Wednesday, February 19, 2025

‘প্ৰথমে শেষ হওক উচ্চতম ন্যায়ালয়ৰ শুনানি’, এতিয়াই ৰাজীৱ কুমাৰৰ উত্তৰাধিকাৰী বিচৰাৰ বিৰোধিতা কংগ্ৰেছৰ

প্ৰথমে শেষ হওক উচ্চতম ন্যায়ালয়ৰ শুনানি’, এতিয়াই ৰাজীৱ কুমাৰৰ উত্তৰাধিকাৰী বিচৰাৰ বিৰোধিতা কংগ্ৰেছৰ


নেচনেল ডেস্ক, ১৮ফেব্ৰুৱাৰীঃ মঙলবাৰে অৱসৰ লব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।ৰাজীৱ কুমাৰৰ উত্তৰসূৰি মনোনীত কৰাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তিনিজনীয়া নিযুক্তি সমিতিৰ বৈঠকত অনুস্থিত হয়। যাৰ এজন অন্যতম সদস্য হৈছে লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। কিন্তু বুধবাৰে উচ্চতম ন্যায়ালয়ত ইয়াৰ সৈতে জড়িত এটা গোচৰৰ শুনানি চলি থকাৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰখাৰ দাবী জনায় কংগ্ৰেছে
সোমবাৰে নিশা কংগ্ৰেছ নেতা অজয় ​​মাকেনে কয় যে আজি চিইচিৰ মনোনয়ন সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছে বিশ্বাস কৰে যে আজিৰ বৈঠক স্থগিত কৰা উচিত আছিল কাৰণ উচ্চতম ন্যায়ালয়ত যিহেতুকে এই সন্দৰ্ভত চলি থকা গোচৰৰ শুনানি ১৯ ফেব্ৰুৱাৰীত হসূত্ৰই জনোৱা মতে, ৰাজীৱৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন আয়ুক্ত দুজনৰ মাজৰ পৰা কেন্দ্ৰই জ্যেষ্ঠজ্ঞানেশ কুমাৰক বাছি লৈছে। তেওঁৰ নামো অনুমোদনৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা হৈছে।
এনে পৰিস্থিতিত কংগ্ৰেছে অভিযোগ কৰিছে যে মোডী চৰকাৰে নিৰ্বাচন আয়োগক নিয়ন্ত্ৰণ ৰখাৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে। প্ৰসংগক্ৰমে ২০২৩ চনৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে দেশত নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়াৰ বাবে এখন কমিটীয়ে কৰিব বুলি নিৰ্দেশ দিছিল। এই সমিতিৰ সদস্য হব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা। উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপক বিৰোধী দলসমূহে ঐতিহাসিকবুলি অভিহিত কৰিছিলকিন্তু মোডী চৰকাৰে সেই বছৰ সংসদৰ শীতকালীন অধিৱেশনত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত’ (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকালৰ চৰ্ত) বিধেয়ক, ২০২৩গৃহীত কৰি প্ৰস্তাৱিত সমিতিৰ পৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নাম আঁতৰাই নিযুক্তি সমিতিত প্ৰধানমন্ত্ৰীক প্ৰতিনিধিত্ব কৰা এজন কেন্দ্ৰীয় মন্ত্ৰীৰ নাম সন্নিবিষ্ট কৰিছিল। কেন্দ্ৰৰ এই পদক্ষেপক প্ৰত্যাহ্বান জনাই দাখিল কৰা গোচৰটো এতিয়া উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। তাৰ শুনানি হ বুধবাৰে। 


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: