ভূমিকম্পত বিধ্বস্ত ম্যানমাৰলৈ সাহায্য আৰু উদ্ধাৰকাৰী দল লৈ দৌৰিছে চুবুৰীয়া দেশসমূহ
বি. চি. উৱেভ ডেস্ক, ৯মাৰ্চঃ ভাৰতে যুদ্ধ জাহাজ আৰু বিমান ভৰাই ভূমিকম্পত বিধ্বস্ত ম্যানমাৰলৈ সাহায্য আৰু উদ্ধাৰ কৰ্মী প্ৰেৰণ কৰিছে। চীন, ছিংগাপুৰ আৰু থাইলেণ্ডৰ পৰাও সহায়ৰ হাত আগবঢ়াইছে ।
যোৱা শুকুৰবাৰে ৭.৭ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পই কঁপাইছিল ম্যানমাৰ। ঘৰ, মছজিদ, পেগোডাকে ধৰি বহু অট্টালিকা ভাঙি তচ-নচ হৈ গৈছে। ম্যানমাৰৰ জন্টা চৰকাৰে এতিয়ালৈকে ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬০০ৰো অধিক হোৱা বুলি নিশ্চিত কৰিছে। আৰু প্ৰায় ৩৪০০ লোক আহত হয় বুলি কয়।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ)ৰ অনুমান অনুসৰি ম্যানমাৰত হোৱা প্ৰাবল্যৰ ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ১০ হাজাৰ পৰ্যন্ত হ’ব পাৰে। আৰু ক্ষতিৰ পৰিমাণ দেশৰ বাৰ্ষিক বাজেটতকৈও অধিক হ’ব পাৰে।
শুকুৰবাৰৰ ভূমিকম্পটো ম্যানমাৰত যোৱা কিছু বছৰত সংঘটিত হোৱা আটাইতকৈ মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্পত বহু অৱকাঠামো ভাঙি গৈছে। য’ত বিমানবন্দৰ, ঘাইপথ আৰু দলং অন্তৰ্ভুক্ত। ৰাষ্ট্ৰসংঘই জনাইছে যে ভূমিকম্পৰ পিছত তাত উদ্ধাৰ অভিযান অতি লাহে লাহে আগবাঢ়িছে।
ভাৰত, চীন, থাইলেণ্ডে প্ৰয়োজনৰ সময়ত নিজৰ চুবুৰীয়া দেশখনলৈ সহায়ৰ হাত আগবঢ়াইছে। এই তিনিখন দেশে ম্যানমাৰলৈ সাহায্য আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। মালয়েছিয়া, ছিংগাপুৰ আৰু ৰাছিয়াৰ পৰাও সাহায্য আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
কালি অৰ্থাৎ শনিবাৰে একাধিকবাৰ ভাৰতীয় সামৰিক বিমান ম্যানমাৰ লৈ যায়। ভাৰতৰ সাহায্য আৰু উদ্ধাৰ কৰ্মীকো সাগৰীয় পথেৰে নয়পিডাউলৈ প্ৰেৰণ কৰা হৈছে।
ম্যানমাৰৰ ভূমিকম্পৰ ফলত সৰ্বাধিক ক্ষতিসাধন হৈছে ছাগাইং অঞ্চলৰ মাণ্ডালে চহৰত। ভূমিকম্পৰ ফলত ৰাজধানী নেইপিডাউতো বহু ক্ষতিসাধন হয়।
ভাৰতীয় সেনাই মণ্ডলয়ত স্থাপন কৰিব এখন অস্থায়ী চিকিৎসালয়। ভাৰতীয় নৌসেনাৰ দুখন জাহাজে সাহায্য সামগ্ৰী লৈ ম্যানমাৰৰ বাণিজ্যিক ৰাজধানী ইয়াংগন অভিমুখে ৰাওনা হৈছে বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰী সুব্ৰামনিয়াম জয়শংকৰে প্ৰকাশ কৰিছে।
উদ্ধাৰ অভিযান চলাবলৈ চীনৰ পৰা একাধিক দল ম্যানমাৰত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। এই তথ্য ম্যানমাৰত থকা চীনৰ দূতাবাসৰ পৰা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে।
ইয়াৰ উপৰিও ম্যানমাৰৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি দেওবাৰৰ পৰা ছিংগাপুৰৰ পৰা অহা ৭৮ জনীয়া উদ্ধাৰকাৰী দলে মাণ্ডেলেত উদ্ধাৰ অভিযান আৰম্ভ কৰে। সেই দলটোত উদ্ধাৰকাৰী কুকুৰো আছে আছে বুলি এই তথ্যত প্ৰকাশ ।
0 coment rios: