উৰিষ্যাত ১০ বাংলাদেশী গ্ৰেপ্তাৰ
নেচনেল ডেস্ক, ৯মাৰ্চঃ স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি দেওবাৰে উৰিষ্যা আৰক্ষীৰ অপৰাধ দমন শাখাৰ বিশেষ টাস্ক ফ’ৰ্চৰ সদস্যই ১০ জন বাংলাদেশী লোকক উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰ ৰে’ল ষ্টেচনত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ।
আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ সদস্যই গ্ৰেপ্তাৰ কৰা ১০ জন বাংলাদেশীৰ ভিতৰত আছে ৬ জন পুৰুষ, তিনিগৰাকী মহিলা, আৰু এটা শিশু। দেওবাৰে পুৱা ভুৱনেশ্বৰ ৰেলৱে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে তেওঁলোকৰ লগত কোনো বৈধ নথি-পত্ৰ পোৱা নাই বুলি জানিব লৈ দিয়ে। এই লোক কেই গৰাকীয়ে বিগত কিছুদিন ধৰি ভুৱনেশ্বৰ ৰেল ষ্টেচনত আছিল। এই সময়ত এছটিএফে অনুপ্ৰৱেশকাৰী বাংলাদেশীৰ পৰা ৭টা মোবাইল ফোন আৰু কিছু বাংলাদেশী মুদ্ৰা জব্দ কৰে।
উৰিষ্যা আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ধৃত বাংলাদেশীসকলে অসমৰ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। পিছত তাৰ পৰাই তেওঁলোক উৰিষ্যা পায় গৈ।
কেইবা দিন ধৰি ভুৱনেশ্বৰ ৰেল ষ্টেচনত অবৈধভাৱে থকা বাংলাদেশী লোক কেইগৰাকীক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে । উৰিষ্যা আৰক্ষীয়ে জনোৱা মতে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
0 coment rios: