Thursday, February 20, 2025

মুখত ক’লা কাপোৰ পিন্ধি সাংসদ ৰকিবুল হুসেইনৰ আপৰত দুৰ্বৃত্তৰ আক্ৰমণ

মুখত কলা কাপোৰ পিন্ধি সাংসদ ৰকিবুল হুসেইনৰ আপৰত দুৰ্বৃত্তৰ আক্ৰমণ

বি. চি ডেস্ক, ২০ফেব্ৰুৱাৰীঃ নিজ জিলাতেই আক্ৰমণ বলি হল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। ৰাজপথতে সাংসদগৰাকীৰ ওপৰত আক্ৰমণ চলাই দুৰ্বৃত্তসকলে। সাংসদগৰাকীৰ দেহৰক্ষীকো প্ৰহাৰ কৰে আক্ৰমণকাৰীসকলে। আক্ৰমণকাৰীসকলে লগত থকা লাঠি, ৰড আৰু অন্যান্য অস্ত্ৰৰে সাংসদগৰাকীক নিৰ্মম ভাবে আঘাত কৰে। আক্ৰমণৰ সময়ত উপস্থিত স্থানীয় লোকে ভয়তে সহায়ৰ হাতআগবঢ়াব পৰা নাছিল, যাৰ সুযোগ লৈ আক্ৰমণকাৰীসকলে নিৰ্ভয়ে আক্ৰমণ চলাই গৈছিল ।

সাংসদগৰাকীক ৰাজপথৰ মাজতে দুৰ্বৃত্তই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। সাংসদগৰাকীয়ে তৎক্ষণিক সহায় বিচাৰে যদিও উপস্থিত লোকে কোনো সহায় আগবঢ়াব পৰা নাছিল।সাংসদগৰাকীৰ গাড়ীখনৰো ক্ষতি সাধন কৰিবলৈ চেষ্টা কৰাৰ পিচত পৰিস্থিতি অধিক শোচনীয় হৈ পৰে । আক্ৰমণৰ পিছতেই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৰৈ গুলীচালনা কৰে।

দুৰ্বৃত্তই ঘটনাটো সংঘটিত কৰাৰ পিচতে অঞ্চল জুৰি আতংক আৰু উত্তেজনা বিয়পি পৰে। স্থানীয় লোকে এই নৃশংস আক্ৰমণক তীব্ৰ নিন্দা কৰে আৰু সাংসদগৰাকীৰ সুৰক্ষাৰ বাবে অধিক কড়া নিৰাপত্তা ব্যৱস্থা গ্রহণৰ আহ্বান জনায়। প্ৰতক্ষ্যদৰ্শীৰ মতে, আক্ৰমণকাৰীসকলে প্ৰথমে সাংসদগৰাকীক ঘেৰাও কৰি অকথ্য ভাষাৰে গালি-গালাজ কৰিছিল, তাৰ পিছতেই আক্ৰমণ আৰম্ভ কৰে।

সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাও চামগুৰিত ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ কৰিছিল দুৰ্বৃত্তই । তেওঁ বাসগৃহটো সংঘটিত হৈছিল আক্ৰমণ ।  ৰকিবুলৰ গাড়ীত আক্ৰমণ কৰোঁতে ভাঙিছিল সাংবাদিকৰো বাহন । ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্লগান দিছিল একাংশ লোকে ।

জানিব পৰা মতে, সাংসদ ৰকিবুল হুসেইন ৰূপহীৰ গুণাবাৰীত এখন সভালৰৈ গৈ আছিল। সাংসদগৰাকীৰ লগত আছিল তেওঁৰ পুত্ৰ তানজিল হুছেইন। কংগ্ৰেছ কৰ্মীসকলে ঘটনাটোক তীব্ৰভাৱে গৰিহণা দিয়ে। সভাত উপস্থিত বহুকেইজন লোকে সন্দেহ প্ৰকাশ কৰে যে এই আক্ৰমণ পূৰ্বপৰিকল্পিত আৰু ৰাজনৈতিক কাৰণত সংঘটিত হৈছে।

ইফালে, সাংসদগৰাকীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগত বিজেপি কৰ্মীসকলৰ নাম ওলাইছে। স্থানীয় প্ৰশাসনে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু দোষীসকলক গ্ৰেপ্তাৰৰ বাবে অভিযান চলাইছে। ইতিমধ্যে আৰক্ষীয়ে কিছুমান সন্দেহযুক্ত ব্যক্তিক আটক কৰিছে আৰু বাকী আক্ৰমণকাৰীসকলক বিচাৰি তদন্ত অব্যাহত ৰাখিছে। এই আক্ৰমণ কোনে সংঘটিত কৰিছে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই ।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: