Friday, March 7, 2025

অসমৰ একাংশ বুদ্ধিজীৱী সাংঘাতিক ধৰণে কংগ্ৰেছপন্থী: অখিল গগৈ

 অসমৰ একাংশ বুদ্ধিজীৱী সাংঘাতিক ধৰণে কংগ্ৰেছপন্থী: অখিল গগৈ

বি. চি ডেস্ক, ৬মাৰ্চঃ অসমৰ বিজেপি বিৰোধী একাংশ বুদ্ধিজীৱীক সাংঘাতিক কংগ্ৰেছপন্থী বুলি আখ্যা দিয়ে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মঙলবাৰে ৰাজ্যৰ বিজেপি বিৰোধী একাংশ বুদ্ধিজীৱীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়কগৰাকী। তেওঁ কয়, "অসমৰ ৰাজনীতিত বুদ্ধিজীৱীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ, কিন্তু যদি কোনো ব্যক্তি নিৰপেক্ষতা হেৰুৱাই কোনো এটা দলৰ প্ৰতি অতিপ্ৰিয়তা দেখুৱায়, তেন্তে সেই বিষয়টো চৰ্চা কৰিব লগীয়া হয়।"

২০২৬ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইৰ নেতৃত্বত কংগ্ৰেছ আৰু আন বিজেপি বিৰোধী ৰাজনৈতিক দলক একত্ৰিত কৰিবলৈ কেইদিনমান পূৰ্বে এখন সভা অনুষ্ঠিত হৈ যায়। সভাত অংশগ্ৰহণ কৰি বিভিন্ন দলৰ নেতা-নেত্ৰীয়ে ভৱিষ্যতৰ ৰাজনৈতিক কৌশল সন্দৰ্ভত মত বিনিময় কৰে। যত কংগ্ৰেছৰ লগত অখিল গগৈৰ প্ৰত্যক্ষ সংঘাত দেখা গৈছিল।আৰু সভাৰ পৰিৱেশ উত্তপ্ত হৈ পৰিছিল, 'ত কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ সভাৰ মাজতে অগ্নিশৰ্মা হৈ ওলাই গৈছিল। এ পি চি চিৰ সভাপতি ভূপেন বৰাই সভাৰ পিছদিনাই 'একলা চলোনীতিৰে আগবঢ়াৰ ইংগিত দি মন্তব্য কৰিছিল।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰাজ্যৰ এখন আগশাৰীৰ বাতৰি কাকতত অখিল গগৈক লৈ ড৹ হীৰেন গোঁহাইৰ এক মন্তব্য প্ৰকাশ পায়। যত ড৹ গোঁহাইয়ে উল্লেখ কৰিছিল যে, “অখিলৰ গতিবিধি বুজি নাপাও।তেওঁৰ এই মন্তব্যৰ পিচৰে পৰা ৰাজনৈতিক মহলত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

ড৹ হীৰেন গোঁহাইৰ অখিল গগৈৰ ৰাজনৈতিক গতিবিধিৰ ওপৰত সংবাদ মাধ্যমত সন্দেহ কৰি কৰা মন্তব্যৰ পাছতেই অখিল গগৈয়ে সামাজিক মাধ্যম ফেচবুকত বৃহস্পতিবাৰে পুৱা কেইবা বাৰো সংশোধন কৰি শেষত লিখে যে, “বুদ্ধিজীৱী নিৰপেক্ষ হব লাগে। নহলে ফলাফল শূন্য।অখিল গগৈয়ে কাৰো নাম উল্লেখ নকৰিলেও ড৹ গোঁহাইৰ কথাকেই যে এই মন্তব্যত কোৱা সেই কথা বুজাই বুজিবলৈ বাকী নাথাকিল। এই মন্তব্যৰ পাছত বিজেপি-বিৰোধী শিবিৰত এক উত্তেজনাৰ সৃষ্টি হয়।

তাৰ পাছতেই দিছপুৰত ড৹ হীৰেন গোঁহায়ে তেঁওৰ গতিবিধিক লৈ কৰা মন্তব্য প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে এই বিস্ফোৰক মন্তব্যটো আগবঢ়াই। ড° গোঁহাইৰ নাম উল্লেখ নকৰিলেও অখিল গগৈয়ে বিজেপি বিৰোধী বুদ্ধিজীৱীক উদ্যেশিঅসমৰ একাংশ বুদ্ধিজীৱী সাংঘাতিকধৰণে কংগ্ৰেছপন্থী বুদ্ধিজীৱী বুলি কৈ দিয়ে।

এই প্ৰসংগত অখিল গগৈৰ কয়, “গোঁহাই ছাৰে যদি কৈছে মই নাজানো। কিন্তু আমি ভাবো যে বিজেপি বিৰোধী একাংশ বুদ্ধিজীৱী সাংঘাতিকভাৱে কংগ্ৰেছপ্ৰেমী। সেইকাৰণে মনটো অলপ বেয়া লাগে। আমিতো সদায় ঐক্য মঞ্চৰ পক্ষত। আমি বুজি পালোঁ যে একাংশ লোক নিৰপেক্ষ হৈ থাকিব পৰা নাই। এই বিষয়ত আমি একো নকও বুলি কালিয়েই আমাৰ দলে সিদ্ধান্ত লৈছে। যি কব নিৰ্দিষ্ট লোকে কব। যদি কোনোবাই বেলেগকৈ উত্তৰ দিয়ে তেন্তে তেওঁলোকে নিজকে চিকুট মাৰি চাব লাগে যে তেওঁলোক কাৰ পক্ষত?”

ড৹ হীৰেন গোঁহাই, নাগৰিক সমাজ আৰু বিজেপি বিৰোধী ঐক্যমঞ্চ গঠনৰ প্ৰচেষ্টাৰ লগতে অখিল গগৈ আৰু ড৹ গোঁহাইৰ বিৰোধৰ প্ৰসংগই এটা ইংগিত বহন কৰে যে বিধায়ক অখিল গগৈ আৰু অসম কংগ্ৰেছৰ মাজৰ বিভেদ দিনক দিনে স্পষ্ট হৈ আহিছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সদ্ভাৱ যে নাথাকিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। আনহাতে, কিছু ৰাজনৈতিক বিশ্লেষকে কয় যে এই বিৰোধিতাৰ পাছতো অন্তিম সময়ত বিজেপি-বিৰোধী শিবিৰত কোনো বৃহৎ ঐক্য সম্ভৱ হব পাৰে। আগন্তুক দিনত এই ৰাজনৈতিক কৌশল কেনেকৈ আগবাঢ়ে, সেয়া সময়হে কব পাৰিব।

এই সমগ্ৰ ঘটনাক লৈ এখন বিশেষ আলোচনাসভাও অনুষ্ঠিত হয়, 'ত বিজেপি বিৰোধী বিভিন্ন দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰে। আলোচনাসভাত ৰাজনৈতিক পৰিৱেশ আৰু আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপি বিৰোধী ঐক্য স্থাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোকপাত কৰা হয়। এই আলোচনাৰ অংশ হিচাপে কেইবাজনো বিশিষ্ট বুদ্ধিজীৱীয়ে নিজস্ব মতামত আগবঢ়ায়, ত কংগ্ৰেছৰ প্ৰতি কিছুমান কৰণীয় দায়ত্বৰ কথা প্ৰকাশ পায়।

বিভিন্ন ৰাজনৈতিক মহলে এই সংঘাতক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ফেক্টৰ হিচাপে বিবেচনা কৰিছে। বিশেষকৈ, অখিল গগৈ আৰু কংগ্ৰেছৰ মাজৰ এই মতানৈক্য বিজেপি বিৰোধী ভোট ভাগ কৰাৰ সম্ভাৱনাক অধিক দৃঢ় কৰিছে। এনে পৰিস্থিতিত, যদি কোনো ৰাজনৈতিক বুজাপৰা নহয়, তেন্তে বিজেপিৰ বাবে ই অধিক লাভজনক হব পাৰে।

এই ক্ষেত্ৰ কব পাৰি যে এই বিষয়টোৰ ওপৰত অহা দিনবোৰত আৰু বিভিন্ন চিন্তা- চৰ্চা চলিব। বিজেপি-বিৰোধী শক্তিবোৰ কেতিয়া আৰু কেনেকৈ একত্ৰিত হয়, তাৰ ওপৰত নিৰ্ভৰ কৰিব ২০২৬ চনৰ নিৰ্বাচনৰ সামগ্ৰিক ফলাফল।

 


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: