Monday, March 31, 2025

জহি যাব ধৰিছে নেকি গুৱাহাটী বিশ্ববিদ্যালয়লৰ গৰিমা ! এইবাৰ বিত্তীয় অনিয়মৰ অভিযোগ

 জহি যাব ধৰিছে নেকি গুৱাহাটী বিশ্ববিদ্যালয়লৰ গৰিমা ! এইবাৰ বিত্তীয় অনিয়মৰ অভিযোগ

বি. চি ডেস্ক, ৩১মাৰ্চঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়মৰ এক গুৰুতৰ অভিযোগ উঠিছে। অসম চৰকাৰে বিশ্ববিদ্যালয়লৈ দীৰ্ঘদিন ধৰি প্ৰদান কৰি অহা এক বিশেষ অনুদানৰ অপব্যৱহাৰৰ অভিযোগ আনিছে এছ এফ আইয়ে। তাৎপৰ্যপূৰ্ণভাৱে এই আৰ্থিক অনিয়মৰ সৈতে বৰ্তমানৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননী গোপাল মহন্ত জড়িত থকাৰ অভিযোগ কৰিছে এছ এফ আয়ে । গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি এছ এফ আইৰ ৰাজ্যিক নেতা ৰাজদ্বীপ মহন্তই এই কথা সদৰি কৰে ।

এছ এফ আইৰ নেতা ৰাজদ্বীপ মহন্তই সংবাদমেলত কয় যে যোৱা কেইবাবছৰ ধৰি প্ৰতি বছৰে বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অন্তৰ্গত দক্ষিণ-পূব এছিয়া অধ্যয়ন কেন্দ্ৰৰ নামত বছৰি ১ কোটি টকাৰ চৰকাৰী অনুদান লাভ কৰি আহিছে আৰু ইয়াৰ অধ্যক্ষ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচার্য ড° ননী গোপাল মহন্ত । , কিন্তু এই ধনৰ সঠিক ব্যৱহাৰ হোৱা নাই। বিশ্ববিদ্যালয়ৰ বিত্তীয় পৰিচালনাত অনিয়ম দেখা গৈছে, যাৰ ফলত এই বিশেষ অনুদানৰ যথাযথ ৰূপত ব্যৱহাৰ হোৱা নাই।

তেওঁ কয় যে, ২০১৬-১৭ বৰ্ষত বিশ্ববিদ্যালয়ৰ অডিট বিভাগে এই অনিয়মৰ বিষয়ে বিশ্ববিদ‍্যালয়ৰ উচ্চতম কৰ্তৃপক্ষৰ সন্মুখত উত্থাপন কৰিছিল, কিন্তু বিষয়টোৰ সৈতে জড়িত ব্যক্তিসকলৰ মাজত থকা গোপন বুজাবুজিৰ বাবেই কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল। এছ এফ আইয়ে অভিযোগ কৰিছে যে চৰকাৰৰ অনুদান প্ৰজেক্ট একাউণ্টত সোমোৱাৰ পৰিৱর্তে পৰীক্ষা একাউণ্টত জমা কৰা হৈছিল, যি সাধাৰণতে অডিট কৰা নহয়। বিশ্ববিদ্যালয়ৰ বিত্তীয় বিভাগৰ একাধিক নথিপত্ৰ পৰীক্ষা কৰি এই অনিয়মৰ বিষয়ে সন্দেহ সৃষ্টি হৈছে বুলি এছ এফ আইৰ নেতা গৰাকীয়ে কয় ।

সংগঠনটোৱে দাবী কৰে যে, একেধৰণৰ অনিয়ম আৰু বৃহৎ বিত্তীয় কেলেংকাৰীৰ ৰোধ কৰাৰ পৰিবৰ্তে যদি গা কৰি উঠে তেন্তে বিশ্ববিদ্যালয়ৰ বিত্তীয় স্থিতি আৰু সুনাম দুয়ো ক্ষতিগ্ৰস্ত হ’ব। 

তেওঁ আৰু কয়, ''গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুদান পঞ্জীয়ন, পৃষ্ঠা-২৩৪ আৰু বিত্ত পঞ্জীয়ন,পৃষ্ঠা-৫৬ অনুসৰি ২০১৬-১৭ চনত হেড নং ৭৬৫(i)ত অসম চৰকাৰে দক্ষিণ-পূব এছিয়া অধ্যয়ন কেন্দ্ৰক ১ কোটি টকা (অনুমোদন নং পিএমএ(এইচ) ১৬৮/২০১৬/৩২ তাৰিখ ০৭.০৩.২০১৭) প্ৰদান কৰিছিল আৰু এই ধন জি ইউ ৰচিদ নং ৮৫৫৭, তাৰিখ ৩১.০৩.২০১৭ৰ  জৰিয়তে গ্ৰহণ কৰা হৈছিল । কিন্তু আচৰিত ধৰণে এই টকা প্ৰজেক্ট একাউণ্টৰ সলনি সোমালগৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা একাউণ্টত (একাউণ্টত নং. ১০২৪৩১২৪২৯৮)। প্ৰত‍্যক্ষভাৱে প্ৰজেক্ট একাউণ্টত টকা সোমোৱাৰ সলনি কিয় পৰীক্ষা একাউণ্টত অনুদান সোমোৱা হ’ল বুলি সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে ? অভিযোগ অনুসৰি এয়া কৰা অৰ্থ এইয়ে যে, গোপনীয়তাৰ স্বাৰ্থত পৰীক্ষা একাউণ্ট কেতিয়াও অডিট কৰা নহয় । এনে অনিয়মে জনমানসত বিশ্ববিদ্যালয়ৰ বিত্তীয় স্বচ্ছতাৰ ওপৰত প্ৰশ্ন উঠাইছে।

অভিযোগ অনুসৰি ২০১৭ৰ ২৩ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্পাছ ফাণ্ডৰ পৰা দক্ষিণ-পূব এছিয়া অধ্যয়ন কেন্দ্ৰলৈ চিঠি নং ২৩.১০.২০১৭ মৰ্মে ১ কোটি টকা প্ৰেৰণ কৰা হৈছিল । অভিযোগ মতে ১ কোটি টকাৰ ধনৰাশি প্ৰথমে পৰীক্ষা একাউণ্টতহে সোমাইছিল আৰু পৰীক্ষা একাউন্টৰ পৰা কৰ্পাছ ফাণ্ডলৈ হস্তান্তৰ কৰাৰ কোনো প্ৰমাণ দেখা নাযায় । পৰীক্ষা একাউণ্টৰ পৰা কৰ্পাছ ফাণ্ডলৈ হস্তান্তৰ কৰাৰ যিহেতু কোনো প্ৰমাণ নাই তেনে হ'লে পৰীক্ষা একাউন্টৰ পৰা ১ কোটিৰ ধনৰাশি ক’লৈ গ’ল ? পৰীক্ষা একাউণ্ট যিহেতু অডিট কৰা নহয়,তাৰেই সুযোগ গ্ৰহণ কৰিলে নেকি কোনো দুষ্ট চক্ৰই ? এনে একশ এটা প্ৰশ্নই আগুৰি ধৰিছে বিশ্ববিদ্যালয় খনৰ স্বচ্চতাৰ ওপৰত ।

সংগঠনটোৱে দাবী কৰিছে যে এই অনিয়মৰ লগত বিশ্ববিদ্যালয়ৰ উচ্চপদস্থ বিষয়া আৰু সম্ভাব্য দুষ্ট চক্ৰ জড়িত থাকিব পাৰে। বিশেষকৈ যিহেতু উপাচাৰ্য ননী গোপাল মহন্ত এই অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ, সেয়ে তেওঁৰ পৰিস্কাৰ বক্তব্য আশা কৰা হৈছে।

এছ এফ আইয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপালক এই বিষয়টোত তত্‌ক্ষণাত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। সংগঠনটোৱে দাবী কৰিছে যে সমগ্ৰ বিষয়টো এক উচ্চ পৰ্যায়ৰ তদন্ত হওঁক । গুৱাহাটীৰ বিভিন্ন সমাজিক সংগঠন তথা শিক্ষাবিদসকলে এই বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত বুলি মত প্ৰকাশ কৰিছে সংগঠনটোৱে।

বিশ্ববিদ্যালয়ৰ অনুদান আৰু বিত্তীয় পৰিচালনাৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে এছ এফ আইয়ে আনকি শিক্ষাৰ ক্ষেত্ৰত বৃহৎ স্তৰত এক তদন্তৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে কৈছে যে বিশ্ববিদ্যালয়ত চলি থকা ধনৰ অপব্যৱহাৰ বন্ধ কৰাৰ বাবে চৰকাৰী নজৰদাৰী আৰু কঠোৰ ব্যৱস্থা লোৱা উচিত।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: