ গোচৰ ৰুজু  কৰা হৈছে ।

কলিয়াবৰৰ পৰা নুমলীগড়লৈ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ (পুৰণি ৩৭ নং) চাৰি লেন কৰি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বৃহৎ নিৰ্মাণ প্ৰকল্পৰ ক্ষেত্ৰত ভূমি অধিগ্রহণ আৰু দিশ সলনি কৰাক লৈ বিতৰ্ক সৃষ্টি হৈছে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত কলিয়াবৰৰ ৬৫ জনকৈ লোকে দাখিল কৰা ৩৮/২০২৪ নম্বৰৰ এই পি আই এলখনৰ যোৱা ২০ জানুৱাৰীত শুনানি লৈ উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণসহ পাঁচটা চৰকাৰী পক্ষলৈ জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ।   

লক্ষণীয়ভাৱে এই গোচৰটোত চৰকাৰী পক্ষসমূহৰ উপৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডকে ধৰি কেইবাটাও ব্যক্তিগত প্রতিষ্ঠানক পক্ষ হিচাপে নাম সাঙোৰা হৈছে । আবেদনকাৰী পক্ষই ন্যায়ালয়ৰ মজিয়াত দাঙি ধৰা গুৰুত্বপূৰ্ণ তথ্য অনুসৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ এক বৃহৎ পৰিমাণৰ কৃষিভূমিৰ মাজেৰে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো নতুনকৈ সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সৈতে বুজাবুজিৰে চৰকাৰী পক্ষসমূহে ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি কৰা বুলিও গুৰুতৰ অভিযোগ ন্যায়ালয়ৰ মজিয়াত উত্থাপন কৰা হৈছিল ।

এই‌ সন্দৰ্ভত উপমন্যু হাজৰিকাই সংবাদমেলত কয়, নতুন বিকল্প পথৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হ'Pride East Entertainments Private Limited, যাৰ পৰিচালন সঞ্চালিকা ৰিণিকা ভূঞা শৰ্মা। তেওঁ তাত ১০০ বিঘাতকৈও বেছি মাটি ক্ৰয় কৰিছে, যি মাটিৰ মাজেৰে এই নতুন বিকল্প পথ নিৰ্মাণৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে।এই সকলো অভিযোগ আৰু প্ৰতিঅভিযোৰ মাজত আদালতৰ সিদ্ধান্ত গুৰুত্বপূর্ণ হৈ পৰিছে। 





আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: