আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসমঃ বেদখলৰ কৱলত অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি
বি. চি ডেস্ক, ৫মাৰ্চঃ অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মাজত সীমা বিবাদ কোনো নতুন কথা নহয়। এই বিবাদ বহু বছৰ ধৰি চলি আহিছে, যাৰ ফলত অসমৰ বহু মূল্যবান ভূমি অন্য ৰাজ্যৰ দখললৈ গৈছে। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো, এতিয়াও চুবুৰীয়া ৰাজ্যসমূহৰ দখলত আছে অসমৰ ৮২,৭৫২ হেক্টৰৰও অধিক ভূমি। অসম চৰকাৰৰ তথ্য অনুসৰি, এই ভূমি নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰামৰ দখলত আছে।
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সপ্তম দিনা, বিধায়ক ৰেকিবুদ্দিন আহমেদে এই বিষয়ে প্ৰশ্ন উত্থাপন কৰে। সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই উত্তৰ প্ৰদান কৰি কয় যে, অসম চৰকাৰে এই সমস্যাৰ সমাধানৰ বাবে ইতিমধ্যে যথেষ্ট পদক্ষেপ লৈছে, কিন্তু চুবুৰীয়া ৰাজ্যসমূহৰ সতৰ্কতা আৰু আলোচনা প্ৰক্ৰিয়াৰ মন্থৰ গতিয়ে সমস্যা সমাধানত বাধা দি আহিছে।
সীমান্ত বিবাদৰ মূলত আছে ব্রিটিছ শাসনকালৰ সময়ৰ ভুল সীমানা নিৰ্ধাৰণ। এই সীমাৰ ওপৰত চৰ্চা নথকাৰ ফলত স্বাধীনতাৰ পিছৰ পৰাই বিভিন্ন ৰাজ্যৰ মাজত ভূমি সংক্রান্তীয় সমস্যাৰ সৃষ্টি হৈছে। বিশেষকৈ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, আৰু মিজোৰামে অসমৰ বহু ঠাই দখল কৰি ৰাখিছে।
অৰুণাচল প্ৰদেশে ১৬,১৪৪.০১১৭ হেক্টৰ, নাগালেণ্ডে ৫৯,৪৯০.২১ হেক্টৰ, মেঘালয়ে ৩,৪৪১.৮৬০১ হেক্টৰ আৰু মিজোৰামে ৩,৬৭৭ হেক্টৰ ভূমি দখল কৰি আছে। এই ভূমিবোৰ অসমৰ শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, গোলাঘাট, কাছাৰ, কামৰূপ, দক্ষিণ শালমাৰা মানকাচৰ, আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্ভুক্ত।
সীমা বিবাদ সমাধানৰ উদ্দেশ্যে অসম চৰকাৰে বিভিন্ন আলোচনাৰ উদ্যোগ লৈ আহিছে। মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সৈতে চৰকাৰে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ২০২২ চনৰ ২৯ মাৰ্চত নতুন দিল্লীত ছটা বিবাদিত অঞ্চলৰ সমস্যা সমাধানৰ বাবে চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তিৰ ফলত ছয়টা এলেকাত কিছু অগ্ৰগতি হৈছে, যদিও বাকী ছয়টাৰ আলোচনা অব্যাহত আছে।
অসম-মিজোৰাম আৰু অসম-নাগালেণ্ড সীমান্ত সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ লৈ আগবাঢ়িছে। ইয়াৰ উপৰি, অঞ্চলভিত্তিক কমিটী গঠন কৰি ক্ষেত্ৰ ভিত্তিক তথ্য সংগ্ৰহ কৰি সমস্যা সমাধানৰ পথ বিচৰা হৈছে বুলি জানিবলৈ দিয়ে।
অসম চৰকাৰে সীমান্ত সংলগ্ন অঞ্চলসমূহৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ধুবুৰীত জলবন্দৰ, সূতাৰকান্দি আৰু মানকাচৰত স্থলবন্দৰ, আৰু দৰংগাত স্থলবন্দৰ স্থাপন কৰা হৈছে। ভাৰত-বাংলাদেশ আৰু ভাৰত-ভূটান সীমান্তত উন্নয়নমূলক কাম-কাজ চলি আছে, যাৰ ফলত অসমৰ বাণিজ্যিক বৃদ্ধি সম্ভৱ হ’ব।
অসম চৰকাৰে আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধানৰ ক্ষেত্ৰত এক সুদৃঢ় স্থিতি গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উচ্চস্তৰীয়া আলোচনাসভা অনুষ্ঠিত হৈ আহিছে। বিভিন্ন চৰকাৰী প্ৰতিনিধি আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ জৰিয়তে সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ চেষ্টা অব্যাহত আছে। তথাপিও, চুবুৰীয়া ৰাজ্যসমূহৰ সহযোগিতা অবিহনে এই সমস্যাৰ স্থায়ী সমাধান সম্ভৱ নহ’ব।
0 coment rios: