অনলাইন প্ৰেম, সাৱধান !
উৱেভ ডেস্ক, ৯মাৰ্চঃ অনলাইনত অচিনাকি মানুহৰ লগত হোৱা পৰিচয়ৰ পৰিণতি কেতিয়াবা ইমান ভয়াৱহ হ’ব পাৰে তাৰ এক বাস্তৱ উদাহৰণ হ’ল আমেৰিকাৰ ফ্ল’ৰিডা ৰাজ্যৰ এগৰাকী ছোৱালী মিৰাণ্ডা কৰ্চেট (১৬)। অনলাইন এনডিটিভিৰ প্ৰতিবেদন অনুসৰি, তেওঁৰ লগত চিনাকিৰ সূত্ৰে ষ্টিফেন গ্ৰেচ (৩৫) আৰু তেওঁৰ সংগী মিচেল ব্ৰেণ্ডেছে (৩৭) মিৰাণ্ডাক হত্যা কৰে। অনলাইন চিনাকি সূত্রে তেওঁলোকে মিৰাণ্ডাক অপহৰণ কৰিছিল। তাৰ পাছত, চতুৰতাৰে তাইৰ মুখত বল সুমুৱাই দি শ্বাসৰোধ কৰি হত্যা কৰে। এই হত্যা কাণ্ডত তেওঁলোকৰ জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ষ্টিফেন গ্ৰেচ আৰু তেওঁৰ সংগী ব্ৰেণ্ডেছক গ্ৰেপ্তাৰ কৰিছে।
মন কৰিবলগীয়া যে মিৰাণ্ডাই আইতাকৰ লগত গালফপ’ৰ্টত বাস কৰিছিল। ২৪ ফেব্ৰুৱাৰীৰ পৰা তেওঁক বিচাৰি পোৱা নাছিল। পিছত তদন্তকাৰীয়ে জানিব পাৰে যে গ্ৰেচ নামৰ এজন ব্যক্তিয়ে ডেটিং এপৰ জৰিয়তে মিৰাণ্ডাক প্ৰলোভিত কৰিছিল। মিৰাণ্ডাই প্ৰথমবাৰৰ বাবে ১৪ ফেব্ৰুৱাৰীত গ্ৰেচক লগ পাইছিল। তেওঁ চেণ্ট পিটাৰ্ছবাৰ্গৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল। গোটেই দিনটো তাতেই একেলগে কটাইছিল।
তাৰ পিছত গ্ৰেচে মিৰাণ্ডাক আইতাকৰ ঘৰত এৰি থৈ আহে। পিছদিনা মিৰাণ্ডাই গ্ৰেচৰ ঘৰলৈ পুনৰ আহি একেলগে সময় কটায়। এনেদৰে মিৰাণ্ডাই তেওঁলোকৰ লগত প্ৰায় এসপ্তাহ অতিবাহিত কৰে। কিন্তু ২০ ফেব্ৰুৱাৰীত পৰিস্থিতিয়ে নতুন ৰূপ লয়। গ্ৰেচ আৰু ব্ৰেণ্ডেছে মিৰাণ্ডাৰ বিৰুদ্ধে এটি আঙঠি চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিচতে তেওঁলোকৰ মাজত তৰ্ক-বিতৰ্ক আৰম্ভ হয়। কৰ্তৃপক্ষই জনোৱা মতে, মিৰাণ্ডাক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে এসপ্তাহতকৈ অধিক সময় ধৰি আৱদ্ধ কৰি ৰখা হৈছিল। তদন্তত প্ৰকাশ পাইছে যে এই কাল চোৱাত গ্ৰেচ আৰু ব্ৰেণ্ডেছে তেওঁক বাৰে বাৰে প্ৰহাৰ কৰিছিল। এটা সময়ত তেওঁলোকে জোৰকৈ বিলিয়াৰ্ডৰ বল এটা তেওঁৰ মুখত ভৰাই মুখত বান্ধি দিয়ে।
তদন্তকাৰী দলে ধাৰণা কৰে যে ২০ৰ পৰা ২৪ ফেব্ৰুৱাৰীৰ ভিতৰত মিৰাণ্ডাক হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ পিছত গ্ৰেচে তেওঁৰ মৃতদেহটো গাড়ীত লৈ গৈ এটা ঘৰত থৈ আহে। আৰু তাত মৃতদেহটো কেইবাটাও টুকুৰা কৰি কাটি পেলোৱা হয় বুলি তদন্তকাৰী দলটোৱে জানিবলৈ দিয়ে । মৃতদেহৰ কিছু অংশ হিলছব’ৰ’ কাউন্টিৰ ৰাস্কিনৰ এটি ডাম্পষ্টাৰত (বর্জ্য পেলোৱা পাত্র) পেলাই দিয়া হয়। তদন্তৰ পিছত গ্ৰেচৰ বিৰুদ্ধে হত্যা আৰু অপহৰণৰ গোচৰ ৰুজু কৰা হয়। ইফালে শনিবাৰে পুৱা ব্ৰেণ্ডেছে আত্মসমৰ্পণ কৰে। তেওঁৰ বিৰুদ্ধে একেটা গোচৰ ৰুজু কৰা হৈছিল।

0 coment rios: