উপাসা ফুকনৰ অকাল মৃত্যু, কেনেকৈ ঘটিল এই দুৰ্ঘটনা?
বি. চি ডেস্ক, ৩০মাৰ্চঃ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ কন্যা উপাসা ফুকনৰ ৰহস্যজনক মৃত্যু ঘটিছে। গুৱাহাটী মহানগৰীৰ খাৰঘূলিস্থ বাসগৃহৰ ছাঁদৰ পৰা পৰি তেওঁ মৃত্যুক সাৱটি লয়। এই ঘটনা দেওবাৰে পুৱা ৭.৫৫ বজাত সংঘটিত হয় আৰু সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, ঘৰৰ দ্বিতীয় মহলাৰ
ছাঁদৰ পৰা পিছলি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। সেই সময়ত ঘৰত তেওঁৰ মাতৃ
ইন্দিৰা ফুকন উপস্থিত আছিল। উপাসা ফুকন আছিল ভৃগু ফুকনৰ একমাত্ৰ কন্যা।
ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী উপস্থিত
হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই মৃত্যু দুৰ্ঘটনা নে
আত্মহত্যা, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে
মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ভৃগু ফুকন অসম আন্দোলনৰ অন্যতম মুখ
আছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল আৰু অসম চুক্তি স্বাক্ষৰ কৰা
৪ গৰাকী নেতাৰ অন্যতম আছিল। ১৯৮৫ চনত অসম গণ পৰিষদ চৰকাৰ গঠন হোৱাৰ পাছত তেওঁ অসমৰ
গৃহমন্ত্ৰী হৈছিল। ২৯ বছৰ বয়সতে তেওঁ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, যি অসমৰ ইতিহাসত এক
অভিলেখ।
তেওঁ ১৯৮৫ চনৰ পৰা ২০০৪ চনলৈ ৰাজনীতিত
বহুত উত্থান-পতন দেখিছিল। জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা তিনিবাৰ বিধায়ক হোৱা
ভৃগু ফুকনৰ মৃত্যু হয় ২০০৬ চনৰ ২০ মাৰ্চত।
এই আকস্মিক ঘটনাই পুনৰ এক শোকৰ ছাঁ
পেলাইছে পৰিয়ালটোত। আৰক্ষীৰ তদন্তৰ পাছতহে উপাসা ফুকনৰ মৃত্যুৰ প্রকৃত কাৰণ পোহৰলৈ
আহিব।
0 coment rios: